ETV Bharat / politics

সংসদীয় নিৰ্বাচনত প্ৰথমবাৰৰ বাবে অৱতীৰ্ণ শোণিতপুৰ সমষ্টিৰ দুই প্ৰাৰ্থীৰ সম্পত্তি কিমান ? - LOK SABHA ELECTIONs

Total movable assets of Premlal Ganju : ভাৰতীয় নিৰ্বাচন আয়োগক দাখিল কৰা শপতনামাত উল্লেখ কৰা অনুসৰি শোণিতপুৰ সমষ্টি কংগ্ৰেছ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুৰ হাতত মাত্ৰ ১ লাখ আৰু পত্নীৰ হাতত ৫০ হাজাৰ টকা আছে৷ ইফালে আম আদমী পাৰ্টীৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যৰ হাতত জমা থকা নগদ ধনৰ পৰিমাণ হৈছে ১৫ লাখ টকা । আনহাতে, তেওঁৰ পত্নীৰ হাতত তিনি লাখ টকা নগদ আছে ।

সংসদীয় নিৰ্বাচনত প্ৰথমবাৰৰ বাবে অৱতীৰ্ণ শোণিতপুৰ সমষ্টিৰ দুই প্ৰাৰ্থীৰ সম্পত্তি কিমান ?
সংসদীয় নিৰ্বাচনত প্ৰথমবাৰৰ বাবে অৱতীৰ্ণ শোণিতপুৰ সমষ্টিৰ দুই প্ৰাৰ্থীৰ সম্পত্তি কিমান ?
author img

By ETV Bharat Assamese Team

Published : March 28, 2024 at 8:17 AM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী, ২৮ মাৰ্চ : দীৰ্ঘ অপেক্ষাৰ অন্তত টিকট লাভ কৰিবলৈ সক্ষম হোৱা শোণিতপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰার্থী প্ৰেমলাল গঞ্জুৰ বিৰুদ্ধে বিশ্বনাথ চি জে এম আদালতত ৮৩/২০১৭ আৰু ১১৩/২০১৭ এন আই এক্টত দুটা গোচৰ ৰুজু হৈ আছে । আনহাতে তেওঁৰ হাতত জমা থকা নগদ ধনৰ পৰিমাণ হৈছে এক লাখ আৰু পত্নীৰ হাতত জমা আছে নগদ ৫০ হাজাৰ টকা ।

শোণিতপুৰৰ কংগ্ৰেছ তথা বিৰোধী ঐক্যমঞ্চৰ প্ৰার্থী গঞ্জুৰ মনোনয়ন পত্ৰৰ সৈতে দাখিল কৰা শপতনামাত এই বিষয়ে উল্লেখ কৰা হৈছে । তথ্য অনুসৰি, পাঞ্জাব নেচনেল বেংকত দুটা একাউণ্ট থকা গঞ্জুৰ এটা ফিক্সড ডিপজিত একাউণ্ট আৰু আনটো ছেভিংছ একাউণ্টত জমা আছে ১ লাখ ৭২ হেজাৰ ২১৬ টকা ।

আনহাতে, এক্সিছ বেংকত জমা আছে ১ লাখ ৭৬ হাজাৰ ৮০৯ টকা । তদুপৰি এছ বি আইত পত্নীৰ নামত থকা একাউণ্টত ১ লাখ ৭৭ হেজাৰ ৪৫৩ টকা জমা আছে । তিনি সন্তানৰ পিতৃ গঞ্জুৰ পৰিবাৰ এগৰাকী শিক্ষয়িত্ৰী । ব্যৱসায়ী গঞ্জুৰ বেগতী টি প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ নামত মুঠ ৯০ হাজাৰ টকাৰ ইকুইটি চেয়াৰ আছে ।

পত্নীৰ নামত আছে পাঁচ হাজাৰ টকাৰ ইকুইটি চেয়াৰ । জীৱন বীমাত থকা সঞ্চয়ৰ বিপৰীতে গঞ্জুৱে আদায় দিব লাগে ৩১ হাজাৰ ৬৯০ টকা, পাঁচ হেজাৰ ৩২২ টকা আৰু ১০ হেজাৰ ৬৪৮ টকাৰ প্ৰিমিয়াম ।

উল্লেখ্য যে, এখন মটৰচাইকেল আৰু চাৰিচকীয়া বাহনৰ গৰাকী গঞ্জুৰ আছে ৭৮ হাজাৰ টকাৰ মূল্যৰ এখন হিৰ’ হোণ্ডা গ্লেমাৰ মটৰ চাইকেল আৰু ৯ লাখ টকাৰ এখন মহিন্দ্ৰ ব’লেৰ বাহন । তদুপৰি দুই লাখ ১০ হেজাৰ টকাৰ চাৰে তিনি তোলা ওজনৰ এডাল সোণৰ চেইন আছে গঞ্জুৰ ।

আনহাতে, তেওঁৰ পত্নীৰ তিনি লাখ ৩০ হেজাৰ টকাৰ এডাল চেইনসহ চাৰে পাঁচতোলা সোণ আছে । গঞ্জুৱে মনোনয়নৰ সৈতে দাখিল কৰা তথ্য অনুসৰি তেওঁৰ নিজৰ নামত বিহালীত ২১ বিঘা তিনি কঠা তিনি লেচা খেয়াজী পট্টাৰ মাটি থকাৰ বিপৰীতে পত্নীৰ নামত আছে ১৪ বিঘা চাৰি কঠা তিনি লেচা মাটি ।

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে, গঞ্জুৰ কেটেলা পথাৰত থকা চাহ বাগিছাৰ আনুমানিক মূল্য ৩০ লাখ টকা বুলি তথ্য দাখিলৰ উপৰি তেওঁৰ মালিকনাধীন মেচার্চ শোভম হোটেল আছে এক বিঘা ৯ লেচা মাটি আৰু ইয়াৰ মূল্য ১৬ লাখ টকা । গঞ্জুৰ বাসগৃহৰ আনুমানিক মূল্য ১৬ লাখ টকা বুলি উল্লেখ কৰাৰ লগতে তেওঁ আদায় দিবলগীয়া বিত্তীয় ঋণৰ পৰিমাণ হৈছে চাৰি লাখ টকা ।

ইয়াৰ উপৰি গঞ্জুৰ আন অস্থাৱৰ সম্পত্তিৰ মূল্য ২১ লাখ ৩১০ টকাৰ বিপৰীতে পত্নীৰ নামত থকা অস্থাৱৰ সম্পত্তিৰ মূল্য ৫৬ হাজাৰ টকাৰ লগতে স্থাৱৰ সম্পত্তিৰ মূল্য হৈছে তিনি লাখ ৭৫ হাজাৰ টকা ।

আনহাতে শোণিতপুৰ লোকসভা সমষ্টিত আম আদমী পাৰ্টীৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰা ঋষিৰাজ কৌণ্ডিন্যই বুধবাৰে মনোনয়ন পত্ৰ দাখিল কৰে । প্ৰাৰ্থীজনে শপতনামাত উল্লেখ কৰা অনুসৰি তেওঁৰ বিৰুদ্ধে গুৱাহাটী আৰু তেজপুৰত বিভিন্ন আৰক্ষী থানাত সাতটাকৈ গোচৰ ৰুজু হৈ আছে ।

তদুপৰি আদালতটো কেইবাটাও গোচৰ চলি আছে । তেওঁৰ হাতত জমা থকা নগদ ধনৰ পৰিমাণ হৈছে ১৫ লাখ টকা । আনহাতে, পত্নীৰ হাতত আছে নগদ তিনি লাখ টকা । সেইদৰে তেওঁৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ৯১,৮৭,৪৩৭ টকা আৰু পত্নীৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ৪৩,০৪,৩১৬ টকা ।

স্থাৱৰ সম্পত্তিৰ মূল্য হৈছে ২৫ লাখ টকা । তেওঁৰ পত্নীৰ স্থাৱৰ সম্পত্তিৰ মূল্য হৈছে ১,৩১,৫০,০০০ টকা ৷

লগতে পঢ়ক : সৰ্বানন্দ-লুৰীণৰ ভিতৰত কাৰ ধনবল বেছি ? তিনি বছৰত কিমান সম্পত্তি বাঢ়িল সোণোৱালৰ ? - LOK SABHA ELECTION 2024