ETV Bharat / politics

বিজেপিৰ বিৰুদ্ধে কৰ সন্ত্ৰাসৰ অভিযোগ: গুৱাহাটীত তীব্ৰ প্ৰতিবাদ কংগ্ৰেছীৰ - Income Tax Notice to Congress

author img

By ETV Bharat Assamese Team

Published : Mar 30, 2024, 4:21 PM IST

Income Tax Notice to Congress
বিজেপিৰ বিৰুদ্ধে কৰ সন্ত্ৰাসৰ অভিযোগ কংগ্ৰেছৰ

Income Tax Notice to Congress: আয়কৰ বিভাগৰ পৰা প্ৰায় 1800 কোটি টকাৰ জাননী লাভৰ পিচতে প্ৰতিবাদমুখৰ হৈ পৰিছে কংগ্ৰেছ দল ৷ বিজেপিয়ে দেশত কৰ সন্ত্ৰাস চলোৱাৰ অভিযোগ তুলি কংগ্ৰেছে সাব্যস্ত কৰিছে প্ৰতিবাদ ৷ শনিবাৰে গুৱাহাটাৰ ৰাজীৱ ভৱনৰ সন্মুখত অসম কংগ্ৰেছে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷

বিজেপিৰ বিৰুদ্ধে কৰ সন্ত্ৰাসৰ অভিযোগ কংগ্ৰেছৰ

গুৱাহাটী, ৩০ মাৰ্চ : বিজেপিক আয়কৰ সন্ত্ৰাস আখ্যা দিছে কংগ্ৰেছ দলে । বিজেপিৰ আয়কৰ সন্ত্ৰাসৰ বিৰুদ্ধে শনিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনৰ সন্মুখত কংগ্ৰেছৰ দলে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ ।

বিজেপি হায় হায় ধ্বনিৰে কংগ্ৰেছ নেতা-কৰ্মীয়ে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ । উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰেও । কংগ্ৰেছ নেত্ৰীগৰাকীয়ে অভিযোগ উত্থাপন কৰে যে ED, Income Taxৰ দৰে স্বতন্ত্ৰ সংস্থাসমূহক ব্যৱহাৰ কৰি দুৰ্নীতিৰ পাহাৰ গঢ়িছে বিজেপিয়ে ৷ তদুপৰি ইলেক্ট’ৰেল বণ্ড, বিমুদ্ৰাকৰণৰ জৰিয়তে কোটি কোটি টকা সংগ্ৰহ কৰি এতিয়া বিজেপিয়ে কৰ সন্ত্ৰাসবাদ চলাইছে বুলিও অভিযোগ উত্থাপন কৰে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে ।

মীৰা বৰঠাকুৰে কয়, ‘‘বিজেপিৰ এই সন্ত্ৰাসবাদ এইবাৰ আমি EVM ৰ ওচৰলৈ লৈ যাম । ৰাইজ জাগিবৰ সময় হ’ল এতিয়া । ৰাইজে এইবাৰ সিদ্ধান্ত লৈ বিজেপিক ওফৰাব নোৱাৰিলে ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব । ইলেক্ট’ৰেল ব’ণ্ডৰ জৰিয়তে পাকিস্তানৰ কোম্পানীৰ পৰা ধন লোৱাৰ উপৰিও ঔষধৰ কোম্পানীৰ পৰা ধন লৈ ভেজাল ঔষধৰ বজাৰ গঢ়ি তুলিছে বিজেপিয়ে ৷ এয়া ভাৰতবৰ্ষৰ বাবে অশনি সংকেত ।’’

সাধাৰণ জনতাৰ লগতে বিজেপিৰ পুৰণি মানুহকো গ্ৰাস কৰি এমুঠিমান মুষ্টিমেয় মানুহ আৰু কোম্পানীৰ দ্বাৰা এইখন চৰকাৰ চলি আছে বুলি অভিযোগ উত্থাপন কৰে মীৰা বৰঠাকুৰে । এই চৰকাৰখনে আয়কৰ সন্ত্ৰাস কৰিছে বুলি উল্লেখ কৰি কংগ্ৰেছৰ এই প্ৰতিবাদ ৰাষ্ট্ৰ আৰু সংবিধান সুৰক্ষাৰ বাবে বুলি মন্তব্য কৰে মীৰা বৰঠাকুৰে । প্ৰসংগক্ৰমে তেওঁ মোদী চৰকাৰে ক’লাধন ঘূৰাই আনি প্ৰত্যেকৰে একাউণ্টত 15 লাখকৈ টকা সুমুৱাই দিব বুলি দিয়া প্ৰতিশ্ৰুতিৰ কথাও উল্লেখ কৰে ৷

লগতে পঢ়ক: কৰ নিদি পলায়ন কৰা কংগ্ৰেছ দৰিদ্ৰজনৰ সৈতে নাই: মুখ্যমন্ত্ৰী শৰ্মাৰ কটাক্ষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.