ETV Bharat / politics

ৰামেশ্বৰ তেলীসহ কটা গ’ল পাঁচজনৰ নাম

author img

By ETV Bharat Assamese Team

Published : Mar 2, 2024, 9:59 PM IST

Assam BJP Candidate: বিভিন্ন কাৰণত বৰ্তমানৰ কেবাগৰাকীও সাংসদ বিৰত থাকিব সমাগত লোকসভা নিৰ্বাচনৰ পৰা ৷ বিজেপিয়ে ঘোষণা কৰা প্ৰাৰ্থী তালিকাত নাথাকিল কেবাজনো সাংসদৰ নাম ৷ কাৰ কাৰ নাম কটা গ’ল আৰু কিয় ?

Assam BJP Dropped MP
ৰামেশ্বৰ তেলীসহ কটা গ’ল পাঁচজনৰ নাম

গুৱাহাটী, ২ মাৰ্চ : বিজেপিয়ে আজি নিৰ্বাচনী অশ্বমেধৰ ঘোঁৰা মেলিলে নতুন দিল্লীৰ পৰা । আজি দেশৰ ১৬৫ গৰাকী প্ৰাৰ্থীৰ লগতে অসমত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া ১১ খন আসনৰ প্ৰাৰ্থীৰ নামো ঘোষণা কৰিলে দলটোৱে ৷ অসমত ৫ খনকৈ নতুন মুখক প্ৰাধান্য দি আসন ঘোষণা কৰিলে বিজেপিয়ে । প্ৰাৰ্থিত্বৰ পৰা নাম কৰ্তন কৰিলে বৰ্তমানৰ কেবাগৰাকীও সাংসদৰ আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে বঞ্চিত হ’ল এজন সাংসদ ।

  • " class="align-text-top noRightClick twitterSection" data="">

প্ৰথমেই ডিব্ৰুগড় আৰু গুৱাহাটী সমষ্টিত বিজেপিয়ে লৈছে কঠোৰ সিদ্ধান্ত । ডিব্ৰুগড়ত প্ৰাৰ্থিত্ব কটা গ’ল কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ । তেলীৰ ঠাইত প্ৰাৰ্থিত্ব দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুডবুকৰ গুডবয় সৰ্বানন্দ সোণোৱালক । ৰামেশ্বৰ তেলীৰ বিৰুদ্ধে আছিল ব্যাপক অধিষ্ঠান বিৰোধী ঢৌ । আনহাতে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হ’ব অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ ৷ সেয়ে লুৰীণজ্যোতি গগৈৰ বিৰুদ্ধে বিজেপিক প্ৰয়োজন আছিল এজন শক্তিশালী প্ৰাৰ্থীৰ ৷ অৱশেষত বিজেপিয়ে ল’লে চ‌ূড়ান্ত সিদ্ধান্ত ৷ ডিব্ৰুগড়ৰ দুবাৰৰ সাংসদ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ নাম কৰ্তন কৰি ৰাজ্যসভাৰ সদস্য সৰ্বানন্দ সোণোৱালক আগবঢ়াই দিলে সমষ্টিটোৰ প্ৰাৰ্থী ৰূপে ।

তেজপুৰৰ পৰিৱৰ্তে হোৱা নতুন সমষ্টি শোণিতপুৰত নাম কৰ্তন হ’ল বৰ্তমানৰ সাংসদ পল্লৱ লোচন দাসৰ ৷ দাসৰ পৰিৱৰ্তে বিজেপিয়ে শোণিতপুৰত প্ৰাৰ্থিত্ব দিলে ৰঞ্জিৎ দত্তক ৷ পল্লৱলোচন দাসৰ সমষ্টিটোত নাইকিয়া হৈ পৰিছিল জনপ্ৰিয়তা । শোণিতপুৰৰ আন বিধায়ক-মন্ত্ৰীসকলৰ সৈতে দূৰত্ব বাঢ়িছিল পল্লৱ লোচন দাসৰ । পল্লৱ লোচনৰো এইবাৰ উভতি অহাৰ মন আছিল ৰাজ্যৰ ৰাজনীতিলৈ । সেয়ে সংসদীয় ৰাজনীতিৰ নতুন মুখ প্ৰবীণ ৰাজনীতিক ৰঞ্জিত দত্তক বিজেপিয়ে দিলে শোণিতপুৰৰ প্ৰাৰ্থিত্ব ।

ডিফুত নাম কটা গ’ল বৰ্তমানৰ সাংসদ হৰেনছিং বে’ৰ ৷ তেওঁৰ পৰিৱৰ্তে প্ৰাৰ্থিত্ব দিলে অমৰছিং বে’ক । কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙৰ সৈতে সংঘাতৰ পৰিণাম ভুগিবলগীয়া হ’ল হৰেনছিং বে’ই ৷

গুৱাহাটীৰ সাংসদ কুইন ওজাই হেৰুৱালে প্ৰাৰ্থিত্ব । অসমৰ এগৰাকী সবাতোকৈ বিফল সাংসদৰূপে ব্যাপকভাৱে চৰ্চিত কুইন ওজাৰ নাম । সেয়ে বিজেপিয়ে গুৱাহাটীৰ ক্ষেত্ৰত নল’লে অলপো ৰিক্স । প্ৰাৰ্থিত্ব দিলে বিজেপিৰ দলীয় সাংগঠনিক ক্ষেত্ৰত অভিজ্ঞ নেত্ৰী নতুন মুখ বিজুলী কলিতা মেধিক ৷

আনহাতে শিলচৰ সমষ্টিটো এইবাৰ সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণৰ পিচত অনুসূচিত জাতিৰ বাবে সংৰক্ষিত হোৱাৰ ফলত স্বাভাৱিকতে প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হ’বলগীয়া হ’ল বৰ্তমানৰ সাংসদ ৰাজদীপ ৰায় । তাৰ মূল্য ভৰিবলগীয়া হ’ল মন্ত্ৰী পৰিমল শুক্লবৈদ্যই । অনিচ্ছা স্বতেও দিছপুৰ এৰি শিলচৰৰ প্ৰাৰ্থীৰূপে লোকসভাত যুঁজ দিবলৈ প্ৰাৰ্থী হ’বলগীয়া হ’ল শুক্লবৈদ্য ।

লগতে পঢ়ক: বিজেপিৰ প্ৰথমখন প্ৰাৰ্থী তালিকা : অসমৰ ১১গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.