ETV Bharat / politics

নগাঁৱত বিজেপিৰ দুজন প্ৰাৰ্থী : প্ৰদ্যুৎ বৰদলৈ - Lok Sabha election 2024

নগাঁও লোকসভা সমষ্টিত কংগ্ৰেছ-বিজেপিৰ বাকযুদ্ধ আকৰ্ষণীয় হৈছে । ইয়াৰ মাজতেই কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিৰ বিৰুদ্ধে কৰিলে বিস্ফোৰক মন্তব্য় ।

Congress candidate Pradyut Bordoloi
কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ
author img

By ETV Bharat Assamese Team

Published : March 29, 2024 at 4:15 PM IST

2 Min Read
Choose ETV Bharat
কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ

নগাঁও, ২৯ মাৰ্চ: লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ দিন ক্ৰমে চমু চাপি অহাত প্ৰাৰ্থীসকলে তীব্ৰ গতিত চলাইছে প্ৰচাৰ অভিযান ৷ এই অভিযানৰ সমান্তৰালভাৱে তীব্ৰতৰ হৈছে ইজনে-সিজনলৈ বোকা ছটিওৱাৰ ৰাজনীতি ৷ বিশেষকৈ নগাঁও লোকসভা সমষ্টিত এই বাকযুদ্ধখন আকৰ্ষণীয় পৰ্যায়ত উপনীত হৈছে । এইবাৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাক আক্ৰমণৰ লক্ষ্য় কৰি লৈছে কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে । তেওঁ আজি নগাঁও ৰাজীৱ ভৱনত অনুষ্ঠিত বিৰোধী ঐক্য মঞ্চৰ উমৈহতীয়া সভাৰ পিচতেই বিজেপি প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে সৰৱ হৈ পৰে ।

কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে কয়," নগাঁৱত বিজেপিৰ দুজন প্ৰাৰ্থীৰ বিৰুদ্ধে হ'ব কংগ্ৰেছ প্ৰাৰ্থীৰ যুজঁ । নগাঁও লোকসভা সমষ্টিৰ বাবে বিজেপিয়ে সুৰেশ বৰাক মনোনীত কৰিছে যদিও এআইইউডিএফৰ প্ৰাৰ্থী অমিনুল ইছলামো বিজেপিৰ সমৰ্থিত প্ৰাৰ্থী ।" শুক্ৰবাৰে পুৱাই নগাঁও ৰাজীৱ ভৱনত বিৰোধী ঐক্য মঞ্চৰ সন্মিলিত বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সন্মুখত এইদৰে বিস্ফোৰক মন্তব্য কৰি নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ সাংসদ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে আনকি সংখ্যালঘু ভোটাৰৰ বিজেপিত যোগদান সন্দৰ্ভতো মন্তব্য কৰে ।

তেওঁ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাক সমালোচনা কৰাৰ লগতে এ আই ইউ ডি এফৰ ভোটাৰকো লক্ষ্য় কৰি লয় । কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে কয় যে এ আই ইউ ডি এফৰ ভোটাৰকে বিজেপিত যোগদান কৰোৱাই বিজেপিয়ে সংখ্যালঘুৰ সমৰ্থন আদায় কৰা দেখুৱাব খুজিছে । বিজেপি দলৰ অজস্ৰ টকা থকা বাবে গাড়ী-ঘোঁৰা ব্যৱহাৰ কৰি সভালৈ মানুহ আনি জনসমাগম দেখুওৱাৰ চেষ্টা কৰা বুলিও মন্তব্য কৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ।

ইপিনে, শুক্ৰবাৰে নগাঁও ৰাজীৱ ভৱনত অনুষ্ঠিত বিৰোধী ঐক্য মঞ্চৰ উমৈহতীয়া সভাত আম আদমি পাৰ্টী, ৰাইজৰ দল,চি পি আই (এম) কে আদি কৰি বিৰোধী ঐক্যৰ আটাইকেইটা দলৰ নেতা উপস্থিত থাকি তেওঁক সমৰ্থন কৰা বুলিও উল্লেখ কৰে প্ৰদ্যুৎ বৰদলৈয়ে । বিৰোধী ঐক্যৰ আটাইকেইটা দলেই কংগ্ৰেছ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব বুলিও কয় কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ।

লগতে পঢ়ক:কংগ্ৰেছ দলৰ শিপা বহুত মজবুত: প্ৰদ্যুৎ বৰদলৈ - Lok Sabha Election 2024