ETV Bharat / politics

হ্ৰাস পাইছে কোকৰাঝাৰ লোকসভা সমষ্টিৰ‌ ভোটাৰ; কি হ’ব নিৰ্বাচনী ফলাফল ?

author img

By ETV Bharat Assamese Team

Published : Mar 11, 2024, 6:00 PM IST

Etv Bharat
Etv Bharat

Brief analysis of Kokrajhar: সমাগত লোকসভা নিৰ্বাচন 2024 ৷ কি হ’ব কোকৰাঝাৰ লোকসভা সমষ্টিৰ নিৰ্বাচনী ফলাফল ৷ সমষ্টি পুনৰ্নিদ্ধাৰণে কি প্ৰভাৱ পেলাব সমষ্টিটোত ৷ এই প্ৰতিবেদনযোগে আগবঢ়োৱা হ’ল কোকৰাঝাৰ লোকসভা সমষ্টিৰ‌ অৱলোকন---

গুৱাহাটী, 11 মাৰ্চ: লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত সলনি হৈছে ৰাজনৈতিক প্ৰেক্ষাপট ।‌ নিৰ্বাচনৰ বাবে সকলো ৰাজনৈতিক দলে কঁকালত টঙালি বান্ধিছে ৷ অসমৰ 14 টা লোকসভা সমষ্টিতে দেখা গৈছে প্ৰতিটো দলৰে নিৰ্বাচনী তৎপৰতা ৷ অৱশ্যে এইবাৰ ৰাজনৈতিক প্ৰেক্ষাপট কিছু সলনি হোৱা পৰিলক্ষিত হৈছে ৷ কাৰণ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচত লোকসভা নাইবা বিধানসভাৰ সমষ্টি সংখ্যা একেই আছে যদিও সীমাৰ ব্যাপক সাল-সলনি ঘটিছে ৷

তদুপৰি কেতবোৰ সমষ্টিৰ বিলুপ্তিকৰণৰ লগতে কেতবোৰ নতুন সমষ্টি গঠন কৰা হৈছে ৷ এক কথাত সমষ্টিৰ জনগাঁথনি বহুখিনি সলনি হৈছে ৷ এনে প্ৰেক্ষাপটত এইবাৰৰ নিৰ্বাচনী ৰণকৌশল কিছু পৃথক হ'ব ৰাজনৈতিক দলসমূহৰ বাবে ৷ নিৰ্বাচনী ফলাফলতো ইয়াৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে ৷

ৰাজ্যৰ 14 টা লোকসভা সমষ্টিৰ ভিতৰত জনজাতি অধ্যুষিত লোকসভা সমষ্টি‌ হিচাপে চিহ্নিত তথা‌ বি টি আৰত অন্তৰ্গত কোকৰাঝাৰ লোকসভা সমষ্টিৰ এক গুৰুত্ব আছে । সমষ্টি পুননিৰ্ধাৰণৰ পূৰ্বে কোকৰাঝাৰ লোকসভা সমষ্টিত অন্তৰ্ভুক্ত হৈ আছিল কোকৰাঝাৰ, চিৰাং, বৰপেটা, বঙাইগাঁও আৰু বাক্সা জিলাৰ একাংশ এলেকা । এই সমষ্টিটো অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত আছিল ।

সমষ্টি পুনৰ্নিদ্ধাৰণৰ পূৰ্বে লোকসভা সমষ্টিটোত বিধানসভা সমষ্টি আছিল 10 টা । লোকসভা সমষ্টিটোৰ বিধানসভা সমষ্টি কেইটা হ’ল– গোসাঁইগাঁও, পূব কোকৰাঝাৰ,‌ পশ্চিম কোকৰাঝাৰ, চিদলী,‌ বিজনী, সৰভোগ, ভৱানীপুৰ,‌ তামুলপুৰ, বৰমা, চাপাগুৰি । শেহতীয়াকৈ সমষ্টি পুনৰ্নিদ্ধাৰণৰ পিছত এই লোকসভা সমষ্টিটো কোকৰাঝাৰ, চিৰাং আৰু বাক্সা জিলাৰ একাংশ এলেকা সামৰি গঠন কৰা হৈছে । এই সমষ্টিটো অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত হৈ আছে ।

সমষ্টি পুননিৰ্ধাৰণৰ পিছত কোকৰাঝাৰ লোকসভা সমষ্টিটো 9 টা বিধানসভা সমষ্টিৰে‌ গঠন‌ কৰা হৈছে । লোকসভা সমষ্টিটোত অন্তৰ্গত কৰা বিধানসভা সমষ্টিকেইটা হ'ল - গোসাঁইগাঁও, দতমা, কোকৰাঝাৰ, বাওখুংগ্ৰি, পৰ্বতঝৰা, ছিদলি চিৰাং, বিজনী, মানাহ আৰু বাক্সা ।

ভোটাৰৰ সংখ্যা হ্ৰাস: সমষ্টি পুনৰ্নিদ্ধাৰণৰ পূৰ্বে এই লোকসভা সমষ্টিটোৰ মুঠ ভোটাৰৰ সংখ্যা আছিল 17,65,423 গৰাকী । ইয়াৰে পুৰুষ ভোটাৰ 900318 জন আৰু মহিলা ভোটাৰ 865066 গৰাকী আছিল । আকৌ তৃতীয় লিংগৰ ভোটাৰ 39 গৰাকী আছিল । সমষ্টি পুনৰ্নিদ্ধাৰণৰ পিছত এই লোকসভা সমষ্টিটোৰ মুঠ ভোটাৰৰ সংখ্যা হ'ল 14,70,271 গৰাকী । ইয়াৰে পুৰুষ ভোটাৰ হ'ল 7,35,270 জন আৰু মহিলা ভোটাৰ হ'ল 737992 গৰাকী ।

আকৌ তৃতীয় লিংগৰ ভোটাৰ হ'ল 9 গৰাকী । ইয়াৰ পৰা দেখা যায় যে এই লোকসভা সমষ্টিটোত সমষ্টি পুনৰ্নিদ্ধাৰণৰ পিছত মুঠ ভোটাৰৰ‌ সংখ্যা হ্ৰাস হৈছে । ঠিক সেইদৰে পুৰুষ, মহিলা‌ আৰু‌ তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা হ্ৰাস হৈছে । লোকসভা সমষ্টিটোত সমষ্টি পুনৰ্নিদ্ধাৰণৰ পিছত মুঠ ভোটাৰৰ‌ সংখ্যা 2,95,152 গৰাকী হ্ৰাস হৈছে । ইয়াৰে পুৰুষ ভোটাৰ হ্ৰাস হৈছে 1,64,868 গৰাকী ।‌ আকৌ মহিলা‌‌ ভোটাৰ হ্ৰাস হৈছে 130074 গৰাকী ।

আনহাতে, তৃতীয় লিংগৰ ভোটাৰ হ্ৰাস হৈছে 30 গৰাকী ।‌

কোকৰাঝাৰ লোকসভাৰ সাংসদৰ ইতিহাস: 1957 চনত সমষ্টিটোৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনত কংগ্ৰেছৰ ডি বসুমতাৰী সমষ্টিটোৰ প্ৰথমজন সাংসদ হিচাপে নিৰ্বাচিত হৈছিল । বৰ্তমান লোকসভা সমষ্টিটোৰ সাংসদ নৱ শৰনীয়া । উল্লেখযোগ্য যে, অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত কোকৰাঝাৰ লোকসভা সমষ্টিটোত 1957 চনৰ পৰা 1971 চনলৈকে অৰ্থাৎ একেৰাহে চাৰিবাৰ সংসদলৈ নিৰ্বাচিত হৈছিল কংগ্ৰেছ দলৰ ডি বসুমতাৰী ।

ইয়াৰ পাছত 1977 চনত য়ু এৰ চৰণ নাৰ্জাৰী, 1984 চনত য়ু এৰ সমৰ ব্ৰহ্ম চৌধুৰী, 1991 চনত নিৰ্দলীয় ৰূপত সত্যেন্দ্ৰ নাথ ব্ৰহ্ম, 1996 ত লুইছ ইছলাৰী (নিৰ্দলীয়), 1998 ৰ পৰা 2004 চনলৈ নিৰ্দলীয় ৰূপে চানচুমা খুংগুৰ বিছমুঠাৰী, 2009 ত বি পি এফ দলৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াই পুনৰ সাংসদ ৰূপে নিৰ্বাচিত হয় চানচুমা খুংগুৰ বিছমুঠাৰী ।

কিন্তু 2014 ৰ সাধাৰণ নিৰ্বাচনত সমষ্টিটো বড়ো প্ৰতিনিধিৰ হাতৰ পৰা অবড়োৰ হাতলৈ যায় । 2014 চনৰ নিৰ্বাচনত সমষ্টিটোৰ পৰা নিৰ্দলীয় প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াই বিজয়ী হয় নৱ কুমাৰ শৰণীয়া । উল্লেখ্য যে, 2014 চনৰ নিৰ্বাচনত নৱ শৰণীয়াই 634,428 টা ভোট লাভ কৰাৰ বিপৰীতে দ্বিতীয় স্থানত থকা নিৰ্দলীয় প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মই লাভ কৰে 278,649 টা ভোট ।

তৃতীয় স্থানত থকা বি পি এফ প্ৰাৰ্থী চন্দন ব্ৰহ্মই 298,985 টা ভোট লাভ কৰাৰ বিপৰীতে ন’টাত পৰে 18,183 টা ভোট । 2019 চনত সমষ্টিটোৰ সাংসদ হয় নৱ কুমাৰ শৰণীয়া । শৰণীয়াই 2019 চনৰ লোকসভা নিৰ্বাচনতো কোকৰাঝাৰ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় জয় লাভ কৰিছিল । উল্লেখ্য যে, 2019 চনত নিৰ্বাচনৰ বাবে সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীসকল আছিল ক্ৰমে, কংগ্ৰেছৰ শব্দ ৰাম ৰাভা, বি পি এফৰ প্ৰমীলা ৰাণী ব্ৰহ্ম, য়ু পি পি এলৰ উৰ্খাও ব্ৰহ্ম, চি পি আই(এম)ৰ বিৰাজ ডেকা, ভোটাৰ্চ পাৰ্টি নেশ্যনেলৰ ৰাজেশ নাৰ্জাৰী, পূৰ্বাঞ্চল জনতা পাৰ্টী(চেকুলাৰ)ৰ চৰণ ইশ্বৰী, বৰ্তমানৰ সাংসদ তথা নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়া, নিৰ্দলীয় ৰঞ্জয় কুমাৰ ব্ৰহ্মৰ লগতে আন এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী হৈছে প্ৰসেনজিৎ কুমাৰ দাস ।

উল্লেখ্য যে লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে আকৰ্ষণীয় হৈ পৰিছে কোকৰাঝাৰ লোকসভা সমষ্টিৰ ৰাজনীতি ।‌ ইতিমধ্যে বি‌জে‌পিয়ে‌ কোকৰাঝাৰ লোকসভা সমষ্টিটো মিত্ৰদল‌ ইউ পি পি এলক এৰি দিছে । কিন্তু ইউ পি পি এলে এতিয়াও তেওঁলোকৰ প্ৰাৰ্থী ঘোষণা কৰা নাই । বি পি এফ, কংগ্ৰেছ দলৰ লগতে আন দলসমূহে তেওঁলোকৰ প্ৰাৰ্থী ঘোষণা কৰা নাই ।

আনপিনে বৰ্তমানৰ সাংসদ গণ সুৰক্ষা পাৰ্টীৰ নেতা নৱ‌ শৰণীয়াই এইবাৰো নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা সদৰী কৰি প্ৰচাৰ চলায় আছে । এনে পৰিপ্ৰেক্ষিতত কোকৰাঝাৰ লোকসভা সমষ্টিটোত কোনে শেষ হাঁহি মাৰিব সেয়া সময়হে ক'ব ।

লগতে পঢ়ক: নিৰ্দলীয় নহয়, দলীয় প্ৰাৰ্থী হিচাবে কোকৰাঝাৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ দাবী পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.