ETV Bharat / politics

অৰুণাচলত প্ৰাক নিৰ্বাচনী হিংসা: মনোনয়ন বাতিল হোৱা নেতাৰ সমৰ্থকৰ আক্ৰমণত আহত আৰক্ষী বিষয়া - Pre poll violence in Arunachal

author img

By ETV Bharat Assamese Team

Published : Mar 29, 2024, 2:25 PM IST

Updated : Mar 29, 2024, 2:47 PM IST

Pre poll violence in Arunachal
Pre poll violence

Pre poll violence: অৰুণাচল প্ৰদেশৰ লংডিঙত নিৰ্বাচনকেন্দ্ৰিক হিংসা । জেষ্ঠ আৰক্ষী বিষয়াসহ তিনিজন লোক গুৰুতৰভাৱে আহত । এগৰাকী প্ৰাৰ্থীৰ বিধানসভা নিৰ্বাচনৰ মনোনয়ন বাতিলৰ বাবেই উত্তেজনা । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ শূন্যলৈ গুলীচালনা ।

অৰুণাচলত প্ৰাক নিৰ্বাচনী হিংসা

তেজপুৰ, ২৯ মাৰ্চ: ২০২৪ চনৰ প্ৰথম পৰ্যায়ৰ সাধাৰণ নিৰ্বাচনৰ লগতে ১৯ এপ্ৰিলত ৬০ জনীয়া বিধানসভাৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব অৰুণাচল প্ৰদেশত । ইতিমধ্যে ব্যাপক নিৰ্বাচনী তৎপৰতা দেখা গৈছে উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম পাহাৰীয়া ৰাজ্যখনত । তাৰ মাজতে আহিছে নিৰ্বাচনী হিংসাৰ খবৰ । শেহতীয়াকৈ লাভ কৰা এক তথ্য মতে নিৰ্বাচনী হিংসাত আহত হৈছে এগৰাকী আৰক্ষী বিষয়া ।

সবিশেষ তথ্য অনুসৰি বৃহস্পতিবাৰে লংডিং জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ বাহিৰত নেশ্যনেল’ছ পিপলছ পাৰ্টীৰ এজন প্ৰাৰ্থীৰ মনোনয়ন নাকচ কৰাৰ বাবে হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয় । খবৰ অনুসৰি এন পি পিৰ প্ৰাৰ্থীগৰাকীৰ সমৰ্থকসকলে তেওঁলোকৰ নেতাৰ মনোনয়ন নাকচ কৰাৰ বাবে হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি কৰাৰ ফলত এজন জ্যেষ্ঠ আৰক্ষী বিষয়া আঘাতপ্ৰাপ্ত হয় ।

বৃহস্পতিবাৰে বিয়লি প্ৰায় ৩ বজাৰ পৰাই এই ঘটনাৰ সূত্ৰপাত ঘটিছিল । মনোনয়ন পত্ৰ পৰীক্ষণৰ সময়ত পংচু ৱাক্কা বিধানসভা সমষ্টিৰ এন পি পিৰ প্ৰাৰ্থী গাংডিয়াপ গংছাৰ প্ৰাৰ্থিত্ব ৰিটাৰ্নিং বিষয়াই নাকচ কৰে ।

এই তথ্য পোহৰলৈ অহাৰ কিছু সময়ৰ পিছতে উপায়ুক্ত কাৰ্যালয়ৰ বাহিৰত গংছাৰ শতাধিক ক্ষুব্ধ সমৰ্থকে শিলগুটি নিক্ষেপ কৰিবলৈ আৰম্ভ কৰে । য’ত এছ পি ডেকিঅ’ গুমজা আহত হয় আৰু দুখন আৰক্ষী বাহনৰ ক্ষতিসাধন হয় । ৰাইজক ছত্ৰভংগ দি পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলীচালনা কৰিবল’বলগীয়া হয় আৰক্ষীয়ে । পৰিস্থিতি সম্প্ৰতি নিয়ন্ত্ৰণাধীন বুলি ইটিভি ভাৰতক জনাইছে এছ পি ডেকিঅ’ গুমজাই ।

উল্লেখ্য যে, ১৯ এপ্ৰিলত অৰুণাচল প্ৰদেশ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু নিৰ্বাচনী প্ৰক্ৰিয়াৰ অংশ হিচাপে ২৭ মাৰ্চত মনোনয়ন দাখিলৰ কাম সমাপ্ত হৈছে । বৃহস্পতিবাৰে মনোনয়ন পৰীক্ষা কৰা হৈছিল আৰু ৩০ মাৰ্চ হৈছে মনোনয়ন প্ৰত্যাহাৰ কৰাৰ অন্তিম দিন ।

গতিকে তাৰ পিচত ছবিখন স্পষ্ট হৈ পৰিব যে ১৯ এপ্ৰিলৰ বাবে নিৰ্বাচন যুদ্ধৰ দৃশ্যপট কি হ’ব । এয়া প্ৰায় নিশ্চিত যে ৫ জন বিজেপি প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাত জয়ী হৈছে, যদিও ৩০ মাৰ্চত মনোনয়ন প্ৰত্যাহাৰৰ সময়সীমা শেষ হোৱাৰ পিচতহে আনুষ্ঠানিক ঘোষণা কৰা হ’ব ।

লগতে পঢ়ক: অৰুণাচলৰ এটা বিশেষ ভোটকেন্দ্ৰ, য'ত আছে মাত্ৰ এজন ভোটাৰ - Lok Sabha Election 2024

Last Updated :Mar 29, 2024, 2:47 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.