ETV Bharat / politics

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন : ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা বিষয়া-কৰ্মচাৰী, নিৰাপত্তাৰক্ষীৰ দল - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 25, 2024, 7:55 PM IST

দ্বিতীয় পৰ্যায়ৰ 5 টা লোকসভা সমষ্টিত ভোটগ্ৰহণৰ বাবে সাজু প্ৰশাসন ৷ ইতিমধ্যে বৃহস্পতিবাৰে ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হৈছে প্ৰিজাইডিং-প'লিং বিষয়া আৰু নিৰাপত্তা বাহিনীৰ দল ৷

LOK SABHA ELECTION 2024
ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হৈছে প্ৰিজাইডিং-প'লিং বিষয়া

ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা বিষয়া-কৰ্মচাৰী

নিউজ ডেস্ক, 25 এপ্ৰিল : 26 এপ্ৰিলত ৰাজ্যৰ 5 টা সমষ্টিত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৷ দ্বিতীয় পৰ্যায়ত ৰাজ্যখনৰ শিলচৰ, কৰিমগঞ্জ, ডিফু, নগাঁও আৰু দৰং-ওদালগুৰি এই 5 টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ৷ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত 5 টা লোকসভা সমষ্টিত মুঠ 61 গৰাকী প্ৰার্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৷ বৃহস্পতিবাৰে ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হৈছে প্ৰিজাইডিং আৰু প'লিং বিষয়াসকল ৷ নিৰ্বাচনৰ সা-সামগ্ৰীসমূহ বিতৰণ কৰা হৈছে বিষয়াসকলৰ মাজত ৷

হাফলং : শুকুৰবাৰে 6 নং ডিফু লোকসভা সমষ্টিত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ৷ জিলাখনত নিৰ্বাচন সুষ্ঠ আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে ডিমা হাছাও জিলা প্ৰশাসন সম্পূৰ্ণ সাজু হৈ উঠিছে ৷ বৃহস্পতিবাৰে ডিমা হাছাও জিলাৰ 254 টা ভোটগ্ৰহণ কেন্দ্ৰৰ বাবে পোলিং আৰু প্ৰিজাইডিং বিষয়াসকল ৰাওনা হৈছে ৷ জিলাখনৰ অত্যন্ত দুৰ্গম অঞ্চলতো খোজকাঢ়ি, পাহাৰীয়া নৈত নাৱেৰে পাৰ হৈ ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হৈছে পোলিং-প্ৰিজাইডিং বিষয়া আৰু নিৰাপত্তা বাহিনীৰ দল ৷ ডিফু লোকসভা সমষ্টিৰ অন্তৰ্গত হাফলং বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে 1 লাখ 55 হাজাৰ 259 গৰাকী ৷ ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা 77 হাজাৰ 327 আৰু মহিলা ভোটাৰৰ সংখ্যা 77 হাজাৰ 932 গৰাকী ৷ আনহাতে হাফলং বিধানসভা সমষ্টিত 15 টা ভোট গ্ৰহণ কেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালিত হ’ব ৷

বাক্সা : বাক্সা জিলাৰ অন্তৰ্গত 43 নং তামুলপুৰ আৰু 44 নং গোৰেশ্বৰ বিধান সভা সমষ্টিৰ 470 টা কেন্দ্ৰৰ কাৰণে 470 গৰাকী প্ৰিজাইডিং আৰু 1,410 গৰাকী পোলিং বিষয়াই ই ভি এম মেচিনকে ধৰি সকলো যাৱতীয় সামগ্ৰী লৈ ভোট গ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হৈছে ৷ সমষ্টিটোত মুঠ ভোটাৰৰ সংখ্যা 4,11,664 গৰাকী ৷ জিলাখনৰ ভাৰত-ভূটান সীমান্তৰে যাতে অবৈধভাৱে ধন আৰু নিচাজাতীয় সামগ্ৰী সৰবৰাহ হ’ব নেৱাৰে তাৰ কাৰণে জাৰি কৰা হৈছে 144 ধাৰা ৷ ইতিমধ্যে বাক্সা জিলাত নিৰাপত্তা ব্যৱস্থা কটকটীয়া হোৱাৰ কথা সদৰী কৰে জিলা আয়ুক্তগৰাকীয়ে ৷

ডিফু : 6 নং ডিফু লোকসভা সমষ্টিৰ ভোট কেন্দ্ৰসমূহলৈ বৃহস্পতিবাৰে ডিফু, বোকাজান, হামৰেণ আৰু হাফলঙৰ পৰা ৰাওনা হৈছে প্ৰিজাইডিং আৰু প'লিং বিষয়াসকল ৷ আজি ডিফুৰ আইএছবিটি ষ্ট্ৰং ৰুমৰ পৰা EVM আৰু অন্য যাৱতীয় সামগ্ৰী লৈ ডিফু বিধানসভা সমষ্টিৰ 221 টা আৰু হাওৰাঘাট বিধানসভা সমষ্টিৰ 196 টা ভোটগ্ৰহণ কেন্দ্ৰলৈ নিৰ্বাচনী বিষয়া সকল ৰাওনা হৈছে ৷ ইতিমধ্যে বুধবাৰৰ দিনটোত সমষ্টিটোৰ দুৰ্গম অঞ্চলত থকা 201 টা ভোটগ্ৰহণ কেন্দ্ৰত গৈ উপস্থিত হৈছে নিৰ্বাচনী বিষয়াৰ দল ৷ ইফালে ডিফু-হাওৰাঘাটত 20 টা আৰু বোকাজান সমষ্টিৰ 25 টা ভোটগ্ৰহণ কেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালিত হ’ব ৷

ৰঙিয়া : দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ অন্তৰ্গত 31 নং ৰঙিয়া বিধানসভা সমষ্টি আৰু 32 নং কমলপুৰ বিধানসভা সমষ্টিত দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে ৰাওনা হৈছে নিয়োজিত নিৰ্বাচনী বিষয়াৰ দল ৷ ৰঙিয়া মহকুমাধিপতি কাৰ্যালয়ৰ পৰা বৃহস্পতিবাৰে পুৱাৰ ভাগতে প্ৰিজাইডিং বিষয়া, পুলিং বিষয়া তথা নিৰাপত্তাৰক্ষীৰ দল ভোট গ্ৰহণ কেন্দ্ৰ সমূহলৈ ৰাওনা হয় ৷ ৰঙিয়া মহকুমা প্ৰশাসনে দুয়োটা বিধানসভা সমষ্টিত ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰিবলৈ সুৰক্ষা ব্যৱস্থাকে ধৰি সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷ উল্লেখ্য যে ৰঙিয়া মহকুমাৰ অন্তৰ্গত ৰঙিয়া আৰু কমলপুৰ বিধানসভা সমষ্টিত মুঠ 476 টা ভোট কেন্দ্ৰ স্থাপন কৰা হৈছে ৷ উল্লেখ্য যে, 31 নং ৰঙিয়া বিধানসভা সমষ্টি আৰু 32 নং কমলপুৰ বিধানসভা সমষ্টিৰ পৰা মুঠ 3, 92, 291 জন ভোটাৰে নিজ ভোটাধিকাৰ সাব্যস্ত কৰিব ৷ ইয়াৰে 1, 98, 423 গৰাকী পুৰুষ ভোটাৰ আৰু 1,93,868 গৰাকী মহিলা ভোটাৰ ৷

দৰং : দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ বাবে দ্বিতীয় পৰ্যায়ত কাইলৈ অনুষ্ঠিত ভোটগ্ৰহণ ৷ জিলাখনত মুঠ ভোটাৰৰ সংখ্যা হৈছে 697958 গৰাকী ৷ ইয়াৰে পুৰুষ ভোটাৰ 353683 গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা হৈছে 344260 গৰাকী ৷ আনহাতে তৃতীয় লিংগৰ ভোটাৰ 15 গৰাকী ৷ জিলাখনত মুঠ ভোটকেন্দ্ৰৰ সংখ্যা 835 টা ৷ ইয়াৰে 49 নং ছিপাঝাৰ বিধান সভা সমষ্টিত ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা 284 টা, 50 নং মঙলদৈ বিধানসভা সমষ্টিত 235 টা আৰু 51 নং দলগাঁও বিধান সভা সমষ্টিত ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হৈছে 316 টা ৷ জিলাখনত থকা মুঠ 43 টা দূৰণিবটীয়া ভোট কেন্দ্ৰলৈ ইতিমধ্যেই ৰাওনা হৈছে প্ৰিজাইডিং আৰু পোলিং বিষয়াৰ দল ৷ জিলাখনত মুঠ 31 টা মহিলাৰ দ্বাৰা পৰিচালিত ভোটকেন্দ্ৰ থাকিব ৷

নগাঁও : দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে ইতিমধ্যে সাজু হৈছে নগাঁও জিলা প্ৰশাসন ৷ লোকসভা সমষ্টিটোৰ নগাঁও জিলাত থকা পাঁচটাকৈ বিধানসভা সমষ্টিৰ বাবে স্থাপিত ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ ৰাওনা হৈছে পোলিং-প্ৰিজাইডিং বিষয়াৰ লগতে নিৰাপত্তাৰক্ষীৰ দল ৷ 9 নং নগাঁও লোকসভা সমষ্টি ৰ অন্তৰ্গত 55 নং ধিং বিধানসভা সমষ্টি , 56 নং ৰূপহীহাট বিধানসভা সমষ্টি , 58 নং চামগুৰি সমষ্টি , 60 নং নগাঁও-বটদ্ৰৱা আৰু 61 নং ৰহা বিধানসভা সমষ্টিৰ দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ কেন্দ্ৰৰ বাবে নিয়োজিত প্ৰিজাইডিং আৰু পোলিং বিষয়াসকল বৃহস্পতিবাৰে ৰাওনা হয় ৷ নগাঁও লোকসভা সমষ্টিৰ বাবে 1,172 টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে ৷ লোকসভা সমষ্টিটোৰ মুঠ ভোটাৰৰ সংখ্যা-1817204 গৰাকী ৷ ইয়াৰে পুৰুষ ভোটাৰ- 914469 গৰাকী আৰু মহিলা ভোটাৰ- 902650 গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰ - 82 গৰাকী ৷

মৰিগাঁও : লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে নগাঁও লোকসভা সমষ্টিৰ অধীনৰ মৰিগাঁও নিৰ্বাচনী জিলাৰ 52 নং জাগীৰোড, 53 নং লাহৰীঘাট আৰু 54 নং মৰিগাঁও বিধান সভা সমষ্টিত হ'বলগীয়া ভোটগ্ৰহণৰ বাবে জিলা প্ৰশাসন সম্পূর্ণৰূপে সাজু হৈ উঠিছে ৷ আজি মৰিগাঁও জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ খেলপথাৰৰ পৰা ই ভি এম আৰু অন্য প্ৰয়োজনীয় সামগ্ৰী লৈ প্ৰিজাইডিং আৰু পোলিং বিষয়াসকলকে ধৰি ভোটগ্ৰহণকাৰী দলসমূহ নিজ নিজ কেন্দ্ৰত উপস্থিত হয় ৷ মৰিগাঁও নিৰ্বাচনী জিলাত এইবাৰ মুঠ ভোটদাতাৰ সংখ্যা 7,25,801 গৰাকী ৷ ইয়াৰে 3,66,678 গৰাকী পুৰুষ ভোটাৰ, 3,59,112 গৰাকী মহিলা ভোটাৰ আৰু 11 গৰাকী তৃতীয় লিংগৰ ভোটাৰ ৷ জিলাখনত মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা 911 টা ৷ ইয়াৰে জাগীৰোড সমষ্টিত 322 টা, লাহৰীঘাট সমষ্টিত 323 টা আৰু মৰিগাঁও সমষ্টিত 266 টা ৷ 29 টা ভোটগ্ৰহণ কেন্দ্ৰ কেৱল মহিলাৰ দ্বাৰা পৰিচালিত হ'ব ৷

লগতে পঢ়ক : গুৱাহাটী সমষ্টি : অষ্টম উত্তীৰ্ণৰ পৰা স্নাতকোত্তৰ ডিগ্ৰীধাৰীলৈ আঠগৰাকী প্ৰাৰ্থীৰ মাজত প্ৰতিদ্বন্দ্বিতা - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.