ETV Bharat / politics

ভাৰতক ছুপাৰ পাৱাৰ হিচাপে গঢ়ি তুলিবলৈ ঐশ্বৰিক শক্তিয়ে মোক সহায় কৰিছে: প্ৰধানমন্ত্ৰী মোদী - Interview with Narendra Modi

author img

By ETV Bharat Assamese Team

Published : May 5, 2024, 8:15 PM IST

INTERVIEW WITH NARENDRA MODI
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ইনাডুৰ সম্পাদক এম নাগেশ্বৰ ৰাওৰ বিশেষ সাক্ষাৎকাৰ (Photo: Eenadu)

Interview with PM Modi: কিমান সময় কাম কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ? পুৱা কেই বজাত শুৱাৰ পৰা উঠে প্ৰধানমন্ত্ৰীগৰাকী ? তৃতীয়টো কাৰ্যকালৰ প্ৰথম 100 দিনত কি কৰিব ? ইনাডুৰ সম্পাদক এম নাগেশ্বৰ ৰাওৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশেষ সাক্ষাৎকাৰ...

নতুন দিল্লী, 5 মে’: তৃতীয়বাৰৰ বাবে বিজেপি শাসনলৈ অহাৰ পিচত প্ৰথম ১০০ দিনত কি কি প্ৰকল্প আৰম্ভ কৰা হ'ব তাৰ পৰিকল্পনা কৰি থকা হৈছে । চলিত লোকসভা নিৰ্বাচনত নিশ্চিত বিজয়ৰ আত্মবিশ্বাস প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনায় এই কথা ৷

উল্লেখ্য যে ৭ মে'ত অনুষ্ঠিত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ সাধাৰণ নিৰ্বাচনৰ ইনাডুৰ সম্পাদক এম নাগেশ্বৰ ৰাওৰ সৈতে এক বিশেষ সাক্ষাৎকাৰত মিলিত হয় প্ৰধানমন্ত্ৰী মোদী ৷ সমগ্ৰ সাক্ষাৎকাৰটোত দেখা গ’ল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এই নিৰ্বাচনতো নিশ্চিত বিজয়ৰ ওপৰত বিশ্বাসী ৷ সাক্ষাৎকাৰটোত তেওঁ যোৱা ১০ বছৰ কাৰ্যকালত বিজেপি চৰকাৰৰ সাফল্যৰ খতিয়ান দাঙি ধৰে ।

প্ৰধানমন্ত্ৰীগৰাকীৰ দিল্লীস্থিত বাসভৱনত হোৱা সাক্ষাৎকাৰটোত কয় যে তেওঁৰ লক্ষ্য হৈছে দেশৰ ১৪০ কোটি লোকৰ বিশ্বাস জয় কৰা । বিজেপি কাৰ্যকালৰ প্ৰথম পাঁচ বছৰত কংগ্ৰেছ চৰকাৰে খন্দা গাঁতবোৰ পুতিবলগীয়া হোৱা বুলি উল্লেখ কৰি তাৰ পিচতহে বিশ্বৰ মঞ্চত দেশক প্ৰতিষ্ঠা কৰাৰ দিশত আগবঢ়া বুলি মন্তব্য কৰে ৷

ভগৱানৰ আশীৰ্বাদ :

দেশবাসীৰ সেৱাত নিজকে উৎসৰ্গিত কৰা বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ৷ ১৪০ কোটি ভাৰতীয়ৰ আশা আৰু আকাংক্ষা পূৰণৰ দায়িত্ব লাভ কৰাটো ঈশ্বৰৰ আশীৰ্বাদ বুলি তেওঁ বিবেচনা কৰা বুলিও মন্তব্য কৰে ৷

প্ৰধানমন্ত্ৰীগৰায়ে কয়, ‘‘ মই প্ৰায়ে অনুভৱ কৰোঁ যে ভাৰত মহাশক্তি হোৱাত সহায় কৰিবলৈ মোৰ জৰিয়তে কোনো ঐশ্বৰিক শক্তিয়ে কাম কৰি আছে । এই চিন্তাই মোক প্ৰতিদিনে অধিক মনোযোগ আৰু নিষ্ঠাৰে কাম কৰিবলৈ অনুপ্ৰাণিত কৰে । চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ ফলত ২৫ কোটি দৰিদ্ৰ লোকে উন্নত জীৱন-যাপন কৰিবলৈ সক্ষম হৈছে ৷’’

ভাৰত, এক ডিজিটেল সমৃদ্ধ অৰ্থনীতি:

প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ চৰকাৰৰ সফলতাৰ দিশসমূহ উল্লেখ কৰি প্ৰত্যক্ষ নগদ ধন স্থানান্তৰ ব্যৱস্থা ৰূপায়ণ আৰু ৩৭০ অনুচ্ছেদ বাতিলৰ প্ৰসংগ দাঙি ধৰে । তেওঁ কয়, ‘‘এই নগদ ধন স্থানান্তৰ ব্যৱস্থাৰ দ্বাৰা আমি ৩.৫ লাখ কোটি টকাৰ দুৰ্নীতি নিৰ্মূল কৰিবলৈ আৰু হিতাধিকাৰীসকলক চৰকাৰী আঁচনি প্ৰদান কৰিবলৈ সক্ষম হৈছো । যেতিয়া আমি ডিজিটেল পে’মেণ্টৰ ব্যৱস্থা কৰিছিলো তেতিয়া আমাক উপহাস কৰা হৈছিল, কিন্তু এতিয়া ভাৰত ডিজিটেলভাৱে সমৃদ্ধ অৰ্থনীতিলৈ উন্নীত হৈছে । ২০২৩ চনত উচ্চতম ন্যায়ালয়ে সংবিধানৰ ৩৭০ অনুচ্ছেদৰ অধীনত জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যাদা বাতিল কৰি কেন্দ্ৰৰ পদক্ষেপক সমৰ্থন জনাইছিল ৷’’

তৃতীয় কাৰ্যকালৰ পৰিকল্পনা :

বিজেপিৰ নেতৃত্বত তৃতীয়বাৰৰ বাবে কেন্দ্ৰত চৰকাৰ হ'লে তেওঁৰ পৰিকল্পনাৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন সম্পূৰ্ণ উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে । প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘ আমি তৃতীয়বাৰৰ বাবে ক্ষমতা লাভ কৰাৰ প্ৰথম ১০০ দিনৰ ভিতৰত এই লক্ষ্যত উপনীত হোৱাৰ বাবে কাম আৰম্ভ কৰিম । মই অতি কমসংখ্যক প্ৰধানমন্ত্ৰীৰ মাজৰ এজন, যাৰ মুখ্যমন্ত্ৰী হিচাপেও যথেষ্ট অভিজ্ঞতা আছে । মই ৰাজ্যসমূহে কি বিচাৰে সেয়া বুজিবলৈ সক্ষম ৷’’

ভাৰতক 5-ট্ৰিলিয়ন ডলাৰ অৰ্থনীতি হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত:

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, ‘‘যি সময়ত বিশ্বৰ কেবাখনো দেশে মুদ্ৰাস্ফীতিৰ প্ৰভাৱ বহন কৰি আছে, তেনে সময়ত আমি এক উন্নত অৱস্থাত আছোঁ ৷ ই আমাৰ অনন্য বিকাশৰ প্ৰত্যক্ষ আৰু প্ৰভাৱশালী লক্ষণ । আমি পৃথিৱীৰ যিকোনো উন্নত দেশতকৈ দ্ৰুত গতিত আগবাঢ়ি গৈ আছো । যোৱা 10 বছৰত, আমি ক’ভিড আৰু ভূ-ৰাজনৈতিক সমস্যাৰ সৈতে মোকাবিলা কৰিও মুদ্ৰাস্ফীতি গড়ে 5 শতাংশলৈ সীমিত কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছোঁ ৷’’

স্বাস্থ্য আৰু সুস্বাস্থ্যৰ সন্দৰ্ভত:

প্ৰধানমন্ত্ৰীগৰাকীক যেতিয়া এদিনত তেওঁ কিমান ঘণ্টা কাম কৰে বুলি সোধা হৈছিল, তেতিয়া প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তেওঁ কেতিয়াও কিমান সময় কাম কৰে তাৰ হিচাপ নাৰাখে ৷ কাম আৰু বিশ্ৰামৰ মাজত পাৰ্থক্য আছে বুলি তেওঁ বিশ্বাস নকৰে ৷

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘‘ মই এনে এজন ব্যক্তি নহয় যিয়ে এদিনত কিমান ঘণ্টা কাম কৰিছো তাৰ হিচাপ ৰাখে । মই এতিয়াও কিছুমান অভ্যাস অনুসৰণ কৰোঁ যিবোৰ মই কম বয়সতে শিকিছিলো । হিমালয়ত কটোৱা দিনবোৰত, মই ব্ৰহ্মা মুহুৰ্তত উঠি স্নান কৰিছিলো । তেতিয়াৰ পৰা মই সেই অভ্যাস অব্যাহত ৰাখিছো । মই নিয়মীয়াকৈ যোগ আৰু ধ্যান কৰোঁ । মই এঘণ্টাৰ বাবেও শুব নোৱাৰো । মোৰ জীৱনত কাম আৰু বিশ্ৰামৰ মাজত কোনো পাৰ্থক্য নাই । মই কামৰ মাজতে বিশ্ৰাম বিচাৰি পাওঁ ৷’’ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ব্ৰহ্ম মুহুৰ্ত হৈছে পুৱা 4 বজাৰ পৰা পুৱা 5:30 বজাৰ ভিতৰৰ সময়খিনি ৷ হিন্দু ধৰ্মত সেই সময়খিনিক দিনটোৰ এক শুভ সময় বুলি গণ্য কৰা হয় ।

এই পৰ্যন্ত লক্ষ্যত উপনীত হোৱা দিশসমূহ:

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ক্ষমতালৈ অহাৰ পিচত তেওঁ নিশ্চিত হয় যে কৰ্ম সংস্কৃতিত ইতিবাচক পৰিৱৰ্তন ঘটিছে ৷ যাৰ ফলত জনসাধাৰণে চৰকাৰৰ ওপৰত বিশ্বাস ৰাখিছে আৰু চৰকাৰৰ ওপৰত বিশ্বাস ৰাখিলে তেওঁলোকৰ সমস্যাৰ সমাধান হ’ব ৷

মোদীয়ে কয়, ‘‘আমাৰ প্ৰচেষ্টাৰ ফলত প্ৰায় চাৰি কোটি পৰিয়ালে এখন ঘৰ পাইছে । 'ইজ্জতগড়'ৰ নামত নিৰ্মাণ কৰা শৌচালয়সমূহে মহিলাসকলৰ সন্মান ৰক্ষা কৰিছে । প্ৰতিটো পৰিয়ালে এতিয়া বিশুদ্ধ খোৱাপানীৰ সুবিধা পাইছে । ৰন্ধন গেছৰ সংযোগ প্ৰদানৰ ফলত ১১ কোটি মহিলাই উশাহত মাৰাত্মক ধোঁৱা গ্ৰহণ নকৰাকৈ স্বাস্থ্যকৰ পৰিৱেশত ৰান্ধিবলৈ সক্ষম হৈছে । মই কোনো ক্ষেত্ৰতে সহজে সন্তুষ্ট নহও । মই সদায় অধিক পৰিশ্ৰমৰ বাবে চেষ্টা কৰোঁ ৷’’

এটা দশকত দেশৰ পৰিৱৰ্তন :

এই নিৰ্বাচনত চৰকাৰৰ বিগত কাৰ্যকালৰ প্ৰদৰ্শনৰ ভিত্তিত ভোট লাভ কৰিব নেকি বুলি সোধা হৈছিল প্ৰধানমন্ত্ৰীগৰাকীক ৷ সেই সন্দৰ্ভত মোদীয়ে কয় যে দেশৰ জনসাধাৰণে চৰকাৰৰ কঠোৰ পৰিশ্ৰম আৰু ট্ৰেক ৰেকৰ্ড দেখিছে ৷ এটা দশকত দেশখন কেনেদৰে পৰিৱৰ্তন হৈছে সেয়া জনসাধাৰণে লক্ষ্য কৰিছে ।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় ‘‘আমি বিশ্বৰ গণতন্ত্ৰৰ আটাইতকৈ ডাঙৰ উৎসৱৰ আয়োজন কৰিছো ৷ মই নিশ্চিত যে জনসাধাৰণে এই চৰকাৰখন পুনৰ ক্ষমতালৈ অহাটো বিচাৰিব । তেওঁলোকে বিশ্বাস কৰে যে ২০৪৭ চনৰ ভিতৰত উন্নত ভাৰতৰ লক্ষ্যপ্ৰাপ্ত কৰিবলৈ আমি দেশক আগুৱাই নিম ৷’’

লগতে পঢ়ক: প্ৰধানমন্ত্ৰী মোদীক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাত নিষেধাজ্ঞা আৰোপ কৰাৰ দাবী নাকচ উচ্চ ন্যায়ালয়ৰ

এখন নথিৰ পৰা আঁতৰাই দিয়া হ'ল প্ৰধানমন্ত্ৰী মোদীৰ ফটো; কিন্তু কিয় ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.