ETV Bharat / politics

কংগ্ৰেছ মানেই সূতা-কম্বল-আঁঠুৱা: লুৰীণজ্যোতি গগৈক সসন্মানে ধিক্কাৰ ! - Lok Sabha election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 8, 2024, 4:19 PM IST

Updated : Apr 8, 2024, 5:12 PM IST

BJP Election Campaign
টীয়কত নিৰ্বাচনী প্ৰচাৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ

BJP Election Campaign : কংগ্ৰেছ মানে সূতা-কম্বল-আঁঠুৱা পাৰ্টী বুলি মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ ৷ চাহ বাগিচা অঞ্চলৰ প্ৰায় 90 শতাংশ ভোট বিজেপিয়ে লাভ কৰিব বুলি দাবী কৰে মন্ত্ৰীজনে ৷

কংগ্ৰেছক কটাক্ষ মন্ত্ৰী পীযুষ হাজৰীকাৰ

টীয়ক, 8 এপ্ৰিল : "সূতা-কম্বল-আঁঠুৱা পাৰ্টীক ৰাইজে ভোট নিদিয়ে ৷ কংগ্ৰেছ মানে সূতা-কম্বল-আঁঠুৱা পাৰ্টী ৷" এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ ৷ যোৰহাট লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই টীয়কত এই মন্তব্য মন্ত্ৰীগৰাকীৰ ৷

মন্ত্ৰী হাজৰীকাই কয় যে, ধেমাজি জিলাত 70-80 শতাংশ বান নিয়ন্ত্ৰণ হৈছে ৷ এই কথা তেওঁ দৃঢ়তাৰে ক’ব পাৰে বুলি মন্তব্য কৰে মন্ত্ৰীজনে ৷ তেওঁ কয় যে, লখিমপুৰ, মাজুলীত বান নিয়ন্ত্ৰণ হৈছে ৷ মৰিগাঁৱত 90 শতাংশ বান নিয়ন্ত্ৰণ হৈছে ৷ বিজেপি চৰকাৰে অসমৰ সমস্যাসমূহ নাইকিয়া কৰিব খুজিছে ৷ চৰকাৰে এক লাখ চাকৰি দিলে ৷ কিন্তু কোনেও টকা দি চাকৰি লৈছে বুলি ক’ব নোৱাৰে ৷ এইবিলাকৰ কাৰণেই সূতা-কম্বল পাৰ্টীক ৰাইজে ভোট নিদিয়ে ৷ কংগ্ৰেছ মানে সূতা-কম্বল-আঁঠুৱা পাৰ্টী বুলি মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰীকাই ৷

ইফালে চাহ বাগিচা অঞ্চলৰ প্ৰায় 90 শতাংশ ভোট বিজেপিয়ে লাভ কৰিব বুলি দাবী কৰে মন্ত্ৰীজনে ৷ তেওঁ কয় যে, চাহ বাগিচাত এতিয়া বেলেগ পাৰ্টী নাই ৷ চাহ বাগিচাত এতিয়া কেৱল নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মা আছে বুলি উল্লেখ কৰে তেওঁ ৷ লগতে কংগ্ৰেছে চাহ বাগিচা অঞ্চলক অন্যায় কৰিলে বুলিও অভিযোগ কৰে মন্ত্ৰী পীযুষ হাজৰীকাই ৷

আনহাতে ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈক সমালোচনা কৰে মন্ত্ৰীগৰাকীয়ে ৷ লুৰীণজ্যোতি গগৈক স-সন্মানেৰে ধিক্কাৰ দিয়া বুলি উল্লেখ কৰি তেওঁ কয় যে, ৰাষ্ট্ৰীয়তাবাদৰ লগত কোনোদিন নাথাকে বুলি কৈ লুৰীণজ্যোতি গগৈয়ে ৰাষ্ট্ৰীয়তাবাদী দলৰ লগত সনা-পোটোকা কৰিলে ৷ তেওঁলোকৰ সমৰ্থনত নিৰ্বাচন খেলিলে ৷ যদি সাহস আছে লুৰীণজ্যোতি গগৈয়ে অকলে নিৰ্বাচন খেলি দেখুৱাওক বুলি মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰীকাই ৷

উল্লেখ্য যে, 14 নং যোৰহাট লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ সমৰ্থনত সোমবাৰে মন্ত্ৰী পীযুষ হাজৰীকা টীয়কত উপস্থিত হৈ কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে ৷ এই কাৰ্যসূচীত মন্ত্ৰীগৰাকীক মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, অসম গণ পৰিষদৰ দলৰ সম্পাদক বিকাশ শইকীয়া, ন বিজেপি মানস বৰাকে প্ৰমুখ্য কৰি কেইবাগৰাকীও মিত্ৰজোঁটৰ নেতা উপস্থিত থাকে ৷

লগতে পঢ়ক : অসমত বিৰোধী ঐক্য সফল নোহোৱাত দুখ প্ৰকাশ আপ নেত্ৰী আতিশী মাৰ্লেনাৰ - Lok Sabha Election 2024

Last Updated :Apr 8, 2024, 5:12 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.