কংগ্ৰেছৰ সংবাদমাধ্যক বৰ্জন সাংঘাতিক অপৰিপক্ক, আত্মঘাতী সিদ্ধান্ত: অতুল বৰা - Lok sabha election 2024
কংগ্ৰেছ ক্ষমতাত থাকোতে কি কৰিছিল-নকৰিছিল সেয়া অসমৰ মানুহৰ স্মৃতিৰ পৰা এতিয়াও মাৰ যোৱা নাই ৷ কংগ্ৰেছে সংবাদমাধ্যক বৰ্জন কৰাটো সাংঘাটিক ধৰণৰ এক অপৰিপক্ক, আত্মঘাতী সিদ্ধান্ত ৷ এই মন্তব্য মন্ত্ৰী অতুল বৰাৰ ৷

Published : April 11, 2024 at 3:48 PM IST
গোলাঘাট, 11 এপ্ৰিল : নৱগঠিত কাজিৰঙা লোকসভা সমষ্টি দখলৰ বাবে এতিয়া দিনে-নিশাই প্ৰচাৰত ব্যস্ত বিজেপিৰ লগতে মিত্ৰদল অগপ ৷ সমষ্টিটো দখলৰ বাবে বিজেপি মিত্ৰজোঁটে আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে ৷ সমষ্টিটোৰ ঠায়ে ঠায়ে বিজেপিৰ লগতে ধাৰাবাহিক প্ৰচাৰ অব্যাহত ৰাখিছে অসম গণ পৰিষদ দলে ৷ বুধবাৰে নিশা গোলাঘাট জিলাৰ হাতীয়েখোৱা উদয়ণ সাংস্কৃতিক মঞ্চৰ সভাগৃহত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি কৃষি মন্ত্ৰী তথা অগপৰ সভাপতি অতুল বৰাই কংগ্ৰেছ দলক সমালোচনা কৰি কংগ্ৰেছ এতিয়া মৃতপ্ৰায়, দৈনিক কংগ্ৰেছ দলৰ পৰা মানুহ গৈয়েই আছে বুলি কয় ৷
মন্ত্ৰী বৰাই কয় যে, কংগ্ৰেছ নতুন দল নহয়, তেওঁলোক দীৰ্ঘদিন ক্ষমতাত আছে ৷ তেওঁলোকে ক্ষমতাত থাকোতে কি কৰিছিল-নকৰিছিল সেয়া অসমৰ মানুহৰ স্মৃতিৰ পৰা এতিয়াও মাৰ যোৱা নাই বুলি কয় তেওঁ ৷ লগতে প্ৰদেশ কংগ্ৰেছে অসমৰ দুটা সংবাদ মাধ্যক বৰ্জন কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি অগপৰ সভাপতিজনে কয় যে, এইবিলাক পতনৰ লক্ষণ ৷ নিৰ্বাচনৰ সময়ত সংবাদমাধ্যক বৰ্জনক কৰিব এয়া সাংঘাতিক ধৰণৰ এক অপৰিপক্ক, আত্মঘাতী সিদ্ধান্ত ৷ তেওঁলোক হতাশাত, নিৰাশাত ভুগিছে ৷ তেওঁলোকে দেখিছে য়ে, ৰাইজ তেওঁলোকৰ লগত নাই ৷ গতিকে এই কামবিলাকৰ পৰা কংগ্ৰেছৰ পতন অনিবাৰ্য বুলি স্পষ্ট হৈ পৰিছে বুলি উল্লেখ কৰে মন্ত্ৰী অতুল বৰাই ৷
বুধবাৰে অনুষ্ঠিত হোৱা এই নিৰ্বাচনী সভাত অগপ গোলাঘাট জিলা সমিতিৰ সভাপতি ড৹ নৃপেন বৰুৱা, সাধাৰণ সম্পাদক আচিকুৰ ৰহমান, বিমান গগৈ, দেৰগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ভবেন্দ্ৰ নাথ ভৰালী, দেৰগাঁও বিধানসভা সমষ্টিৰ সভাপতি প্ৰশান্ত ফুকন, অগপ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি নুৰুল চুলতান, কেন্দ্ৰীয় যুৱ পৰিষদৰ সভাপতি জিতু বৰগোহাঁই, উপ-সভাপতি মনচোম বৰা, সাধাৰণ সম্পাদক বিশ্বজিৎ গগৈ, বোকাখাত সমষ্টিৰ সভাপতি জগত কলিতা, মহিলা পৰিষদৰ সভাপতি ধৰিত্ৰী বড়ো আদিকে ধৰি ভালেসংখ্যক দলীয় নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷
লগতে পঢ়ক : জাহাজৰ পৰা ওলাই পদুমলৈ হাত মেলিছে সঞ্জীৱ চাংমায়ে - Lok Sabha Election 2024

