ETV Bharat / politics

দৰং-ওদালগুৰিৰ সমষ্টিভিত্তিক বিশ্লেষণ: ইভিএমত বন্দী 11 গৰাকী প্ৰাৰ্থীৰ ভাগ্য - LOK SABHA ELECTION 2024

author img

By ETV Bharat Assamese Team

Published : Apr 28, 2024, 5:26 PM IST

LOK SABHA ELECTION 2024
দৰং-ওদালগুৰিৰ সমষ্টিভিত্তিক বিশ্লেষণ

SECOND PHASE OF ELECTION : শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ সমাপ্ত দৰং-ওদালগুৰি লোকসভা সমষ্টিত ৷ 11 টাকৈ বিধানসভা সমষ্টিৰে গঠিত উক্ত লোকসভা সমষ্টিটোত 18,11,858 গৰাকী ভোটাৰে ইভিএমত বন্দী কৰিলে 11 গৰাকীকৈ প্ৰাৰ্থীৰ ভাগ্য ৷

তেজপুৰ, 28 এপ্ৰিল : দৰং-ওদালগুৰি লোকসভা সমষ্টিত বৰ্তমান আছে 11 টা বিধানসভা সমষ্টি ৷ 11 গৰাকীকৈ প্ৰাৰ্থীৰ ভাগ্য বন্দী হৈছে ইভিএম-ত ৷ শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ সমাপ্ত হোৱা লোকসভা সমষ্টিটোত প'ষ্টেল বেলটৰ বাদেও 82.01 শতাংশ ভোটাৰে সাব্যস্ত কৰে ভোটাধিকাৰ ৷

পূৰ্বৰ মঙলদৈ লোকসভা সমষ্টিটো সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ পিছত নতুনকৈ দৰং-ওদালগুৰি লোকসভা সমষ্টি হিচাপে নামাকৰণ কৰা হয় ৷ সেই অনুসৰি সংসদীয় সমষ্টিটোত মুঠ ভোটাৰৰ সংখ্যা হ'ল 22,09,314 গৰাকী ৷ মুঠ ভোটাৰৰ 18,11,858 গৰাকী ভোটাৰে দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হোৱা নিৰ্বাচনত সাব্যস্ত কৰে ভোটাধিকাৰ ৷

সমষ্টিটোৰ মুঠ ভোটাৰৰ ভিতৰত পুৰুষ ভোটাৰ 11,08,624 গৰাকী হোৱাৰ বিপৰীতে 11,00,657 গৰাকী হৈছে মহিলা ভোটাৰ ৷ সমষ্টিটোৰ মুঠ 2,622 টা কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে প্ৰায় 18 লক্ষাধিক ভোটাৰে ৷ চৰকাৰী তথ্য অনুসৰি দৰং-ওদালগুৰি লোকসভা সমষ্টিত ভোটদানৰ হাৰ 82.01 শতাংশ ৷

বিধানসভা সমষ্টি অনুযায়ী,

31 নং ৰঙিয়া বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে 2,09,851 গৰাকী ৷ বিধানসভা সমষ্টিটোত ভোটদানৰ হাৰ 81.82 শতাংশ ৷ অৰ্থাৎ ৰঙিয়া বিধানসভা সমষ্টিৰ মুঠ 2,09,851 গৰাকী ভোটাৰৰ 171,049 গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰে ।

32 নং কমলপুৰ বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা আছিল 1,82,440 গৰাকী ৷ বিধানসভা সমষ্টিটোৰ ভোটদানৰ হাৰ হৈছে 83.81 শতাংশ ৷ অৰ্থাৎ সমষ্টিটোৰ মুঠ 1,84,440 গৰাকী ভোটাৰৰ মাজৰ 1,53,878 গৰাকীয়েহে সাব্যস্ত কৰে ভোটাধিকাৰ ৷

43 নং তামুলপুৰ (এছ টি) বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা 2,14,369 গৰাকী ৷ বিধানসভা সমষ্টিটোৰ ভোটদানৰ হাৰ 77.41 শতাংশ ৷ অৰ্থাৎ সমষ্টিটোৰ মুঠ ভোটাৰৰ 2,14,369 গৰাকী ভোটাৰৰ 1,65,943 গৰাকী ভোটদান কৰে ৷

44 নং গোৰেশ্বৰ বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা 2,01,936 গৰাকী ৷ বিধানসভা সমষ্টিটোৰ ভোটদানৰ হাৰ 78.59 শতাংশ ৷ অৰ্থাৎ সমষ্টিটোৰ মুঠ 2,01,936 গৰাকী ভোটাৰৰ 1,58,701 গৰাকী ভোটদান কৰে ৷

45 নং ভেৰগাঁও বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা 1,60,986 গৰাকী ৷ এই সমষ্টিৰ ভোটদানৰ হাৰ 78.39 শতাংশ ৷ অৰ্থাৎ বিধানসভা সমষ্টিটোৰ মুঠ 1,60,986 গৰাকী ভোটাৰৰ 1,26,196 গৰাকীয়ে সাব্যস্ত কৰে ভোটাধিকাৰ ৷

একেদৰে 46 নং ওদালগুৰি(এছ টি) বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে 1,70,537 গৰাকী ৷ সমষ্টিটোত ভোটদানৰ হাৰ 76.89 শতাংশ ৷ অৰ্থাৎ ওদালগুৰি বিধানসভা সমষ্টিৰ মুঠ 1,70,537 গৰাকী ভোটাৰৰ 1,31,125 গৰাকী ভোটাৰে সাব্যস্ত কৰে ভোটাধিকাৰ৷

47 নং মাজবাট সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে 1,83,181 গৰাকী ৷ বিধানসভা সমষ্টিটোৰ ভোটদানৰ হাৰ 79.94 শতাংশ ৷ অৰ্থাৎ সমষ্টিটোৰ মুঠ 1,83,181 গৰাকী ভোটাৰৰ ভিতৰত 1,46,435 গৰাকী ভোটাৰে সাব্যস্ত কৰে ভোটাধিকাৰ ৷

48 নং টংলা বিধানসভা সমষ্টিৰ মুঠ ভোটাৰ হৈছে 1,78,052 গৰাকী ৷ সমষ্টিটোত ভোটদানৰ হাৰ 79.16 শতাংশ ৷ মুঠ 1,78,052 গৰাকী ভোটাৰৰ মাজৰ পৰা 1,40,945 গৰাকী ভোটাৰে সাব্যস্ত কৰে ভোটাধিকাৰ ৷

49 নং ছিপাঝাৰ বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা 2,06,266 গৰাকী ৷ সমষ্টিটোত ভোটদানৰ হাৰ 81.51 শতাংশ ৷ অৰ্থাৎ বিধানসভা সমষ্টিটোৰ মুঠ 2,06,266 গৰাকী ভোটাৰৰ 1,68,127 গৰাকী ভোটাৰে নিজৰ অধিকাৰ সাব্যস্ত কৰে ৷

50 নং মঙলদৈ বিধানসভা সমষ্টিত থকা মুঠ ভোটাৰৰ সংখ্যা হৈছে 1,97,284 গৰাকী ৷ বিধানসভা সমষ্টিটোৰ ভোটদানৰ হাৰ হৈছে 84.43 শতাংশ ৷ অৰ্থাৎ বিধানসভা সমষ্টিটোৰ মুঠ 1,97,284 গৰাকী ভোটাৰৰ ভিতৰত 1,66,566 গৰাকী ভোটাৰে সাব্যস্ত কৰে ভোটাধিকাৰ ৷

সমান্তৰালকৈ 51 নং দলগাঁও বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা 3,04,412 গৰাকী ৷ বিধানসভা সমষ্টিটোত ভোটদানৰ হাৰ 93 শতাংশ ৷ অৰ্থাৎ সমষ্টিটোৰ মুঠ 3,04,412 গৰাকী ভোটাৰৰ 2,83,103 গৰাকী ভোটাৰে ভোটদান কৰে ৷

উল্লেখ্য যে, জিলা প্ৰশাসনৰ তথ্য অনুসৰি দৰঙৰ গৰুখুঁটিৰ উচ্ছেদৰ পিছত ছিপাঝাৰ সমষ্টিৰ কিছু ভোটাৰক দলগাঁও সমষ্টিত সংস্থাপিত কৰাত সমষ্টিটোত বৃদ্ধি হৈছে ভোটাৰৰ সংখ্যা ৷ একেধৰণে সমষ্টিৰ পুনৰ গঠনৰ পিছত মঙলদৈ সমষ্টিত 2023 চনৰ তুলনাত হ্ৰাস পায় ভোটাৰৰ সংখ্যা ৷

2019 চনৰ লোকসভা নিৰ্বাচনত বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াই মুঠ ভোট লাভ কৰিছিল 7,35,469 টা (48.83 শতাংশ) ৷ ইয়াৰ বিপৰীতে কংগ্ৰেছৰ ভুৱনেশ্বৰ কলিতাই ভোট লাভ কৰিছিল 5,96,924 টা (39.63 শতাংশ) ৷ ফলস্বৰূপে বিগত লোকসভা নিৰ্বাচনত দিলীপ শইকীয়াই কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে 1,38,545 টা ভোটত জয়ী হ'বলৈ সক্ষম হৈছিল ৷

লগতে পঢ়ক: ডিফুত ভোটদানৰ হাৰ 75.74 শতাংশ: হাওৰাঘাটত সৰ্বাধিক ভোটদান - LOK SABHA ELECTION 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.