ETV Bharat / politics

মুখ্যমন্ত্ৰীয়ে প্ৰচাৰ চলোৱাৰ বাবেই বৃদ্ধি হ’ল কংগ্ৰেছৰ ভোট : ৰকিবুল হুছেইন - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : May 11, 2024, 11:29 AM IST

Dhubri Lok Sabha constituency : চামগুৰিত উপস্থিত হৈ আজমল-হিমন্তক কঠোৰ ভাষাৰে সমালোচনা জ্যেষ্ঠ কংগ্ৰেছী ৰকিবুল হুছেইনৰ । হিমন্তক মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰ নকৰিলে বিজেপিৰ গাদী ৰক্ষা নহ’ব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য হুছেইনৰ ৷ হুছেইনক উষ্ম আদৰণি শতাধিক নেতা-কৰ্মীৰ ।

Lok Sabha Election 2024
চামগুৰিত জ্যেষ্ঠ কংগ্ৰেছী ৰকিবুল হুছেইন (Etv bharat assam)

জ্যেষ্ঠ কংগ্ৰেছী ৰকিবুল হুছেইন (Etv bharat assam)

চামগুৰি, 11 মে’ : তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ অন্তত ধুবুৰীৰ পৰা প্ৰত্যাৱৰ্তন কৰিলে জ্যেষ্ঠ কংগ্ৰেছী নেতা ৰকিবুল হুছেইনে । চামগুৰিৰ বাজিয়াগাঁও ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত হুছেইনক উষ্ম আদৰণি জনায় শতাধিক নেতা-কৰ্মীয়ে ।

চামগুৰিত কংগ্ৰেছ কৰ্মীসকলৰ কাষত উপস্থিত হৈ জ্যেষ্ঠ কংগ্ৰেছী নেতা ৰকিবুল হুছেইনে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি কয়, "ইয়াৰ আগতে ধুবুৰীবাসী ৰাইজক বহু কন্দুৱাইছিলটো ৷ জোনে যেনেকৈ কৰিব তেনেকৈ ফল পাব ৷ গতিকে ৰাইজক কন্দুৱাসকলে এদিন নিজেও কান্দিবলগীয়া হয় । কিছুমান নেতা ৰৈ আছে সময়ৰ অপেক্ষাত । হিমন্তৰ বিৰুদ্ধে বিজেপিৰ মানুহেই গুজৰি-গুমৰি আছে ৷ হিমন্ত বিশ্ব শৰ্মাই ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বাবেই কংগ্ৰেছৰ এক লাখতকৈও অধিক ভোট বাঢ়িল । হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ আসনৰ পৰা আঁতৰালেহে 2026 ত বিজেপিৰ যুঁজিব পৰা শক্তি থাকিব ৷"

আনহাতে জ্যেষ্ঠ কংগ্ৰেছী নেতাগৰাকীৰ নিৰ্বাচনী প্ৰতিদ্বন্দ্বী বদৰুদ্দিন আজমল সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে হুছেইনে ৷ নিৰ্বাচনৰ পূৰ্বে এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলে ৰকিবুল হুছেইন তথা বিৰোধী দলক লক্ষ্য কৰি প্ৰকাশ কৰা মন্তব্যই আজমলৰহে চৰিত্ৰটো উদঙাই দেখুৱাইছে বুলি কয় ৷

আনহাতে, শেহতীয়াকৈ দেশৰ প্ৰধানমন্ত্ৰী মোদীয়ে কংগ্ৰেছে আদানী-আম্বানীক সহায় কৰা বুলি তোলা অভিযোগ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে । ৰকিবুল হুছেইনে কয়, "...নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মুখখন চাবচোন ৷ কথা-বতৰাবোৰ কেনেকুৱা হৈ গৈছে এইকেইটা দিন ৷ ৰাহুল গান্ধীয়েটো স্পষ্টভাবে কৈছে আপোনাৰ তাতেটো ED আছে CBI আছে, আমাক inquiry নকৰে কিয় ? তাৰ মানে তেওঁটো স্বীকাৰেই কৰিলে যে আদানী-আম্বানীৰ জৰিয়তে যে তেওঁ জীয়াই আছিল... ৷"

4 জুনত ঘোষণা হ’বলগীয়া নিৰ্বাচনী ফলাফল সন্দৰ্ভতো হুছেইনে আশাব্যঞ্জক মন্তব্য প্ৰকাশ কৰে ৷

লগতে পঢ়ক: ধুবুৰীৰ ভোটকেন্দ্ৰত ৰকিবুল হুছেইনক আদৰিলে দলে-বলে; আজমলৰ কাষত সেৰেঙা সমৰ্থক - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.