ETV Bharat / politics

অখিল গগৈৰ ক’লা নজৰৰ পৰা বাচিবলৈ মুখ্যমন্ত্ৰীয়ে হাতত পিন্ধে গ্ৰহৰত্ন !

author img

By ETV Bharat Assamese Team

Published : Feb 26, 2024, 9:53 PM IST

Assam Healing Practice Bill
বিৰোধীক সমালোচনা মুখ্যমন্ত্ৰীৰ

Assam Healing Practice Bill : অখিল গগৈৰ ক’লা নজৰৰ পৰা বাচিবলৈ হাতত গ্ৰহৰত্ন পিন্ধিছে বুলি বিধানসভাৰ মজিয়াত মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ মুখ্যমন্ত্ৰীৰ হাতৰ ৰঙা ৰচী আৰু গ্ৰহৰত্নক লৈ অখিল গগৈয়ে তীৰ্যক প্ৰশ্ন উত্থাপন কৰিছিল সদনত ৷

অখিল গগৈক কটাক্ষ মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, 26 ফেব্ৰুৱাৰী : অখিল গগৈৰ ক’লা নজৰৰ পৰা বাচিবলৈ মুখ্যমন্ত্ৰীয়ে হাতত পিন্ধিছে গ্ৰহৰত্ন ৷ বিধানসভাৰ মজিয়াত বিৰোধী বিধায়ক অখিল গগৈৰ প্ৰশ্নৰ উত্তৰত স্বীকাৰ কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ আজি অসম বিধানসভাত গৃহীত হ’ল অসম নিৰাময় (অশুভ প্ৰতিৰোধ) প্ৰথা বিধেয়ক, 2024 ৷ আজিৰে পৰা বেজ-বেজালিৰ বিৰুদ্ধে কঠোৰ আইনৰ প্ৰৱৰ্তন হ’ল ৰাজ্যত ৷ বিধানসভাৰ মজিয়াত চৰকাৰৰ হৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই বিধেয়কখনৰ প্ৰসংগত বিৰোধীক সমালোচনা কৰি আগবঢ়ালে এক দীঘলীয়া ভাষণ ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ জনসাধাৰণলৈ বাৰ্তা দিব খুজিছিল বেজ-বেজালিৰ বিৰুদ্ধে ৷ কিন্তু নিজৰ ভাষণৰ মাজতেই মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই বেজ-বেজালিৰ আশ্ৰয় লৈছে নেকি বুলি অখিল গগৈৰ এক অনাহূত প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হয় অসম বিধানসভাৰ মজিয়াত ৷ সোমবাৰে অসমবিধান সভাৰ অধিবেশনৰ অন্তিম দিনা সদনত অসম নিৰাময় (অশুভ প্ৰতিৰোধ) প্ৰথা বিধেয়ক, 2024 (The Assam Healing (Prevention of Evil) Practices Bill, 2024) গৃহীত হোৱাৰ পিছতে সদনত এই বিষয়ত আলোচনা আৰম্ভ হয় ৷ এই বিধেয়কত ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে এক সংশোধনী প্ৰস্তাৱ আনিছিল যদিও সেয়া নাকচ হয় ৷ তাৰ মাজতে মুখ্যমন্ত্ৰীৰ হাতৰ ৰঙা ৰচী আৰু গ্ৰহৰত্নক লৈ অখিল গগৈয়ে তীৰ্যক প্ৰশ্ন উত্থাপন কৰে ৷

মুখ্যমন্ত্ৰীয়ে ভাষণ আগবঢ়াই থকাৰ মাজতেই অখিল গগৈয়ে মুখ্যমন্ত্ৰীক সুধিলে- “আমাৰ মুখ্যমন্ত্ৰীৰ হাতত বহু ৰঙা ৰচী আৰু আঙুলিত কেইবাটাও গ্ৰহৰত্ন আছে, সেইবোৰ এই আইনৰ অধীনত বন্ধ হ’ব নে নহ’ব ?” লগতে গোমূত্ৰৰ প্ৰসংগও উত্থাপন কৰি অখিল গগৈয়ে মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিলে- "এই যে গো-মূত্ৰ সেৱন কৰাই বেমাৰ নাইকীয়া হ’ব বুলি, সেয়া এই আইনৰ ভিতৰত পৰিবনে ?"

অখিল গগৈৰ এই তীক্ষ্ণ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে নিজৰ পৰিচিত চাতুৰ্যভৰা বাকপটুতাৰে উত্তৰ দিলে এইদৰে-“ মই কাকো শোষণ কৰিবলৈ এইবোৰ পিন্ধা নাই, বৰং মোৰ নিজৰ কল্যাণৰ বাবে পিন্ধিছো, যাতে মই আপোনাৰ ক’লা দৃষ্টিৰ পৰা বাচি থাকিব পাৰো ৷ এইটো এই আইনৰ ভিতৰত নপৰে ৷ যেতিয়া মোৰ ন বছৰীয়া সন্তানকো কোনোবাই এৰি নিদিয়ে, তেতিয়া মইতো কিবা দৈৱিক শক্তিৰ সহায় ল’ব লাগিব ৷" মুখ্যমন্ত্ৰীয়ে লগতে কয় যে নিৰাময় প্ৰথা যদি অসৎ উদ্দেশ্য আগত ৰাখি ব্যৱহাৰ নকৰে তেন্তে সেয়া এই আইনৰ আওতাই সামৰি নলয় | কিন্তু এনে নিৰাময় প্ৰথাৰ যদিহে বিজ্ঞানসন্মত দৃষ্টিভংগী নথকাৰ লগতে তাৰ জৰিয়তে ধন সংগ্ৰহ কৰে সেয়া আইনখনৰ আওতাত অবৈধ বুলি ধৰা হ’ব |

অখিল গগৈয়ে লগতে মুখ্যমন্ত্ৰীৰ ভাষণৰ মাজতে প্ৰশ্ন কৰে যে মুখ্যমন্ত্ৰীয়ে পিন্ধা গ্ৰহৰত্ন দিয়াজনে টকা লৈছেনে ? অখিলৰ প্ৰশ্নত মুখ্যমন্ত্ৰীয়ে কটাক্ষ কৰি এইদৰে কয়- “নক্সাল ট্ৰেইনিং কেম্প আৰু এছেম্বলীৰ মাজত পাৰ্থক্য থাকিব লাগে ৷ মই পিন্ধিছো আপোনাৰ ক’লা নজৰৰ পৰা বাচি থাকিবৰ বাবে ৷" ইফালে সদনৰ পৰম্পৰাৰ বিপৰীতে নিজৰ সংশোধনী প্ৰস্তাৱ অখিল গগৈয়ে উঠাই নল’লে ৷ তাৰ পাচতেই ধ্বনি ভোটত অখিল গগৈৰ সংশোধনী প্ৰস্তাৱ সাৰ্বজনীনভাৱে নাকচ কৰা হয় বিধানসভাত ৷

লগতে পঢ়ক : বেজ-বেজালি নাইকিয়া কৰিব বিচৰা চৰকাৰৰ মন্ত্ৰী বিধাকৰ হাতত আঙুঠিয়েই আঙুঠি !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.