ETV Bharat / politics

কংগ্ৰেছে বিজেপিৰ লগত মিতিৰালি কৰিছে: অভিযোগ ৰিপুণ বৰাৰ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Mar 29, 2024, 4:21 PM IST

ASSAM TMC
বজেপিক সমালোচনা ৰিপুণ বৰাৰ

Assam TMC : বিজেপি ভিতৰি ভিতৰি সাংঘাতিকভাৱে ভীতিগ্ৰস্ত হৈছে ৷ ই ডি আৰু চি বি আই বিজেপিৰ দুই ভাই ৷ এই অভিযোগ ৰিপুণ বৰাৰ ৷

কংগ্ৰেছৰ বিৰুদ্ধে অভিযোগ ৰিপুণ বৰাৰ

চিৰাং, 29 মাৰ্চ : "নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, হিমন্ত বিশ্ব শৰ্মাই বিজেপিয়ে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিব, চাৰিশখন আসন পাব বুলি চিঞৰি থকাটো তেওঁলোকৰ নাটক ৷ তেওঁলোকৰ অন্তৰৰ ভয় ৰাইজৰ পৰা লুকুৱাই ৰাখিবলৈ এইদৰে কৈছে ৷" বিজনীত নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰি আজি এইদৰে মন্তব্য কৰে তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাই ৷

বিজেপিক তীব্ৰ সমালোচনা কৰি ৰিপুণ বৰাই কয় যে, আচলতে ভিতৰি ভিতৰি তেওঁলোক সাংঘাতিকভাৱে ভীতিগ্ৰস্ত হৈছে ৷ সেয়েহে এই নিৰ্বাচনত বিৰোধী শূণ্য কৰিবলৈ, শক্তিশালী বিৰোধী নেতা সকলে যাতে নিৰ্বাচনী প্ৰচাৰ চলাব নোৱাৰে তাৰ বাবে প্ৰায় সংখ্যক বিৰোধী নেতাক জেলত ৰাখিছে বুলি কয় তেওঁ ৷ লগতে ই ডি (ED) আৰু চি বি আইক (CBI) বিজেপিৰ দুই ভাই আখ্যা দিয়ে ৰিপুণ বৰাই ৷

তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতিগৰাকীয়ে পুনৰ কয় যে, বিজেপিৰ লগত যিয়ে আপোচ কৰে তাক ৰাইজে ভোট নিদিয়ে ৷ ইফালে কংগ্ৰেছে বিজেপিৰ লগত মিতিৰালি কৰিছে বুলি অভিযোগ কৰি ৰিপুণ বৰাই কয় যে, দলটোৰ এজন এজনকৈ সকলো বিজেপিলৈ গৈ আছে ৷ তেওঁ কয় যে, ৰাইজে কংগ্ৰেছক দিছে বিৰোধী দলৰ ভূমিকা পালন কৰিবলৈ ৷ কিন্তু তাকে নকৰি তেওঁলোকে ৰাতি ৰাতি হিমন্ত বিশ্বৰ লগত টকাৰ লেনদেন কৰি বিজেপিলৈ গৈ আছে ৷ গতিকে সেইটো দলক ৰাইজে বিশ্বাস নকৰে, কাৰণ কাইলৈ ভোট দিলে আকৌ বিজেপিলৈ গুছি যাব বুলি অভিযোগ কৰে ৰিপুণ বৰাই ৷

আনহাতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই 2026ত মুখ্যমন্ত্ৰী হোৱা সন্দৰ্ভত কৰা মন্তব্যত ৰিপুণ বৰাই কয় যে, সপোন দেখাত কোনো বাধা নাই ৷ এজন ৰিক্সাৱালা, ঠেলাৱালাইয়ো প্ৰধানমন্ত্ৰী হোৱাৰ সপোন দেখিব পাৰে ৷ ভূপেন বৰাই সপোন দেখিছে, তাত কোনো বাধা নাই ৷ কিন্তু সেয়া ৰাইজে ঠিক কৰিব বুলি মন্তব্য কৰে ৰিপুণ বৰাই ৷

উল্লেখ্য যে, শুকুৰবাৰে চিৰাঙৰ বিজনীত ৰিপুণ বৰাই 1 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিজনী জিলা তৃণমূল কংগ্ৰেছৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে ৷ অনুষ্ঠানত কোকৰাঝাৰ লোকসভা সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰী শংকৰ শৰণীয়া উপস্থিত থাকে ৷

লগতে পঢ়ক : বিজেপিৰ কাম-কাজৰ প্ৰতি লক্ষ্য কৰাৰ বিপৰীতে কংগ্ৰেছে আত্মপৰ্যালোচনা কৰা উচিত : ভৱেশ কলিতা - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.