ETV Bharat / politics

কংগ্ৰেছৰ ইস্তাহাৰক পুৰণি নোটৰ সৈতে তুলনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ - Assam CM Election Campaign

Assam CM Election Campaign : হোজাইত কাজিৰঙা লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ কংগ্ৰেছৰ ইস্তাহাৰক পুৰণি নোটৰ সৈতে তুলনা কৰি কটাক্ষ মুখ্যমন্ত্ৰী শৰ্মাৰ ৷

Congress is like an old note now which is of no use: Assam CM Himanta Biswa Sarma
কংগ্ৰেছৰ ইস্তাহাৰক পুৰণি নোটৰ সৈতে তুলনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ
author img

By ETV Bharat Assamese Team

Published : April 8, 2024 at 7:37 AM IST

2 Min Read
Choose ETV Bharat
কংগ্ৰেছৰ ইস্তাহাৰক পুৰণি নোটৰ সৈতে তুলনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ

হোজাই, 8 এপ্ৰিল : লোকসভা নিৰ্বাচনৰ দিন যিমানেই ওচৰ চাপিছে সিমানেই তৎপৰতা বঢ়া পৰিলক্ষিত হৈছে ৰাজনৈতিক দলসমূহৰ ৷ হোজাইতো ভোটাৰ ৰাইজৰ মন জয় কৰিবলৈ সৰ্বস্ব উজাৰি প্ৰচাৰ চলাইছে শাসক-বিৰোধী উভয়ে ৷ দেওবাৰে হোজাইত উপস্থিত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷

ৰাইজৰ লগত নাচি বাগি মুখ্যমন্ত্ৰীগৰাকীয়ে চলালে নিৰ্বাচনী প্ৰচাৰ । হোজাইৰ সদৰ শংকৰদেৱ নগৰৰ ক্ৰীড়া খেলপথাৰত আয়োজন কৰা হয় এই নিৰ্বাচনী প্ৰচাৰ অনুষ্ঠানৰ ৷ নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত হৈ সকলোকে সমাগত লোকসভা নিৰ্বাচনত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচন কৰিবলৈ সকলোকে আহ্বান জনায় ।

Congress is like an old note now which is of no use: Assam CM Himanta Biswa Sarma
কংগ্ৰেছৰ ইস্তাহাৰক পুৰণি নোটৰ সৈতে তুলনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ

কাজিৰঙা লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে সভাত জনতাৰ বিপুল সঁহাৰিয়ে বিজেপি প্ৰাৰ্থাগৰাকীৰ বিজয় যে নিশ্চিত তাৰেই ইংগিত বহন কৰা বুলি দাবী কৰে ৷ লগতে এই বিজেপিৰ লহৰ চুনামিলৈ পৰ্যবসিত হ’ব পাৰে বুলিও আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷

ইয়াৰ লগতে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী শৰ্মাই কয়, "ইয়াত উপস্থিত সকলোৱে নাচি আছে ৷ কোনো মানুহ দুখত নাই অসমত ৷ সকলো মানুহেই আকৌ এবাৰ মোদী চৰকাৰ নাচি আছে ৷ এনেকুৱা প্ৰচাৰ খুউব কয় জেগাত দেখিবলৈ পোৱা যায় ৷"

সংখ্যালঘু লোকেও সভাখনত অংশগ্ৰহণ কৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছক কটাক্ষ কৰে ৷ কংগ্ৰেছৰ ইস্তাহাৰক পুৰণি নোটৰ সৈতে তুলনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

উক্ত সভাখনত হোজাই, লামডিং, বিন্নাকান্দি, বঢ়মপুৰ সমষ্টিৰ ৫০/৬০ হাজাৰ লোকৰ সমাগম ঘটা পৰিলক্ষিত হয় । উক্ত সভাত মন্ত্ৰী পীযুষ হাজৰীকা, বিধায়ক জিতু গোস্বামী, ৰামকৃষ্ণ ঘোষ, শিবু মিশ্ৰসহ বহু বিজেপিৰ নেতা-কৰ্মী উপস্থিত থাকে ।

  • " class="align-text-top noRightClick twitterSection" data="">

লগতে পঢ়ক : মুখ্যমন্ত্ৰী আহিব: ভাঙি জ্বলাই দিয়া হ’ল চৰকাৰী বিদ্যালয়ৰ চাইকেল ষ্টেণ্ড-জিৰণি চ’ৰা - Lok Sabha Election 2024