ETV Bharat / politics

3 লাখ ভোটৰ ব্যৱধানত শেষ হাঁহি মাৰিব বুলি আত্মবিশ্বাসী সাংসদ দিলীপ শইকীয়া

author img

By ETV Bharat Assamese Team

Published : Mar 8, 2024, 11:19 AM IST

BJP MLA Dilip Saikia reacts on Lok sabha Election 2024 in Rangia
3 লাখ ভোটৰ ব্যৱধানত শেষ হাঁহি মাৰিব বুলি আত্মবিশ্বাসী সাংসদ দিলীপ শইকীয়া

Lok Sabha Election 2024: বৃহস্পতিবাৰে ৰঙিয়াত উপস্থিত হৈ সাংসদ দিলীপ শইকীয়াই বিৰোধীক বিজেপিয়ে দুৰ্বল বুলি নাভাবে বুলি উল্লেখ কৰে ৷ নিৰ্বাচন সম্বন্ধীয় কেতবোৰ গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায় সাংসদগৰাকীয়ে ৷

3 লাখ ভোটৰ ব্যৱধানত শেষ হাঁহি মাৰিব বুলি আত্মবিশ্বাসী সাংসদ দিলীপ শইকীয়া

ৰঙিয়া, 8 মাৰ্চ: লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত আকৰ্ষণীয় হৈ উঠিছে শাসক-বিৰোধীৰ আক্ৰমণ-প্ৰত্যাক্ৰমণ যুঁজখন ৷ শাসকীয় প্ৰতিগৰাকী বিধায়কে বিৰোধীক ক্ষমতাহীন বুলি দাবী কৰি অহাৰ সময়তে এইবাৰ সাংসদ দিলীপ শইকীয়া আগবঢ়ালে এক ব্যতিক্ৰমী মন্তব্য ৷

তথ্য অনুসৰি, বৃহস্পতিবাৰে ৰঙিয়াত উপস্থিত হয় দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ বিজেপি সাংসদ দিলীপ শইকীয়া । ৰঙিয়াৰ হৰদত্ত-বীৰদত্ত ভৱনত অনুষ্ঠিত হয় এখন সাংগঠনিক সভা আৰু এই সাংগঠনিক সভাত বিজেপিৰ প্ৰাৰ্থী তথা সাংসদ শইকীয়াই কয়, "নিৰ্বাচনত অৱতীৰ্ণ হৈছো যেতিয়া বিৰোধীক আমি দুৰ্বল বুলি নাভাবো ৷ ঐক্যৱদ্ধই হওঁক অথবা বিভক্ত বিৰোধীয়ে হওঁক ৷"

সাংগঠনিক সভাত উপস্থিত থাকি সংবাদ মাধ্যমৰ আগত বিজেপিৰ প্ৰাৰ্থী তথা সাংসদ দিলীপ শইকীয়াই সমাগত লোকসভা নিৰ্বাচনত কমেও তিনি লাখ ভোটৰ ব্যৱধানত বিজয়ী হ'ব বুলি দাবী কৰে । লগতে সাংসদগৰাকীয়ে বিৰোধী দল এটাই হওঁক বা বহুধাবিভক্ত বিৰোধী হ’লেও 3 লাখ ভোটৰ ব্যৱধানত শেষ হাঁহি মাৰিব বুলিও কয় । উন্নয়নেই এইবেলি নিৰ্বাচনৰ মূলমন্ত্ৰ বুলি উল্লেখ কৰি দৰং-ওদালগুৰি লোকসভা সমষ্টিত বড়ো ভোটাৰে বিজেপিক আদৰি ল’ব বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ।

ইয়াৰোপৰি ৰঙিয়া সমষ্টিৰ পৰা অধিক ভোট পাব বুলি সাংসদ দিলীপ শইকীয়াই নিজৰ বিশ্বাস আছে বুলি জানিবলৈ দিয়ে সংবাদ মাধ্যমৰ আগত । ৰে’ল সেৱাৰ সুবিধা সন্দৰ্ভত ক’বলৈ গৈ ৰঙিয়াত ৰাজধানী এক্সপ্ৰেছ ৰখোৱাৰ ব্যৱস্থা কৰা হ’ব বুলিও সংবাদ মাধ্যমৰ যোগেদি ৰাইজলৈ আশ্বাস প্ৰদান কৰে ।

ৰঙিয়াত বৃহস্পতিবাৰে অনুষ্ঠিত এই অনুষ্ঠানত বিজেপিৰ প্ৰাৰ্থী তথা সাংসদ দিলীপ শইকীয়াৰ লগত উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ।

লগতে পঢ়ক: উন্নয়নৰ ধাৰা অব্যাহত ৰাখি দেশৰ হৈ কাম কৰিম: দিলীপ শইকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.