উন্নয়নৰ ধাৰা অব্যাহত ৰাখি দেশৰ হৈ কাম কৰিম: দিলীপ শইকীয়া - darrang udalguri constituency

🎬 Watch Now: Feature Video

thumbnail
সাংসদ দিলীপ শইকীয়া (undefined)

By ETV Bharat Assamese Team

Published : March 2, 2024 at 10:52 PM IST

1 Min Read
Choose ETV Bharat

 দৰং, ২ মাৰ্চ: দৰং-ওদালগুৰি লোকসভা সমষ্টিত বিজেপিয়ে আজি সাংসদ দিলীপ শইকীয়াক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ লগে লগে দলৰ দৰং জিলাৰ মঙলদৈ কাৰ্যালয়ত আনন্দৰ পৰিবেশৰ সৃষ্টি হয় । জিলাখনৰ মঙলদৈ, ছিপাঝাৰ আৰু দলগাঁও সমষ্টিৰ দলীয় কৰ্মকৰ্তাসকলে ফটকা ফুটাই, নাচি-বাগি আনন্দ প্ৰকাশ কৰে । দুই শতাধিক দলীয় বিষয়ববীয়া ,কৰ্মকৰ্তাৰ উপস্থিতিত সাংসদ দিলীপ শইকীয়াই পুনৰ প্ৰাৰ্থিত্ব লাভ কৰি দৰং -ওদালগুৰি তথা অসমৰ ৰাইজৰ সেৱা কৰি যাব বুলি কয় ।  

সাংসদ দিলীপ শইকীয়াই পুনৰ কয়," প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আজি উন্নয়নৰ ধাৰা বৈছে । এই ধাৰা অব্যাহত ৰাখি আমি দেশৰ হৈ জাতিৰ হৈ কাম কৰিম । " তেওঁ মঙলদৈ চহৰৰ সোমাজেৰে যোৱা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাইপাছৰ কাম দ্ৰুতগতিত হৈ থকা প্ৰসংগ উত্থাপন কৰি দৰং ওদালগুৰি জিলাৰ শেহতীয়া উন্নয়নৰ বিভিন্ন দিশ উল্লেখ কৰে । সাংসদগৰাকীয়ে আগন্তুক নিৰ্বাচনত সকলো শ্ৰেণীৰ ৰাইজৰ সহযোগিতা কামনা কৰে ।

জিলা কাৰ্যালয়ত দৰং জিলা বিজেপিৰ সভাপতি অমৰেন্দ শৰ্মা , দৰং জিলা অগপৰ সাধাৰণ সম্পাদক স্বৰাজ ডেকা, জিলা বিজেপিৰ উপ সভাপতি মকুন্দ ডেকা, শেৱালি গোস্বামী কলিতা , অ'বিচি মৰ্চা দৰঙৰ সভাপতি নৃফন নাথ , মহিলা মৰ্চাৰ সভানেত্ৰী ৰূপালী দেবী, অনুসুচীত জাতি মৰ্চাৰ সভানেত্ৰী গিতীমা দাস আদি উপস্থিত থাকে ।

লগতে পঢ়ক:জিলা আয়ুক্তৰ কাৰ্যালয়ত ধোৱাচাঙত কৰ্ম-সংস্কৃতি

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details