ETV Bharat / politics

টকাৰ বাণ্ডিলৰ লগত ফটো: বি পি এফৰ মতে সেয়া দুৰ্নীতিৰ টকা - UPPL Members Photo Viral

author img

By ETV Bharat Assamese Team

Published : Apr 28, 2024, 9:31 PM IST

BPF VP SUDDHA BASUMATARY
বিপিএফৰ কেন্দ্ৰীয় উপ-সভাপতি শুদ্ধ বসুমতাৰী

টকাৰ বাণ্ডিলৰ সৈতে উঠা ফটোৱে জোকাৰিছে ৰাজ্য ৷ বি পি এফৰ মতে সেই টকা দুৰ্নীতিৰ টকা ৷ এনে ঘটনা ইউ পি পি এলৰ সময়তহে দেখা গৈছে বুলি কয় বি পি এফৰ উপ-সভাপতিয়ে ৷

বিপিএফৰ কেন্দ্ৰীয় উপ-সভাপতি শুদ্ধ বসুমতাৰী

চিৰাং, 28 এপ্ৰিল: বাণ্ডিলে বাণ্ডিলে পাঁচশ টকীয়া নোটৰ ওপৰত শুই তোলা ফটো ভাইৰেল হৈ পৰিছে ৰাজ্যত ৷ ফটোকেইখনে বিশেষ চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমৰ লগতে সংবাদ মাধ্যমত ৷ ইউ পি পি এলৰ কেইগৰাকীমান যুৱনেতাই টকাৰ সৈতে তোলা ফটোকেইখনৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্নজনে ৷

চৰ্চিত ফটোকেইখনৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বি পি এফ দলৰ কেন্দ্ৰীয় উপ-সভাপতি শুদ্ধ বসুমতাৰীয়ে ৷ চিৰাঙৰ কাজলগাঁৱত বি পি এফৰ নেতাগৰাকীয়ে কয় যে প্ৰমোদ বড়োৱে সদায় দুৰ্নীতিমুক্ত চৰকাৰ গঠনৰ কথা কয় ৷ তাৰ পিচতো এয়া কি বুলি শুদ্ধ বসুমতাৰীয়ে প্ৰশ্ন কৰে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

এইবোৰ দুৰ্নীতিৰ টকা নহয়নে বুলি প্ৰশ্ন কৰি তেওঁ কয় যে বহু কোটি টকাৰ বিনিময়ত বড়োলেণ্ড ছাত্ৰ সন্থাৰ কেবাজনো নেতাক যোগদান কৰোইছিল ইউ পি পি এল দলত ৷ ভাইৰেল ফটোকেইখনত থকা টকাসমূহ ইউ পি পি এলত যোগদানৰ বাবে লাভ কৰা টকাও হ’ব পাৰে বুলি কয় বসুমতাৰীয়ে ৷ তেওঁ লগতে কয় যে কিছুদিন পূৰ্বে ওদালগুৰি জিলাৰ এজন ভি চি ডি চিৰ সদস্যৰ ফটোও এইদৰে ভাইৰেল হৈছিল ৷

ফটোৱে মিছা নকয় বুলি উল্লেখ কৰি বি পি এফ নেতাগৰাকীয়ে কয় যিহেতু ইউ পি পি এলে এয়া বি পি এফৰ ৰাজনৈতিক ষড়যন্ত্ৰ বুলি উল্লেখ কৰিছে, তেন্তে বি পি এফৰ ১৭ বছৰীয়া শাসনত এনে এটা ঘটনা দেখুৱাবলৈ শুদ্ধ বসুমতাৰীয়ে প্ৰত্যাহ্বান জনায় । এইবোৰ নিৰ্লজ্জ ঘটনা ইউপিপিএলৰ সময়তে দেখা বুলি উল্লেখ কৰি বি পি এফ নেতাগৰাকীয়ে কয় যে এইবোৰ দুৰ্নীতিৰ টকা ।

এইবোৰ ৰাইজৰ টকা বুলি দাবী কৰে বি পি এফৰ উপ-সভাপতিগৰাকীয়ে । বিজেপি নেতৃত্বাধীন চৰকাৰে চি বি আই, ই ডি লগাই বিৰোধীক হাৰাশাস্তি কৰি থকা বুলি অভিযোগ তুলি এইবোৰ ঘটনাও সংশ্লিষ্ট বিভাগৰ দ্বাৰা তদন্তৰ দাবী জনায় বি পি এফ নেতাগৰাকীয়ে ।

লগতে পঢ়ক: টকাৰ বাণ্ডিলৰ সৈতে ভাইৰেল যুৱনেতা: মুখ্যমন্ত্ৰীৰ মতে এনে ঘটনাৰ বাতৰি কৰিব নালাগে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.