বদৰুদ্দিন আজমল আৰু হিমন্ত বিশ্ব শৰ্মা ককাই-ভাই : অখিল গগৈ - Lok Sabha Election 2024
Lok Sabha Election 2024 : "বদৰুদ্দিন আজমল আৰু হিমন্ত বিশ্ব শৰ্মা ককাই-ভাই । বদৰুদ্দিন আজমলে প্ৰকাৰান্তৰে বিজেপিক ভোট দিবলৈ কৈছে । বিজেপি আৰু এ আই ইউ ডি এফ দলে একেলগ হৈ এইবাৰ নিৰ্বাচন খেলিছে । ডিব্ৰুগড় লোকসভা সমষ্টিৰ বুঢ়ীদিহিং মৌজাৰ গুটিবাৰী গাঁৱত বিৰোধী ঐক্যৰ প্ৰাৰ্থীৰ লুৰীণজ্যোতি গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ ।

Published : April 16, 2024 at 1:27 PM IST
তিনিচুকীয়া, ১৬ এপ্ৰিল : নিৰ্বাচনৰ দিন যিমানেই ওচৰ চাপি আহিছে সিমানেই আকৰ্ষণীয় হৈছে ডিব্ৰুগড় লোকসভা সমষ্টিৰ নিৰ্বাচনী সমীকৰণ । ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ সোমবাৰে তিনিচুকীয়া জিলাৰ বুঢ়ীদিহিং মৌজাৰ ভিতৰুৱা গুটিবাৰী গাঁৱত এক বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ।
কেইবাহাজাৰ ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হোৱা নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি অখিল গগৈয়ে বিজেপিক তীব্ৰ সমালোচনা কৰাৰ লগতে লুৰীণজ্যোতি গগৈক কিয় ভোট দিব লাগে সেই কথা ৰাইজৰ আগত ব্যক্ত কৰে । বাইক ৰেলী কৰি অখিল গগৈ উপস্থিত হোৱা নিৰ্বাচনী প্ৰচাৰ সভাত অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ লগতে অগণন ৰাইজ উপস্থিত আছিল ।
ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে বিৰোধী বিজেপি আৰু আজমলক তীব্ৰ ভাষাৰে কৰি কয়, "বদৰুদ্দিন আজমল আৰু হিমন্ত বিশ্ব শৰ্মা ককাই-ভাই । বদৰুদ্দিন আজমলে বিজেপিক ভোট দিবলৈ কৈছে । বিজেপি আৰু এ আই ইউ ডি এফে একেলগ হৈ এইবাৰ নিৰ্বাচন খেলিছে । আগতে হিমন্ত বিশ্ব শৰ্মাই কৈছিল, আজমলক দিছপুৰৰ ওচৰলৈকে আহিব নিদিও বুলি আৰু এতিয়া বদৰুদ্দিন আজমলে প্ৰকাৰান্তৰে বিজেপিক ভোট দিবলৈ কৈ দিলে । দুয়োটা দলে এইবাৰ ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলি বিৰোধী ঐক্যৰ বিৰুদ্ধে যুঁজ কৰিছে ।"
তেওঁ আৰু কয়, ‘‘বদৰুদ্দিন আজমলে গৌৰৱ গগৈক ভোট নিদিবলৈ কৈছে, বিজেপিৰ প্ৰাৰ্থী তপন গগৈক ভোট দিবলৈ কৈছে । ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ দুয়োটা দল শীঘ্ৰেই একেলগ হৈ এটা নতুন ৰাজনৈতিক দলৰ গঠন কৰা হ’ব ।"
লগতে পঢ়ক: হিমন্ত বিশ্ব শৰ্মা এজন ধৰ্মীয় উন্মাদ : অখিল গগৈ - Lok Sabha elections 2024

