ETV Bharat / politics

অগপলৈ যাব মুখ্যমন্ত্ৰী ড৹ শৰ্মা ! কিহৰ ভিত্তিত এনেদৰে ক’লে মীৰা বৰঠাকুৰে ? - Mira Borthakur on Assam CM

author img

By ETV Bharat Assamese Team

Published : Mar 30, 2024, 6:27 PM IST

Mira Borthakur: হিমন্ত বিশ্ব শৰ্মা অগপলৈ যোৱাৰ যো-জা চলোৱা বুলি মন্তব্য কৰিছে মীৰা বৰঠাকুৰে ৷ মুখ্যমন্ত্ৰীগৰাকী এতিয়া বিজেপিৰ কাৰ্যালয়তকৈ অগপৰ কাৰ্যালয়লৈহে বেছিকৈ যায় বুলি কয় কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ৷

MIRA BORTHAKUR ON ASSAM CM
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা অগপলৈ যাব বুলি মন্তব্য মীৰা বৰঠাকুৰৰ

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা অগপলৈ যাব বুলি মন্তব্য মীৰা বৰঠাকুৰৰ

গুৱাহাটী, ৩০ মাৰ্চ : ভূপেন বৰাই বিজেপিত যোগদান কৰিব বুলি দৃঢ়তাৰে কৈ আছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ ইয়াকে লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি আৰু মুখ্যমন্ত্ৰীগৰাকীৰ মাজত অব্যাহত আছে কথাৰ কটাকটি ৷ সেই সময়তে ড৹ হিমন্ত বিশ্ব শৰ্মা অগপলৈ যাব বুলি কংগ্ৰেছ নেত্ৰীয়ে বিস্ফোৰক মন্তব্য কৰিছে ৷

গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰে শনিবাৰে মন্তব্য কৰে যে বিজেপিত দিন উকলিছে হিমন্ত বিশ্ব শৰ্মাৰ ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে অগপৰ লগত মিলি নেক্সাচ চলাই বিজেপি ধ্বংস কৰি অগপলৈ যাব বুলি মন্তব্য কৰিছে মীৰা বৰঠাকুৰে ৷ সেই কাৰণে অগপৰ সৈতে হিমন্ত বিশ্ব শৰ্মা সঘন যোগাযোগত আছে বুলি মন্তব্য কৰি মীৰা বৰঠাকুৰে কয় যে বিজেপিৰ কাৰ্যালয়লৈ কম আৰু অগপৰ কাৰ্যালয়লৈ সঘন অহা যোৱা এতিয়া কৰি আছে ।

ফণীভূষণ চৌধুৰীৰ ঘৰলৈ গৈ মুখ্যমন্ত্ৰীগৰাকীয়ে আশীৰ্বাদ লোৱা বুলি উল্লেখ কৰি মীৰা বৰঠাকুৰে কয় যে বলে পৰা কংগ্ৰেছৰ নেতাবোৰকো মুখ্যমন্ত্ৰীয়েই অগপত যোগ দিয়াইছে । আনহাতে বিজেপিৰ গুৱাহাটী আৰু যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী বাচনি ভুল হৈ কন্দল লগা বুলি মীৰা বৰঠাকুৰে মন্তব্য কৰে ৷ মীৰা বৰঠাকুৰে কয়, ‘‘ফণীভূষণ চৌধুৰীৰ ঘৰত ভাত খাবলৈ গৈ মুখ্যমন্ত্ৰীয়ে কি কথা পাতিছে আমিও জানো ৷ আমি মুখ্যমন্ত্ৰীৰ দৰে মুখ চুপতি নামাৰো । মুখ্যমন্ত্ৰীৰ কাম চুপতি মৰা নহয় ৷’’

ইপিনে তেওঁ গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ সন্দৰ্ভত মীৰা বৰঠাকুৰে কয়, ‘‘বিজুলী কলিতা মেধিলৈ মোৰ শুভেচ্ছা আছে । মোৰ যুদ্ধ তেওঁৰ বিৰুদ্ধে নহয়, বিজেপিৰ বিৰুদ্ধেহে ।’’

লগতে পঢ়ক: দুই প্ৰাক্তন মন্ত্ৰীৰ পুত্ৰসহ চাৰিজনে এৰিলে কংগ্ৰেছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.