ETV Bharat / politics

তিনিচুকীয়াত অমিত শ্বাহৰ ৰোড শ্ব', কটকটীয়া নিৰাপত্তা বেষ্টনী - Amit Shah to visit Tinsukia

author img

By ETV Bharat Assamese Team

Published : Apr 9, 2024, 3:05 PM IST

Amit Shah to visit Tinsukia
তিনিচুকীয়াত অমিত শ্বাহৰ ৰোড শ্ব'

Amit Shah to visit Tinsukia: ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব গৃহমন্ত্ৰী অমিত শ্বাহে । মঙলবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে তিনিচুকীয়াত ৰোড শ্ব' কৰিব । চহৰত কটকটীয়া নিৰাপত্তা গঢ়ি তোলা হৈছে ।

তিনিচুকীয়াত অমিত শ্বাহৰ ৰোড শ্ব'

তিনিচুকীয়া, ৯ এপ্ৰিল : নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে মঙলবাৰে সন্ধিয়া তিনিচুকীয়াত উপস্থিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । তিনিচুকীয়াত মন্ত্ৰীগৰাকীয়ে এক ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব ৷ তিনিচুকীয়াৰ বৰগুৰিস্থিত চৰকাৰী ঔদ্যোগিক প্ৰশিক্ষণৰ খেলপথাৰত গৃহমন্ত্ৰীগৰাকীয়ে হেলিকপ্টাৰেৰে অৱতৰণ কৰিব । তাৰ পিচত বাইপাছেৰে গেলাপুখুৰী পথ হৈ বিমলাপ্ৰসাদ চলিহা নগৰ খেলপথাৰত তেওঁ উপস্থিত হ'ব ৷

চলিহা নগৰ খেলপথাৰৰ পৰা প্ৰায় ৫ হাজাৰ লোকৰ উপস্থিতিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ পথেৰে ৰোড শ্ব' আৰম্ভ কৰি থানা চাৰিআলিত সামৰণি পৰিব । অসম চৰকাৰৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে অমিত শ্বাহৰ কাৰ্যসূচীৰ বিষয়ে অৱগত কৰে ৷ ৰোড শ্ব'ৰ সময়ত পথৰ দুয়োকাষে বিভিন্ন জাতি-জনগোষ্ঠীৰৰ সাংস্কৃতিক দলে কাৰ্যসূচী পৰিৱেশন কৰি থকাৰ লগতে প্ৰায় ১৫ হাজাৰ লোক উপস্থিত থাকি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক আদৰণি জনাব বুলি মন্ত্ৰী সঞ্জয় কিষাণে অৱগত কৰে ।

ইফালে দেওবাৰৰ পৰাই ৰাজ্য চৰকাৰৰ মন্ত্ৰী তথা শীৰ্ষ নেতাসকলে তিনিচুকীয়াত বাহৰ পাতিছে । মন্ত্ৰী সঞ্জয় কিষাণ, জয়ন্ত মল্লবৰুৱা আৰু পীযুষ হাজৰীকাকে ধৰি মন্ত্ৰীসকলে গৃহমন্ত্ৰীৰ অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লৈছে । সমান্তৰালকৈ তিনিচুকীয়া চহৰত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে । তিনিচুকীয়া জিলা আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলিপৰ নেতৃত্বত আৰক্ষী বাহিনীয়ে শক্তিশালী নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে ।

ইফালে, জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা আৰক্ষী থানাসমূহৰ লগতে কাষৰীয়া জিলাৰ পৰাও আৰক্ষী তিনিচুকীয়ালৈ মোতায়েন কৰা হৈছে । তাৰ লগতে ৰোড শ্ব' কৰিব লগা স্থান আৰু পথছোৱা মেৰামতি কৰি ৰং সানি আকৰ্ষণীয় কৰি তোলা হৈছে ।

লগতে পঢ়ক :অসমত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰক গতি দিবলৈ আহি আছে অমিত শ্বাহ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.