ETV Bharat / politics

ৰাজ্যিক বিজেপিৰ মুখত বেলচা-ডাম্পাৰৰ প্ৰসংগ ! - Lok sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 9, 2024, 12:56 PM IST

BJP STATE PRESIDENT BHABESH KALITA SAYS people bid adieu to congress
ৰাজ্যিক বিজেপিৰ মুখত বেলচা-ডাম্পাৰৰ প্ৰসংগ!

Bhabesh kalita Election campaign: বেলচা নহয় ডাম্পাৰেৰে জনতাক দিয়া বুলি দাবী বিজেপি অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতাৰ ৷ কংগ্ৰেছ দলটোক দুটকীয়া নচলা নোট আখ্যা কলিতাৰ ৷ কংগ্ৰেছৰ টেটু চেপি খোৱা হাতক ইতিমধ্যে জনতাই বিদায় দিয়া বুলি দাবী বিজেপি অসম প্ৰদেশৰ সভাপতিগৰাকীৰ ৷

ৰাজ্যিক বিজেপিৰ মুখত বেলচা-ডাম্পাৰৰ প্ৰসংগ!

তিনিচুকীয়া, 9 এপ্ৰিল : তুংগত চলিছে ডিব্ৰুগড় লোকসভা সমষ্টিত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ ৷ সমষ্টিটোৰ অন্তৰ্গত তিনিচুকীয়াৰ নাট্য মন্দিৰত এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে অসম প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাই ৷ নিৰ্বাচনী প্ৰচাৰ সভাখনত অংশগ্ৰহণ কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কংগ্ৰেছক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷

তেওঁ কয়, "কংগ্ৰেছৰ হাতখন জনতাক ডিঙি চেপা হাত আছিল ৷ দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ হাত আছিল আৰু সেই হাত ইতিমধ্যেই জনতাই বিদায় দিছে । কংগ্ৰেছ বতাহ নাইকিয়া বেলুন, পামচাৰ টিউব আৰু সেই পামচাৰ চকাৰ গাড়ীত এতিয়া সাধাৰণ জনতা নুঠে ।"

কংগ্ৰেছ এতিয়া দুটকীয়া নচলা নোট বুলি উল্লেখ কৰি কলিতাই বজাৰত দুটকীয়া নোটৰ এতিয়া কোনো মূল্য নাই বুলি উল্লেখ কৰে ৷ ডিব্ৰুগড় লোকসভা সমষ্টিৰ তিনিচুকীয়াৰ নাট্য মন্দিৰত আয়োজিত এই নিৰ্বাচনী সভাত বিৰোধী যৌথ মঞ্চৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ কোনো ফেক্টৰ নহয় বুলি উল্লেখ কৰি কলিতাই ফুটা টায়াৰ আৰু ফুটা টিউব লগ লাগিছে বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য আগবঢ়ায় ৷

ইয়াৰ লগতে বিৰোধীয়ে কোৱা চামুছেৰে দি বেলচাৰে লৈছা প্ৰসংগত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয়, "30 মহিলাক দিয়া হৈছে অৰুণোদয়ৰ সুবিধা ৷ গতিকে এয়া বেলচা নহয় আমি ডাম্পাৰেৰে দিছো ।"

উল্লেখ কৰা প্ৰয়োজন যে, মংগলবাৰৰ সন্ধিয়া তিনিচুকীয়া চহৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমৃত শ্বাহৰ ৰ’ড শ্ব’ৰ বাবে সৃষ্টি হৈছে এক অনন্য পৰিৱেশৰ ৷ উক্ত নিৰ্বাচনী সভাখনত সভাপতিগৰাকীৰ লগতে শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণ, সাংস্কৃতিক মন্ত্ৰী বিমল বড়া, জিলা বিজেপিৰ সভাপতি কুশকান্ত বৰাকে আদি কৰি জিলাখনৰ বিজেপিৰ নেতৃবৃন্দ উপস্থিত থাকিব ৷

লগতে পঢ়ক : কংগ্ৰেছৰ ইস্তাহাৰক পুৰণি নোটৰ সৈতে তুলনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ - Assam CM Election Campaign

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.