ETV Bharat / politics

সৰ্বানন্দ-লুৰীণৰ ভিতৰত কাৰ ধনবল বেছি ? ১০ বছৰত কিমান সম্পত্তি বাঢ়িল সোণোৱালৰ ? - LOK SABHA ELECTION 2024

author img

By ETV Bharat Assamese Team

Published : Mar 27, 2024, 9:56 PM IST

Updated : Mar 28, 2024, 10:32 AM IST

Lok Sabha elections 2024
LS Polls 2024

LS Polls 2024: লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হব অহা 19 এপ্ৰিলত । প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে অসমত মুঠ 38 গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে । ইয়াৰ ভিতৰত সৰ্বাধিক চৰ্চাত আছে ডিব্ৰুগড় লোকসভা সমষ্টিৰ দুই প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল আৰু লুৰীণজ্যোতি গগৈ । কোনগৰাকী প্ৰাৰ্থীৰ ধনবল কিমান ? পঢ়ক সবিশেষ...

গুৱাহাটী, ২৭ মার্চ: লোকসভা নিৰ্বাচনক লৈ উখল-মাখল হৈ পৰিছে ৰাজ্যৰ ৰাজনৈতিক বতাহ । এনে পৰিৱেশত স্বাভাৱিকতে সকলোৰে আলোচনাৰ এক বিষয় কোন কিমান ধনী ? কোন কিমান সম্পত্তিৰ গৰাকী ? লোকসভা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰা অসমৰ কোনজন প্রার্থী কিমান ধনী ? সকলোৰে জানিবৰ মন যায় ।

LS Polls 2024
সৰ্বানন্দ সোণোৱালৰ সম্পত্তিৰ হিচাপ

একাধিকবাৰ বিধায়ক-সাংসদ হৈ এবাৰ মুখ্যমন্ত্ৰী আৰু এতিয়া জ্যেষ্ঠ কেন্দ্ৰীয় মন্ত্ৰী হোৱা সৰ্বানন্দ সোণোৱাল কিমান ধনী ? ২০২১ত কৈ কিমান ধনী হ’ল সৰ্বানন্দ সোণোৱাল ? ১৫ বছৰৰ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সাংসদ পুত্ৰ গৌৰৱ গগৈৰ কিমান সম্পত্তি আছে ? লুৰীণজ্যোতি গগৈৰ হাতত কিমান আছে নগদ ধন ? লোকসভা নিৰ্বাচনৰ বাবে প্ৰতিজন প্ৰাৰ্থীয়ে দাখিল কৰা মনোনয়ন পত্ৰৰ লগত দিব লাগে নিজৰ লগতে নিকটাত্মীয়ৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিৰ হিচাব ৷

LS Polls 2024
সৰ্বানন্দ সোণোৱালৰ সম্পত্তিৰ হিচাপ

অসমত ১৯ এপ্ৰিলত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মনোনয়ন পৰ্ব আজি শেষ হৈছে ৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মুঠ ৩৮জন প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে ৷ এই প্ৰতিবেদনত জানো আহক ডিব্ৰুগড়ৰ চৰ্চাৰ শীৰ্ষত থকা দুই প্ৰাৰ্থী সৰ্বানন্দ-লুৰীণে মনোনয়ন-পত্ৰৰ লগত দাখিল কৰা শপতনামাত উল্লেখ কৰা সম্পত্তিৰ পৰিমাণ ৷

সৰ্বানন্দ সোণোৱাল :

অসমত বিজেপিৰ আটাইতকৈ হাই প্ৰফাইল প্ৰাৰ্থীজন হ’ল সৰ্বানন্দ সোণোৱাল ৷ মঙলবাৰে বিজেপিৰ ডিব্ৰুগড়ৰ প্রার্থী হৈ কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে মনোনয়ন দাখিল কৰে ৷ মুখ্যমন্ত্ৰী, দুবাৰকৈ কেন্দ্ৰীয় মন্ত্ৰী হোৱা বিজেপি প্রার্থী সর্বানন্দ সোণোৱালৰ নিজৰ নামত নাই এখনো বাহন । সৰ্বানন্দ সোণোৱালে শপতনামাত উল্লেখ কৰিছে যে তেওঁৰ নিজৰ কোনো বাহন নাই । সোণোৱালৰ হাতত নগদ জমা থকা ধনৰ পৰিমাণ ২৭,৬৭৯ টকা ।

LS Polls 2024
সৰ্বানন্দ সোণোৱালৰ সম্পত্তিৰ হিচাপ

লগতে শপতনামাত উল্লেখ কৰা অনুসৰি সৰ্বানন্দ সোণোৱালৰ নিজৰ নামত চাৰিটা বেংক একাউন্ট আছে ৷ এই চাৰিওটা একাউণ্টত সৰ্বমুঠ ৪৭ লাখ ৫৯ হাজাৰ ৭০৫ টকা জমা আছে । আনহাতে সৰ্বানন্দ সোণোৱালৰ মিউচুৱেল ফাণ্ড আৰু বণ্ডত জমা আছে বৃহৎ পৰিমাণৰ ধন ৷ শপতনামা অনুসৰি মিউচুৱেল ফাণ্ড আৰু বণ্ডত সোণোৱালৰ জমা টকাৰ পৰিমাণ ৫৯.৭৫ লাখ টকা । ইয়াৰ উপৰিও ৭৩ লাখ টকাৰ জীৱন বীমাও আছে কেন্দ্রীয় মন্ত্রী সোণোৱালৰ ।

LS Polls 2024
সৰ্বানন্দ সোণোৱালৰ সম্পত্তিৰ হিচাপ

আনহাতে প্রায় আঢ়ৈ লাখ টকাৰ সোণৰ অলংকাৰ আছে সর্বানন্দ সোণোৱালৰ ৷ স্বাভাৱিকতে আপোনাৰ জানিবলৈ মন যাব যে ইমান বিপুল পৰিমাণৰ ধন-সম্পত্তিৰ গৰাকী সৰ্বানন্দ সোণোৱালৰ বেংক আদিত ধাৰ আছেনে ? বিভিন্ন উৎসত সোণোৱালৰ মুঠ ধাৰৰ পৰিমাণ ১৬ লাখ টকা ৷ আনহাতে অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ১.৬৫ কোটি টকা । ইয়াৰোপৰি জন্মভূমি ডিব্ৰুগড়ৰ মুলুক গাঁৱত ৩৬ লাখ টকাৰ ভূমি সম্পত্তি থকাৰ বিপৰীতে সোণোৱালৰ ১ কোটি টকাৰ মূল্যৰ অনাকৃষি ভূমি আছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

কিমান সম্পত্তি বাঢ়িল সৰ্বানন্দ সোণোৱালৰ ?

২০০৯ চনৰ ৪৮ লাখৰ পৰা ৪ কোটি ৭৫ লাখলৈ বৃদ্ধি হ’ল সর্বানন্দ সোণোৱালৰ সম্পত্তি ৷ ২০০৯ চনত অগপৰ পৰা লোকসভা নির্বাচনত প্ৰতিদ্বন্দিতা কৰোতে সর্বানন্দ সোণোৱালে নিজৰ সম্পত্তিৰ পৰিমাণ ৪৮ লাখ ৪৬ হাজাৰ ১৪০ টকা বুলি শপতনামাত উল্লেখ কৰিছিল ৷ ২০১৪ চনত সর্বানন্দ সোণোৱালে বিজেপিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ সময়ত সর্বানন্দ সোণোৱালৰ মুঠ সম্পত্তিৰ পৰিমাণ আছিল ১ কোটি ৪৪ লাখ ৯৭ হাজাৰ ৷ এইবাৰ ২০২৪ত মনোনয়ন পত্ৰ দাখিল কৰি শপতনামাত সর্বানন্দ সোণোৱালে নিজৰ মুঠ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ ১ কোটি ৬৪ লাখ ৬৫ হাজাৰ ২৫৮ কোটি টকা বুলি অৱগত কৰিছে ৷

LS Polls 2024
লুৰীণজ্যোতি গগৈৰ সম্পত্তিৰ হিচাপ

একেসময়তে সর্বানন্দ সোণোৱালে নিজৰ স্থাৱৰ সম্পত্তিৰ পৰিমাণ ৩ কোটি ১১ লাখ ২০ হাজাৰ বুলি উল্লেখ কৰিছে ৷ সেই অনুসৰি, সর্বানন্দ সোণোৱালৰ বর্তমানৰ সম্পত্তিৰ পৰিমাণ ৪ কোটি ৭৫ লাখ ৮৫ হাজাৰ ২৫৮ টকা ৷ অর্থাৎ, বিজেপিত যোগদানৰ পিচত সর্বানন্দ সোণোৱালে গঢ়িলে ৪ কোটি ২৭ লাখ ৩৯ হাজাৰ ১১৮ টকাৰ নতুন সম্পত্তি ৷

LS Polls 2024
লুৰীণজ্যোতি গগৈৰ সম্পত্তিৰ হিচাপ

কিন্তু ক’ত কিমান আছে সর্বানন্দ সোণোৱালৰ সম্পত্তি ?

বগদুঙত সর্বানন্দ সোণোৱালৰ আছে ৪ ঠাইত কৃষিভূমি ৷ এই চাৰি ঠাইত থকা মাটিৰ পৰিমাণ ক্ৰমে ৯ বিঘা, ৫ বিঘা, ৩০ বিঘা আৰু ৯ বিঘা ৷ আনফালে ডিব্ৰুগড়ৰ আন তিনিটা ঠাইত ২০২১ চনত অনা কৃষিভূমি ক্ৰয় কৰে সর্বানন্দ সোণোৱালে ৷ আনফালে গুৱাহাটীতো আছে সর্বানন্দ সোণোৱালৰ আছে অনাকৃষিভূমি ৷ বিজেপিৰ ডিব্ৰুগড়ৰ প্ৰার্থী সর্বানন্দ সোণোৱালৰ মুঠ সম্পত্তিৰ পৰিমাণ ৪ কোটি ৭৫ লাখ ৷

LS Polls 2024
লুৰীণজ্যোতি গগৈৰ সম্পত্তিৰ হিচাপ

লুৰীণজ্যোতি গগৈ :

ডিব্ৰুগড়ৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী প্ৰাক্তন ছাত্ৰ নেতা লুৰীণজ্যোতি গগৈ ৷ লুৰীণজ্যোতি গগৈয়ে এজেপি দলৰ সভাপতি ৷ শপতনামাত লুৰীণজ্যোতি গগৈয়ে দাখিল কৰা তথ্য অনুসৰি- তেওঁৰ বর্তমানৰ সম্পত্তিৰ পৰিমাণ ৩৪ লাখ ৩১ হাজাৰ ৪৭২ টকা ৷ লুৰীণজ্যোতি গগৈৰ হাতত নগদ ৯.৪৯ লাখ টকা জমা আছে ৷ আনহাতে ৪টা বেংক একাউন্টত ৬ লাখ ৭১ হাজাৰ টকা জমা থকা লুৰীণজ্যোতিৰ ৭.৯৫ লাখ টকাৰ জীৱন বীমা আছে ৷

LS Polls 2024
লুৰীণজ্যোতি গগৈৰ সম্পত্তিৰ হিচাপ

বেছি পৰিমাণৰ ঋণ নাই লুৰীণজ্যোতি গগৈৰ । লুৰীণজ্যোতি গগৈৰ ঋণ মাত্ৰ ৫ হাজাৰ টকা । লগতে ৯০ হাজাৰ টকা মূল্যৰ সোণৰ গহণা আছে । প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ দৰেই লুৰীণজ্যোতি গগৈৰো নাই নিজাকৈ এখনো গাড়ী ৷ আনহাতে অসম জাতীয় পৰিষদৰ প্রার্থীজনৰ ২৫ লাখ টকাৰ অস্থাৱৰ সম্পত্তি আছে । ডিব্ৰুগড়ত ৯ লাখ টকা মূল্যৰ কৃষি ভূমি থকা লুৰীণজ্যোতি গগৈৰ নিজৰ নামত কোনো ঘৰ নাই ৷

লগতে পঢ়ক: প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মুঠ ৩৮ জন প্ৰাৰ্থীৰ মনোনয়ন দাখিল - Lok Sabha Election 2024

Last Updated :Mar 28, 2024, 10:32 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.