ETV Bharat / politics

অসমৰ তিনিটা সমষ্টিত বিৰামহীন‌ সভা কৰি জে পি নাড্ডাৰ নিৰ্বাচনী ৰণডংকা - LOK SABAHA ELECTION 2024

author img

By ETV Bharat Assamese Team

Published : Apr 19, 2024, 6:23 AM IST

LOK SABAH ELECTION 2024
বিশাল নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰে জে পি নাড্ডাৰ

অসমৰ তিনিটা লোকসভা সমষ্টিত একেদিনাই বিৰামহীনভাবে তিনিখনকৈ বিশাল নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰে জে পি নাড্ডাই ৷ তিনিওখন সভাতে বি জে পি ৰ 10 বছৰীয়া কাৰ্যকালৰ ৰিপোৰ্ট কাৰ্ড উল্লেখ কৰি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশ আৰু উন্নয়নৰ সন্দৰ্ভত তেওঁ ভাষণ দিয়ে ৷

অসমত জে পি নাড্ডাৰ নিৰ্বাচনী ৰণডংকা

গুৱাহাটী, 18 এপ্ৰিল : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে নলবাৰীত নিৰ্বাচনী ৰণডংকা বজায় যোৱাৰ পিচত বৃহস্পতিবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই অসমৰ তিনিটা লোকসভা সমষ্টিত একেদিনাই বিৰামহীনভাবে তিনিখনকৈ বিশাল নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰে ৷ দিনৰ 11.40বজাত নাড্ডাই পশ্চিম বংগৰ পৰা হেলিকপ্টাৰেৰে কোকৰাঝাৰত উপস্থিত হৈ কোকৰাঝাৰ সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰার্থী জয়ন্ত বসুমতাৰীৰ সমৰ্থনত গ্ৰীণ ফিল্ডত জনসভা সম্বোধন কৰে ৷ তাৰ পিচত তেওঁ দৰং- ওদালগুৰিৰ প্ৰার্থী দিলীপ শ‍ইকীয়াৰ সমৰ্থনত ভেৰগাঁৱত আৰু গুৱাহাটী সমষ্টিৰ প্ৰার্থী বিজুলী কলিতা মেধিৰ সমৰ্থনত দুধনৈত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে ৷ দুধনৈত সভা কৰি সন্ধিয়া 5.25 বজাত গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰৰ পৰা বিশেষ বিমানেৰে তেওঁ কেৰালালৈ উৰা মাৰে ৷

উল্লেখ্য যে তিনিওখন সভাতে বি জে পি ৰ 10 বছৰীয়া কাৰ্যকালৰ ৰিপোৰ্ট কাৰ্ড উল্লেখ কৰি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশ আৰু উন্নয়নৰ সন্দৰ্ভত তেওঁ ভাষণ দিয়ে ৷ ভাষণৰ বেছিভাগতে তেওঁ নৰেন্দ্ৰ মোদীৰ সবল নেতৃত্ব আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ কাৰ্যক্ষমতাৰ গুণগান কৰে ৷ কোকৰাঝাৰত ভাষণ দি তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলক দেশৰ লগত সংযুক্ত কৰাৰ কাম কৰিছে ৷ কিন্তু কংগ্ৰেছ দলে অসম তথা উত্তৰ-পূৰ্বাঞ্চলক বিভাজন কৰিছিল, গুৰুত্বহীন কৰিছিল ৷ দিল্লী এতিয়া অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বহুত দূৰৈত নহয় ৷

তেওঁ কয় যে, প্ৰধানমন্ত্ৰী হিচাপে একমাত্ৰ নৰেন্দ্ৰ মোদীয়ে সৰ্বাধিকবাৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চললৈ আহিছে ৷ বিগত 10 বছৰত দেশৰ বিভিন্ন কেন্দ্ৰীয় মন্ত্ৰীয়ে 680 বাৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ভ্ৰমণলৈ আহিছে ৷ কোকৰাঝাৰত তেওঁ কয় যে অসমৰ 50 টা ৰে’লৱে ষ্টেচন উন্নত আৰু মেৰামতিৰ কাম আৰম্ভ হৈছে ৷ অসমত যি ধৰণে ৰে’লৱে ষ্টেচন উন্নত কৰাৰ কাম চলি আছে ভৱিষ্যতে ৰে’লৱে ষ্টেচন আৰু বিমানবন্দৰৰ মাজত কোনো পাৰ্থক্য নাথাকিব ৷ ইফালে তেওঁ তিনিওখন জনসভাতে বিৰোধীক সমালোচনা কৰি কয় যে, কংগ্ৰেছ, আৰ জে ডি, ডি এম কে, সমাজবাদী পাৰ্টী, আপ, তৃণমূল কংগ্ৰেছৰ বহুত নেতা-মন্ত্ৰী দুৰ্নীতিৰ গোচৰত হয় জেলত আছে নহয় জামিনত আছে ৷

ভাষণত তেওঁ কয় যে যোৱা 10 বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ অৰ্থনৈতিক ব্যৱস্থা উন্নত হৈছে, গ্ৰামাঞ্চলৰ উন্নয়ন‌ হৈছে ৷ গৰীৱ মানুহৰ অৰ্থনৈতিক অৱস্থা টনকিয়াল হৈছে ৷ অসম তথা উত্তৰ-পূৰ্বাঞ্চলত শান্তিৰ বাতাবৰণ সৃষ্টি হৈছে ৷ অশান্ত বড়োলেণ্ডত শান্তি প্ৰতিষ্ঠা হৈছে ৷ উত্তৰ-পূবৰ 70 শতাংশ এলেকাৰ পৰা সশস্ত্ৰ বাহিনীৰ অধিনিয়ম আঁতৰ কৰা হৈছে ৷ উগ্ৰপন্থীৰ সমস্যা নোহোৱা হৈছে ৷ লগতে উত্তৰ-পূৰ্বাঞ্চল বিকাশৰ গতিত আগবাঢ়িছে বুলি মন্তব্য কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিজনে ৷

লগতে পঢ়ক : বিজেপি মিত্ৰজোঁটৰ তিনি প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আজি অসমলৈ জেপি নাড্ডা - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.