ETV Bharat / politics

বিপিএফৰ প্ৰাৰ্থী জয়ী হোৱাটো দূৰৈৰ কথা, আমানতৰ ধনো ঘুৰাই নাপাব : প্ৰমোদ বড়ো

author img

By ETV Bharat Assamese Team

Published : Mar 4, 2024, 10:25 PM IST

Bir Silagang Sonwarani Mini Stadium
বীৰ চিলাগাং সোঁৱৰণী মিনি ষ্টেডিয়ামৰ আধাৰশিলা

UPPL joining meeting: চিৰাঙৰ থাইকাঝোৰাত বীৰ চিলাগাং সোঁৱৰণী মিনি ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন । বিটিআৰৰ মুখ্য প্ৰমোদ বড়োৰ উপস্থিতিত ১,২৩০ গৰাকীৰ ইউপিপিএলত যোগদান ।

বীৰ চিলাগাং সোঁৱৰণী মিনি ষ্টেডিয়ামৰ আধাৰশিলা

চিৰাং, ৪ মাৰ্চ: চিৰাং জিলাৰ থাইকাঝোৰাত আজি বীৰ চিলাগাং সোঁৱৰণী মিনি ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰে বিটিআৰৰ মুখ্য় কাৰ্যবাহী সদস্য় প্ৰমোদ বড়োৱে । ইয়াৰ পিচতে থাইকাঝোৰা পথাৰত অনুষ্ঠিত এখন দলীয় সভাত অংশগ্ৰহণ কৰি প্ৰমোদ বড়োৱে ইউপিপিএল দলত যোগদান কৰা ১,২৩০ গৰাকী লোকক আদৰণি জনায় । ভাষণ প্ৰসংগত তেওঁ কোকৰাঝাৰ লোকসভা সমষ্টিত ইউপিপিএলৰ প্ৰাৰ্থী অভিলেখ গঢ়ি জয়ী হোৱাটো নিশ্চিত বুলি দাবী কৰে । তেওঁ বিপিএফৰ বিৰুদ্ধে সৰৱ হৈ কয়," বিপিএফৰ মূৰব্বী হাগ্ৰামা মহিলাৰীয়ে দাবী কৰা মতে দুজন প্ৰাৰ্থীয়ে জয়ী হোৱাটো দূৰৈৰ কথা প্ৰাৰ্থীসকলে আমানতৰ ধনো ঘুৰাই নাপাব ।"

  • " class="align-text-top noRightClick twitterSection" data="">

তেওঁ কয় যে বিটিআৰ চুক্তিৰ জড়িয়তে স্থায়ী শান্তি স্থাপন হৈছে আৰু লগে লগেই আৰম্ভ হৈছে উন্নয়নৰ কাম । চিৰাং জিলাৰ ভিতৰুৱা এই থাইকাঝোৰাত ৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া মিনি ষ্টেডিয়ামৰ আধাৰশিলাৰ ফলত এতিয়াৰে পৰা এই ভাৰত-ভূটান সীমান্তৰ ভিতৰুৱা অঞ্চলৰ ক্ৰীড়া উদ্যমী যুৱক-যুৱতীসকলে ক্ৰীড়াৰ দিশত আগবাঢ়ি যাব পাৰিব । গতিকে অন্যান্য দিশতো উন্নয়ণ তৰান্বিত কৰা হ'ব বুলি কয় বিটিআৰৰ কাৰ্যবাহী সদস্য়গৰাকীয়ে ।

তেওঁ লগতে কয়," শীঘ্ৰেই বিটিআৰত ৬ হেজাৰ লোকক চাকৰি দিয়া হ'ব । ইয়াৰ বাবে কোনো ধন দিব নালাগে মাথো আপোনালোকে পৰিক্ষাত উত্তীৰ্ণ হ'ব লাগিব ।" যোৱা তিনি বছৰত লক্ষাধিক লোকক ভূমিপট্টা দিবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰি তেওঁ কয়," বিগত ১৭ বছৰত ১৫ হেজাৰ লোকক ভূমিপট্টা দিব পৰা নাছিল বিপিএফে । এবাৰ ভোট দি বিটিআৰত শান্তি আৰু প্ৰগতি আনিলে আপোনালোকে । গতিকে লোকসভা নিৰ্বাচন আহিছে, আপোনালোকে ভোটদান কৰি অধিক উন্নয়নত গুৰুত্ব দিব ।"

তেওঁ লগতে কয়," উন্নয়নত ৰাইজ সন্তষ্ট, যাৰ বাবে নিতৌ যোগদান কৰি আছে আমাৰ দলত । গতিকে কোকৰাঝাৰ লোকসভা সমষ্টিত আমাৰ প্ৰাৰ্থী অভিলেখ কৰি জয়ী হোৱাটো নিশ্চিত । বিপিএফৰ মূৰব্বী হাগ্ৰামা মহিলাৰীয়ে দাবী কৰা মতে দুজন প্ৰাৰ্থীয়ে জয়ী হোৱাটো দূৰৈৰ কথা প্ৰাৰ্থীসকলৰ আমানতৰ ধন ঘুৰাই নাপাব ।" অনুষ্ঠানটোত ইউপিপিএলৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰী,চিদলীৰ বিধায়ক জয়ন্ত বসুমতাৰী,বিটিআৰৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী উপস্থিত থাকে ।

লগতে পঢ়ক:নিৰ্বাচনৰ দিন ঘোষণাৰ পিচতহে বিপিএফৰ প্ৰাৰ্থী ঘোষণা :হাগ্ৰামা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.