ETV Bharat / politics

চাহ বাগিচা অঞ্চলত ব্যাপক কেলেংকাৰীৰ অভিযোগ গৌৰৱ গগৈৰ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Mar 30, 2024, 9:26 PM IST

Lok Sabha Election 2024: যোৰহাট লোকসভা সমষ্টিত শাসক-বিৰোধীৰ মাজত নিৰ্বাচনী যুঁজ অতি আকৰ্ষণীয় হৈ পৰিছে । শাসকীয় পক্ষৰ বিৰুদ্ধে পুনৰ সৰৱ কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈ । কংগ্ৰেছৰ চৰকাৰ আহিলে চাহ বাগিচা অঞ্চলৰ কেলেংকাৰী ফাদিল কৰাৰ হুংকাৰ গগৈৰ ।

Lok Sabha Election 2024
চাহ বাগিচা অঞ্চলত ব্যাপক কেলেংকাৰীৰ অভিযোগ গৌৰৱ গগৈৰ

চাহ বাগিচা অঞ্চলত ব্যাপক কেলেংকাৰীৰ অভিযোগ গৌৰৱ গগৈৰ

যোৰহাট,৩০ মাৰ্চ : "চাহ বাগিচা অঞ্চলত ব্যাপক কেলেংকাৰী হৈছে । নিৰ্বাচনী বণ্ডৰ কেলেংকাৰীতকৈও বেছি আৰু অতি গুৰুত্বপূৰ্ণ । কংগ্ৰেছৰ চৰকাৰে আহিলে এই কেলেংকাৰীত দিল্লীৰ কোন মন্ত্ৰী আৰু অসমৰ কোন মন্ত্ৰীৰ ককায়েক-ভায়েক জড়িত আছে সকলো ফাদিল কৰিম ।" এই মন্তব্য যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ ।

  • " class="align-text-top noRightClick twitterSection" data="">

তিতাবৰত এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ গৌৰৱ গগৈয়ে চাহ বাগিচা অঞ্চলৰ কেলেংকাৰী সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । তেওঁৰ মতে কংগ্ৰেছৰ হাতৰ চিনৰ সৈতে এক আৱেগ জড়িত হৈ আছে । ৰাইজে এই নিৰ্বাচনৰ জৰিয়তে বিজেপি চৰকাৰ অত্যাচাৰৰ পৰা মুক্তি পাব বুলিও তেওঁ উল্লেখ কৰে । কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ মতে সেই মুক্তি দিয়াব বিৰোধী ঐক্যমঞ্চৰ লগতে কংগ্ৰেছে ।

সাংবাদিকৰ সন্মুখত গৌৰৱ গগৈয়ে অসমৰ মুখ্যমন্ত্ৰীগৰাকীক তীব্ৰ কটাক্ষ কৰি কয় যে তেওঁ উন্নয়নৰ দিশত অসমক তিনি নম্বৰ স্থানলৈ লৈ যোৱাৰ কথা কৈছিল কিন্তু এতিয়া ভ্ৰষ্টাচাৰৰ দিশতহে অসম আগবাঢ়িছে । গৌৰৱ গগৈৰ মতে বৰ্তমান চাহ শ্ৰমিকসকল গভীৰ সংকটৰ সন্মুখীন হৈছে । অসমৰ বাগিচাত কেলেংকাৰী সংঘটিত হৈছে । গৌৰৱ গগৈয়ে অভিযোগ কৰা মতে বৰ্তমান চাহ বাগিচাসমূহ বিক্ৰী কৰাৰ লগতে বন্ধ কৰি দিয়া হৈছে । চৰকাৰে মাটিৰ পট্টা দিয়াৰ প্ৰতিশ্ৰুতি দিছে যদিও শ্ৰমিকসকল ভূমিহীন হৈ পৰাৰ আশংকাত আছে বুলিও তেওঁ দাবী কৰে ।

ইফালে তিতাবৰত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত অৰ্ধশতাধিক মহিলাই কংগ্ৰেছত যোগদান কৰে । যোৰহাট লোকসভা সমষ্টিৰ বিভিন্ন স্থানত গৌৰৱ গগৈয়ে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে । তাৰ মাজতে শনিবাৰে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে পশ্চিম ঠেঙাল, পূৱ ঠেঙাল, ৰঙাজান, তিতাবৰ টাউন, কচুখাট, শিলিখাবাৰী, ঈকৰানি, বৰহোলা, বিৰিণাশায়েক, তিতাবৰ তিনিআলি, মধ্য ঠেঙাল আদিকে ধৰি কেইবাটাও স্থানত প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক :তৎপৰ শাসক-বিৰোধী : প্ৰথম পৰ্যায়ৰ পাঁচটা লোকসভা সমষ্টিৰ চাৰিটাতেই বিশেষ নিৰ্ণায়ক ভূমিকা আছে চাহ জনগোষ্ঠীৰ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.