ETV Bharat / politics

দিল্লী বিধানসভা অধিৱেশনত ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নাম

author img

By ETV Bharat Assamese Team

Published : Feb 21, 2024, 7:06 PM IST

Updated : Feb 21, 2024, 7:50 PM IST

Himanta Biswa Sarma: দেশৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত নেতা হিচাবে হিমন্ত বিশ্ব শৰ্মাৰ নাম উচ্চাৰণ হ’ল দিল্লী বিধানসভাত ৷ আন কেবাগৰাকীও লোকক অন্তৰ্ভুক্ত কৰা তালিকাখনৰ শীৰ্ষত আছে অসমৰ মুখ্যমন্ত্ৰীগৰাকী ৷

Himanta Biswa Sarma
দিল্লীত বিধানসভা অধিৱেশনত ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নাম

দিল্লীত বিধানসভা অধিৱেশনত ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নাম

দিল্লী, 21 ফেব্ৰুৱাৰী: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰসংগই এইবাৰ স্থান লাভ কৰিলে দিল্লী বিধানসভা অধিৱেশনত ৷ দিল্লী বিধানসভাৰ বাজেট অধিৱেশনত মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ প্ৰসংগ উত্থাপন কৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ৷

বাজেট অধিৱেশনত অসমৰ মুখ্যমন্ত্ৰীগৰাকীক দেশৰ আটাইতকৈ বেছি দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী হিচাবে উল্লেখ কৰে অৰবিন্দ কেজৰিৱালে ৷ অৱশ্য ড৹ শৰ্মাৰ লগতে আন কেবাগৰাকীও বিজেপি নেতাৰ নাম সন্নিৱিষ্ট কৰি এখন তালিকা প্ৰকাশ কৰে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ দুৰ্নীতিগ্ৰস্তৰ তালিকাখনৰ শীৰ্ষত ৰখা হৈছে ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নাম ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ধৰ্মৰ ওপৰত সকলোৰে বিশ্বাস হেৰাই গৈছে বুলি মন্তব্য কৰি বিধানসভা অধিৱেশনত কেজৰিৱালে কয় যে ভাল কৰা প্ৰায় লোককে এতিয়া কাৰাগাৰত ৰখা হৈছে ৷ কিন্তু দেশৰ আটাইতকৈ ভ্ৰষ্টাচাৰী, দুৰ্নীতিগ্ৰস্ত লোকসকলে বিলাসী জীৱন কটাই আছে ৷ উদাহৰণ ডাঙি ধৰি অৰবিন্দ কেজৰিৱালে কয় যে স্বাধীনতাৰ 75 বছৰৰ পিচত দেশৰ দৰিদ্ৰ শিশুসকলক উন্নত শিক্ষা আৰু ভৱিষ্যতৰ প্ৰতিশ্ৰুতি দিয়া মনীষ চিছোদিয়া কাৰাগাৰৰ ভিতৰত আছে আৰু ব্ৰীজ ভূষণ সিঙৰ দৰে যৌন কেলেংকাৰীত অভিযুক্ত লোকে ক্ষমতা উপভোগ কৰি আছে ।

আনহাতে মহল্লা ক্লিনিক নিৰ্মাণ কৰা সতীন্দ্ৰ জৈন কাৰাগাৰৰ ভিতৰত আছে আৰু দেশৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত হিমন্ত বিশ্ব শৰ্মা, সুবেন্দু অধিকাৰী, নাৰায়ণ ৰাণে, অশোক চৌহান, অজিত পাৱাৰ আদি ক্ষমতাশালী হৈ আছে বুলি মন্তব্য কৰে অৰবিন্দ কেজৰিৱালে ৷ এখন দীঘলীয়া তালিকা প্ৰকাশ কৰি অৰবিন্দ কেজৰিৱালে তালিকাভুক্তসকল দেশৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত লোক আখ্যা দিয়ে আৰু তেওঁলোকে বিজেপিত যোগদান কৰি ক্ষমতা উপভোগ কৰি আছে বুলি মন্তব্য কৰে ৷

লগতে পঢ়ক: সমগ্ৰ দেশতে খোপনি হেৰুৱাব কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে; মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Last Updated : Feb 21, 2024, 7:50 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.