ETV Bharat / politics

ৰাইজৰ দলৰ কৰ্মীক বিজেপি নেতাই মাৰপিট কৰাৰ অভিযোগ: ব্যৱস্থা গ্ৰহণৰ বাবে 24 ঘণ্টা নিৰ্ধাৰণ অভিযোগকাৰীৰ - Political Violence in Majuli

author img

By ETV Bharat Assamese Team

Published : Apr 14, 2024, 10:02 PM IST

POLITICAL VIOLENCE IN MAJULI
মাজুলীত নিৰ্বাচনী হিংসাৰ অভিযোগ ৰাইজৰ দলৰ

বিজেপি নেতাই মাজুলীত ৰাইজৰ দলৰ 5 গৰাকী সদস্যক মাৰপিট কৰাৰ অভিযোগ ৷ অখিল গগৈৰ সভাৰ পৰা উভতি অহাৰ পথতে এই ঘটনা সংঘটিতৰ অভিযোগত উত্থাপিত হৈছে ৷ নিৰ্বাচনী হিংসাৰ পৰিপ্ৰেক্ষিতত বাতিল কৰা হ’ল অখিল গগৈৰ তিনিখন সভা ৷

মাজুলীত নিৰ্বাচনী হিংসাৰ অভিযোগ ৰাইজৰ দলৰ

মাজুলী, 14 এপ্ৰিল: দেওবাৰে মাজুলীত নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ শাসকীয় পক্ষৰ নেতাই বিৰোধীৰ পাঁচগৰাকীকৈ লোকক মাৰপিট কৰাৰ লগতে বাহনৰ ক্ষতিগ্ৰস্ত কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজৰ দলে ৷

উল্লেখ্য যে দেওবাৰে যোৰহাট সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ মাজুলীত উপস্থিত হৈছিল ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ৷ সত্ৰপীঠখনত কেবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰাৰ পিচত অখিল গগৈয়ে লোহিত খাবলু অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যায় ৷

লোহিত খাবলু অঞ্চলত অখিল গগৈৰ প্ৰচাৰ সভাৰ পৰা উভতাৰ পথত গৌৰৱ গগৈ জিন্দাবাদ ধ্বনি দিয়াক লৈ কংগ্ৰেছ কৰ্মীক শাসকীয় বিজেপি নেতাই ৰাইজৰ দলৰ কৰ্মীক মাৰধৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ উক্ত আক্ৰমণত প'ক নৰহ, কৃষ্ণ পায়েং, হৰকান্ত পায়েং আৰু নিৰ্বান্দ পগাগ নামৰ ৰাইজৰ দলৰ কৰ্মীকেইগৰাকী আহত হোৱা বুলি জানিব পৰা গৈছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

ৰাইজৰ দলৰ অভিযোগ অনুসৰি বিজেপি নেতা তথা মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুকুল পেগু নামৰ এজন লোকে ৰাইজৰ দলৰ কৰ্মী পাঁচগৰাকীক মাৰপিট কৰে ৷ ৰাইজৰ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক তথা মুখপাত্ৰ টি এম প্ৰাণে অভিযোগ কৰে যে বিজেপি দলৰ নীতিয়েই হৈছে মানুহক ভয় খুৱাই শাসনত থকা ৷ সেয়েহে ৰাইজৰ দলৰ কৰ্মীকেইগৰাকীক মাৰপিট কৰি ভয় খুৱাব বিচাৰিছে বুলি অভিযোগ উত্থাপিত হৈছে ৷ সচেতন মাজুলীবাসীয়ে এনেধৰণৰ কাৰ্যক কেতিয়াও সমৰ্থন নকৰে বুলি তেওঁ উল্লেখ কৰে ৷

ইফালে এই হিংসাত্মক পৰিস্থিতিৰ পিচতে বাতিল কৰা হয় অখিল গগৈৰ তিনিখনকৈ নিৰ্বাচনী সভা ৷ মাজুলীৰ ফুলনি, দক্ষিণপাট আৰু ৰাওপাৰৰ সভা তিনিখন বাতিল কৰা হয় হিংসাত্মক পৰিস্থিতিৰ বাবে ৷

সমগ্ৰ ঘটনাৰ সন্দৰ্ভত গড়মূৰ আৰক্ষী থানত ৰাইজৰ দলৰ ফালৰ পৰা এখন এজাহাৰ দাখিল কৰা হয় ৷ গড়মূৰ আৰক্ষীক ২৪ ঘন্টাৰ ভিতৰত দোষীক কৰায়ত্ব কৰাৰ লগতে দোষীক উচিত শাস্তিৰ দাবী তুলিছে ৰাইজৰ দলৰ ফালৰ পৰা ৷ গড়মূৰ থানাত সন্মুখত আৰক্ষীৰ সমৰসজ্জা ৷

লগতে পঢ়ক: প্ৰকাৰান্তৰে বিজেপিৰ প্ৰতি সমৰ্থন সাংসদ বদৰুদ্দিন আজমলৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.