ETV Bharat / politics

কৰ নিদি পলায়ন কৰা কংগ্ৰেছ দৰিদ্ৰজনৰ সৈতে নাই: মুখ্যমন্ত্ৰী শৰ্মাৰ কটাক্ষ - IT tax notice to congress

author img

By ETV Bharat Assamese Team

Published : Mar 30, 2024, 2:22 PM IST

IT tax notice to congress: আয়কৰ বিভাগে কংগ্ৰেছ দললৈ প্ৰেৰণ কৰা কৰৰ জাননী সন্দৰ্ভত দলটোৱে কৰা মন্তব্যক সমালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।

CM Himanta Biswa Sarma
IT tax notice to congress

কংগ্ৰেছক সমালোচনা মুখ্যমন্ত্ৰী শৰ্মাৰ

গুৱাহাটী, ৩০ মাৰ্চ: কংগ্ৰেছে কৰ দিয়াৰ পৰা পলায়ন কৰাৰ অভিযোগেৰে দলটোৰ বিৰুদ্ধে আয়কৰ বিভাগে ১৮২৪ কোটি টকাৰ জৰিমনা আৰোপ কৰা প্ৰসংগত সৰৱ হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷ "কৰ আদায় দি আমি ৰাষ্ট্ৰ নিৰ্মাণত অৱদান আগবঢ়াব পাৰো । কিন্তু কংগ্ৰেছ দলে কৰ আদায় দিয়াৰ পৰা পলায়ন কৰিছে ৷ কিয়নো তেওঁলোকে দুখীয়া আৰু বঞ্চিত সকলৰ ভাল হোৱাটো নিবিচাৰে ৷" এই মন্তব্যৰে কংগ্ৰেছৰ ওপৰত আক্ৰমণাত্মক হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।

লোকসভা নিৰ্বাচনৰ ভৰপক পৰিৱেশৰ মাজতে শুকুৰবাৰে দেশৰ অন্যতম ৰাজনৈতিক দল কংগ্ৰেছলৈ আয়কৰ বিভাগে চাৰি বছৰৰ আয়কৰ ৰিটাৰ্ণৰ হিচাপৰ পুনৰ মূল্যায়ন কৰি এখন নতুনকৈ জাননী প্ৰেৰণ কৰে ৷ এই জাননীযোগে কংগ্ৰেছক ১৮২৩ কোটি টকা কৰ আদায় দিবলৈ কোৱা হয় ।

এই জাননীৰ পিচতেই দেশৰ ৰাজনীতিত তোলপাৰ লাগে । তাৰ পিছতেই উভতি ধৰি কালি কংগ্ৰেছে কয় যে যিটো পদ্ধতিৰে কংগ্ৰেছৰ বিৰুদ্ধে আয়কৰে জৰিমনা বিহিছে, সেই একেটা হিচাব বিজেপিৰ ক্ষেত্ৰত প্ৰয়োগ কৰিলে ৪৬০০ কোটি টকা বিজেপিয়ে জৰিমনা আদায় দিব লাগিব ৷ কংগ্ৰেছৰ এই প্ৰতিক্ৰিয়াৰ বিপৰীতে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা দেশৰ আটাইতকৈ পুৰণি ৰাজনৈতিক দলটোৰ প্ৰতি আক্ৰমণাত্মক হৈ পৰা দেখা গৈছে ।

শুকুৰবাৰে ৰাতি গুৱাহাটীত সাংবাদিকৰ সন্মুখত তেওঁ কয় যে আমি কৰ আদায় দিবলৈ অস্বীকাৰ কৰাটোৱে কি বুজায় ? কৰ দিবলৈ অস্বীকাৰ কৰা মানে দুখীয়াজনৰ হিত সাধনৰ বাবে অস্বীকাৰ কৰা ৷

“কৰৰ পৰা সংগ্ৰহ কৰা ধন হাস্পতাললৈ যায়, স্কুলৰ উন্নয়নলৈ যায় । কলেজ সমূহলৈ যায় ৷ সেয়ে চৰকাৰক কৰ লাগিবই। কৰ সন্ত্ৰাস হ’ব নোৱাৰে ৷ টেক্স আৰু কৰ দুয়োটা বেলেগ বেলেগ শব্দ ৷ টেক্সৰ ধন জনতাৰ কল্যাণৰ বাবে যায় । যদিহে কংগ্ৰেছে টেক্স দিয়া নাই তাৰ অৰ্থ এইটোৱে যে তেওঁলোক জনতাৰ কল্যাণ নিবিচাৰে ৷ তেওঁলোক দুখীয়া আৰু বঞ্চিত সকলৰ বিৰুদ্ধে আছে ৷ গতিকে কংগ্ৰেছলৈ আয়কৰৰ জাননী টেক্স সন্ত্ৰাস নহয় । এয়া কৰ সংগ্ৰহৰ প্ৰক্ৰিয়াহে । ” কংগ্ৰেছক কৰ প্ৰসংগত এইদৰে সমালোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক: গীতাৰ শ্লোকেৰে মুখ্যমন্ত্রীক কটাক্ষ ভূপেন বৰাৰ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.