ETV Bharat / politics

বিজনীত ইউ পি পি এল প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ সমৰ্থনত বাইক ৰেলী - Lok Sabha elections 2024

Kokrajhar Lok Sabha constituency: কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বিজনীত জয়ন্ত বসুমতাৰীৰ সমৰ্থনত উলিয়ালে ৰেলী । এই ৰেলী উদ্ধোধন কৰে প্ৰাৰ্থী জয়ন্ত বসুমতাৰী আৰু বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়ে ।

UPPL candidate Jayanta Basumatary
ইউ পিপিএল প্ৰাৰ্থী জয়ন্ত বসুমতাৰী
author img

By ETV Bharat Assamese Team

Published : April 2, 2024 at 5:41 PM IST

2 Min Read
Choose ETV Bharat
ইউ পিপিএল প্ৰাৰ্থী জয়ন্ত বসুমতাৰী

চিৰাং, ২ এপ্ৰিল: চিৰাং জিলাৰ ১ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বিজনীত ক্ৰমাৎ গৰম হৈছে নিৰ্বাচনী বতাহ । প্ৰতিটো দলেই তীব্ৰ গতিত চলাইছে প্ৰচাৰ । ইয়াৰ মাজতেই আজি কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিজেপি, অগপ সমৰ্থিত ইউ পিপিএল প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ সমৰ্থনত সমৰ্থকসকলে উলিয়ালে বৃহৎ বাইক ৰেলী । বিজনী জিলা ইউপিপিএল কাৰ্যালয়ৰ সন্মুখৰ পৰা উলিওৱা এই বাইক ৰেলীটো আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে প্ৰাৰ্থী জয়ন্ত বসুমতাৰী আৰু বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়ৰ লগতে অগপৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক নৱ কলিতাই । ১২ শতকৈ অধিক মটৰ চাইকেলে অংশগ্ৰহণ কৰা সমদলটোৱে সমগ্ৰ বিজনী বিধানসভা সমষ্টি পৰিভ্ৰমণ কৰে ।

এইক্ষেত্ৰত বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাত মজবুত কৰাৰ বাবে ৰাইজে আজি স্বতঃস্ফুৰ্তভাৱে ওলাই আহিছে বুলি উল্লেখ কৰি কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ জয় নিশ্চিত বুলি দাবী কৰে । ইপিনে, কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীয়ে কয়,"বিটিআৰত ইউপিপিএল, বিজেপি আৰু অগপৰ সমৰ্থক সকলোৱে স্বতঃস্ফুৰ্তভাৱে ওলাই আহিছে । কাৰণ বি টি আৰত এতিয়া শান্তি প্ৰতিষ্ঠা হৈছে । ৰাইজৰ উন্নয়নৰ ধাৰা আৰু তিনিটা ইঞ্জিনৰ চৰকাৰৰ প্ৰতি বিশ্বাস আছে ।" তেওঁ পুনৰ কয় যে যোৱা ১৫ বছৰেই কোকৰাঝাৰ লোকসভা সমষ্টিত ভাতৃত্ববোধ হেৰাই গৈছিল,আমি ঘুৰাই আনিব পাৰিছো । বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত বিশ্বাস আৰু আস্থা আনিব পাৰিছো তাৰ কাৰণে ৰাইজ এন ডি এৰ পক্ষত আছে ।

উল্লেখ্য যে জয়ন্ত বসুমতাৰী যোৱা বিধানসভা নিৰ্বাচনত ইউ পি পি এল দলৰ হৈ ৩১ নং চিদলী সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল ৷ বিধায়ক হোৱাৰ পূৰ্বে তেওঁ এবছুৰ কেন্দ্ৰীয় উপ-সভাপতি আছিল ৷ বিধায়ক হোৱাৰ পিচত এইবাৰ লোকসভা নিৰ্বাচনৰ বাবে ইউ পি পি এল দলে জয়ন্ত বসুমতাৰীক কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে ৷

লগতে পঢ়ক:চিৰাঙৰ ভূটান সীমান্তত UPPL ৰ বাইক ৰেলী