ETV Bharat / politics

কংগ্ৰেছৰ পৰা কোনো মুখ্যমন্ত্ৰী হ’ব নোৱাৰে বুলি কিয় ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই - Lok sabha Elections 2024

author img

By ETV Bharat Assamese Team

Published : Apr 1, 2024, 9:15 AM IST

CM OF Assam said No one from the Congress can become Chief Minister in the state
কংগ্ৰেছৰ পৰা কোনো মুখ্যমন্ত্ৰী নহয়: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Lok sabha Elections 2024: তিৱা সাংস্কৃতিক মহোৎসৱত উপস্থিত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ ধুবুৰী সংসদীয় সমষ্টিৰ কংগ্ৰেছী প্ৰাৰ্থী ৰকিবুল হুছেইন আৰু এ আই ইউ ডি এফৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলক সংবাদ মাধ্যমৰ সমুখত কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ লোকসভা নিৰ্বাচন সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে আগবঢ়ায় কেতবোৰ তাৎপৰ্যপূৰ্ণ মন্তব্য ৷

কংগ্ৰেছৰ পৰা কোনো মুখ্যমন্ত্ৰী নহয়: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

মৰিগাঁও, 1 এপ্ৰিল: লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তুংগত কৰি তুলিছে লোকসভাৰ নিৰ্বাচন ৷ দেওবাৰে মৰিগাঁৱত তিৱা স্বায়ত্ত পৰিষদৰ উদ্যোগত অনুষ্ঠিত হোৱা তিৱা সাংস্কৃতিক মহোৎসৱত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে বিৰোধী নেতাক কটাক্ষ কৰি কয়," ধুবুৰী সংসদীয় সমষ্টিৰ কংগ্ৰেছী প্ৰাৰ্থী ৰকিবুল হুছেইন আৰু এ আই ইউ ডি এফৰ সভাপতি মৌলানা বদৰুদ্দিন আজমল দিল্লীলৈ গ’লে মই ভাল পাম । ৰকিবুল হুছেইন দিল্লীলৈ গ’লে কাজিৰঙাত সুৰক্ষা কৰ্মী কমকৈ লাগিব । মৌলানা বদৰুদ্দিন আজমল দিল্লীলৈ গ’লে মিঞা ছোৱালীবিলাক বাল্যবিবাহৰ পৰা ৰক্ষা পাব ।"

সংখ্যালঘু লোকসকলৰ বাবে সংগ্ৰাম অব্যাহত ৰখা বুলি দাবী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ সমান্তৰালভাবে সমাগত নিৰ্বাচনত সংখ্যালঘু লোকসকলে তেওঁলোককে ভোট প্ৰদান কৰিব বুলি দাবী কৰে ৷ লোকসভা নিৰ্বাচন সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "কংগ্ৰেছ প্ৰাৰ্থী ঘোষণা নকৰালৈ 11+ বুলি আমি ঘোষণা কৰিছিলো । কিন্তু কংগ্ৰেছে প্ৰাৰ্থী ঘোষণা কৰাৰ পিছত আমি 13 খন আসনত জয়ী হোৱাতো নিশ্চিত ।"

মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ ভূপেন বৰাৰ প্ৰসংগ উত্থাপন কৰি " মুখ্যমন্ত্ৰী হ’বলৈ হ’লে বিজেপিলৈ আহিবই লাগিব ৷ কংগ্ৰেছৰ পৰা কোনো মুখ্যমন্ত্ৰী নহয়" বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় ৷

কালিৰ এই অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰণলৈ ওলালো বুলি ঘোষণা কৰি নিৰ্বাচনী প্ৰচাৰৰ কাৰ্যসূচীৰ বিষয়ে উল্লেখ কৰে । সোমবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে মাজুলী, ডিফু, সৰুপথাৰ, বৰাকভেলীত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিব বুলি উল্লেখ কৰি 4 এপ্ৰিলত নগাঁৱত বিজেপি আৰু মিত্ৰ দলৰ প্ৰাৰ্থী সুৰেশ বৰাৰ মনোনয়ন পত্ৰ দাখিলত অংশগ্ৰহণ কৰিব বুলি জনায় ।

লগতে পঢ়ক: এগৰাকী আইতাই লুৰীণজ্যোতি গগৈক দিলে সাঁচতীয়া খুচুৰা পইচা - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.