ETV Bharat / politics

কংগ্ৰেছ দলত এতিয়া মানুহ থাকিবই নোৱাৰে : তপন কুমাৰ গগৈ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 1, 2024, 3:30 PM IST

Topon Kumar Gogoi : দ্বিতীয়বাৰৰ বাবে জয়লাভ কৰিব বুলি দাবী বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈৰ ৷ কংগ্ৰেছত এতিয়া মানুহ থাকিবই নোৱাৰে সেয়েহে বিজেপিত যোগদান কৰিছে বুলি মন্তব্য কৰে বিজেপি প্ৰাৰ্থীজনে ৷

TOPON KUMAR GOGOI
বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈৰ নিৰ্বাচনী প্ৰচাৰ

যোৰহাট সমষ্টিত তুংগত উঠিছে বিজেপি প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ

সোণাৰি, 1 এপ্ৰিল : লোকসভা নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে যোৰহাট সমষ্টিত তুংগত উঠিছে শাসক-বিৰোধীৰ নিৰ্বাচনী প্ৰচাৰ ৷ প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া যোৰহাট লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈক দ্বিতীয়বাৰৰ বাবে সংসদলৈ পঠিয়াবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি ৰাজ্যৰ কেইবাজনো প্ৰভাৱশালী মন্ত্ৰী আৰু বিধায়ক এতিয়া ব্যস্ত যোৰহাট লোকসভা সমষ্টিত ৷ ইফালে তপন কুমাৰ গগৈৰ প্ৰতিদ্বন্দ্বী কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে ব্যাপক প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে সমষ্টিটোত ৷

গৌৰৱ গগৈক প্ৰতিহত কৰিবলৈ যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছ দলৰ নেতা-কৰ্মীক বিজেপিত যোগদান কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে বিজেপিয়ে ৷ আনহাতে বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে দিনে-নিশাই সমষ্টিটোৰ বিভিন্ন প্ৰান্তত ব্যাপক প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে ৷ আজি সোণাৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত ভজো গাঁও পঞ্চায়তত নিৰ্বাচনী প্ৰচাৰ চলালে তপন কুমাৰ গগৈয়ে ৷ এই প্ৰচাৰ সভাত দ্বিতীয়বাৰৰ বাবে জয়লাভ কৰাৰ আশা প্ৰকাশ কৰে তপন কুমাৰ গগৈয়ে ৷

সাংবাদিকৰ আগত তপন কুমাৰ গগৈয়ে কয় যে, সোণাৰিৰ লগতে যোৰহাট লোকসভা সমষ্টিৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত ভোট দিব ৷ যোৰহাট লোকসভা সমষ্টিৰ পৰা এইবাৰ বিপুল ভোটত জয়লাভ কৰিব বুলি উল্লেখ কৰে তেওঁ ৷ লগতে কংগ্ৰেছ দলত আভ্যন্তৰীণ শৃংখলা আছে বুলি ভবা নাই বুলিও মন্তব্য আগবঢ়ায় তপন কুমাৰ গগৈয়ে ৷ কংগ্ৰেছত এতিয়া মানুহ থাকিবই নোৱাৰে সেয়েহে বিজেপিত যোগদান কৰিছে বুলি মন্তব্য কৰে বিজেপি প্ৰাৰ্থীজনে ৷ আজি এই প্ৰচাৰ সভাত কেইবাগৰাকীও কংগ্ৰেছ কৰ্মীয়ে বিজেপি দলত যোগদান কৰে ৷ এই যোগদান সম্পৰ্কত তপন কুমাৰ গগৈয়ে কয় যে, লোকসভা নিৰ্বাচনলৈকে আৰু বহু কংগ্ৰেছীয়ে বিজেপি দলত যোগদান কৰিব ৷

লগতে পঢ়ক : সাংবাদিকৰ এশাৰী বাক্যই দুদিনলৈ টেনশ্যন দিয়ে সাংসদ তাছাক - Kaziranga Lok Sabha Constituency



ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.