ETV Bharat / politics

মহানগৰীত বিজুলী কলিতা মেধিৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 28, 2024, 7:41 PM IST

Bijuli Kalita Medhi's election campaign in Guwahati
মহানগৰীত বিজুলী কলিতা মেধিৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ

Lok Sabha election: গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে জোৰদাৰ কৰিছে নিৰ্বাচনী প্ৰচাৰ । দেওবাৰৰ দিনটোতো অংশ লয় কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত । নিৰ্বাচনী প্ৰচাৰত প্ৰাৰ্থীগৰাকীক সংগ দিয়ে বিধায়ক অতুল বৰাই‌ ।

মহানগৰীত বিজুলী কলিতা মেধিৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ

গুৱাহাটী, ২৮ এপ্ৰিল: লোকসভা নিৰ্বাচনৰ অসমত তিনি পৰ্যায়ৰ নিৰ্বাচনৰ ইতিমধ্যে দুটা পৰ্যায়ৰ ভোটগ্ৰহণ সফলভাৱে সমাপ্ত হৈছে । প্ৰথম দুয়োটা পৰ্যায়ৰ ভোটগ্ৰহণ সফলভাৱে সমাপ্ত হোৱাৰ পিছতেই তৃতীয় পৰ্যায়ৰ চাৰিটা সমষ্টিত ভাৰতীয় জনতা পাৰ্টিয়ে জোৰদাৰ প্ৰচাৰ আৰম্ভ কৰা দেখা গৈছে । সমান্তৰালভাৱে ৫ নং গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে জোৰদাৰ কৰিছে নিৰ্বাচনী প্ৰচাৰ । দেওবাৰৰ দিনটোতো অংশ লয় কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত ।

প্ৰথমে বশিষ্ঠ বৰপথাৰৰ ৰংগমঞ্চৰ এখন ৰাজহুৱা সভাত মিলিত হয় বিজেপি প্ৰাৰ্থীগৰাকী । তাৰ পিছতেই বশিষ্ঠৰ পাটৰকুচিৰ স্থানীয় বাসিন্দাসকলৰ সৈতে মতবিনিময় কৰে বিজুলী কলিতা মেধিয়ে । নিৰ্বাচনী প্ৰচাৰত প্ৰাৰ্থীগৰাকীক সংগ দিয়ে স্থানীয় বিধায়ক অতুল বৰাই‌ । সভাত অংশগ্ৰহণ কৰি প্ৰাৰ্থীগৰাকীয়ে কয় যে তেওঁ ৰাইজৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰিছে আৰু তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী হিচাপে অধিষ্ঠিত কৰিবলৈ ৰাইজ ৭ মে' তাৰিখলৈ ৰৈ আছে ।

আনহাতে বিৰোধী সম্পৰ্কত কয় আজিৰ তাৰিখত বিৰোধী তেওঁৰ বাবে লক্ষ্য নহয়, ৰাইজ মোৰ বাবে লক্ষ্য । ইফালে লালগণেশত ভগবান ৰামৰ ফটোত কলা ৰং সানি দিয়া সম্পৰ্কত মন্তব্য প্ৰদান কৰি কয় যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশত ৫০০ বছৰ পিছত ৰাম ৰাজ্য প্ৰতিস্থা হৈছে । এনে সময়ত যদি দুস্কৃতিকাৰীয়ে এনে কাম কৰিছে তেনেহলে সেয়া ভাষাৰে বুজাই কব পৰা নাযায় । লগতে তেওঁ কয় যে, ইতিমধ্যে প্ৰধানমন্ত্ৰীগৰাকীয়ে আশীৰ্বাদ দি থৈ গৈছে আৰু এইবাৰ তেওঁক আশীৰ্বাদ দিবলৈ অমিত শ্বাহে গুৱাহাটীৰ ৰেলীত অংশগ্ৰহণ কৰিব ।

লগতে পঢ়ক: দৰ্প চূৰ্ণ হ’ব নেকি নগঞা ৰাজেনৰ ? মুখ্যমন্ত্ৰীৰ কথামতেই বহিষ্কাৰ হ’ব নেকি ৰাজেন গোঁহাই ? - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.