ETV Bharat / politics

শৰণাৰ্থীক সংস্থাপনৰ প্ৰসংগ: মুখ্যমন্ত্ৰীলৈ চিঠি লিখিব অখিল গগৈয়ে - Lok Sabha Election 2024

মৰিগাঁৱত নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত হৈ শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কঠোৰ সমালোচনা কৰে মুখ্যমন্ত্ৰীক ৷ সমান্তৰালকৈ তেওঁ অৰুণাচলৰ চাকমা আৰু হাজং শৰণাৰ্থীক অসমত সংস্থাপন সন্দৰ্ভতো মন্তব্য আগবঢ়ায় ৷ ইয়াৰ বাবে মুখ্যমন্ত্ৰীলৈ চিঠি লিখিব বুলিও সাংবাদিকৰ আগত প্ৰকাশ কৰে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে ৷

LOK SABHA ELECTION 2024
লোকসভা নিৰ্বাচন 2024
author img

By ETV Bharat Assamese Team

Published : April 23, 2024 at 5:27 PM IST

2 Min Read
Choose ETV Bharat
মুখ্যমন্ত্ৰীলৈ চিঠি লিখিব অখিল গগৈয়ে

মৰিগাঁও, 23 এপ্ৰিল : ৰাজ্যত লোকসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে জোৰদাৰ প্ৰচাৰ অব্যাহত আছে ৷ শাসকীয় দলৰ সমান্তৰালকৈ বিৰোধী দলসমূহেও সুকীয়াকৈ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত আছে ৷ মৰিগাঁও বিহুতলীত অংশগ্ৰহণ কৰি ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে কংগ্ৰেছ আৰু বিৰোধী ঐক্যমঞ্চৰ মনোনীত প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ হকে প্ৰচাৰ চলায় ৷

৯ নং নগাঁও লোকসভা সমষ্টি তথা বিৰোধী ঐক্যমঞ্চৰ মনোনীত প্ৰাৰ্থী গৰাকীৰ সমৰ্থনত অখিল গগৈৰ সৈতে উপস্থিত থাকে শতাধিক কংগ্ৰেছ কৰ্মী ৷ বিধায়ক গগৈৰ উদাত্ত ভাষণত কপি উঠে মৰিগাঁও সদৰ বিহুতলী প্ৰাংগণ ৷ উক্ত সভাত জিলাখনৰ ভিন্ন প্ৰান্তৰ শতাধিক লোক উপস্থিত থকা দেখা যায় ৷

গগৈয়ে উক্ত প্ৰাংগণতে শাসকীয় দল বিজেপিক কঠোৰ সমালোচনা কৰে ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পীযুষ হাজৰিকাক সমালোচনা কৰি তেওঁ কয় যে, কিছুদিন পূৰ্বে মুছলমান লোকৰ ভোট নালাগে বুলি কোৱা মুখ্যমন্ত্ৰীয়ে এতিয়া ভীতিগ্ৰস্ত হৈ লাহৰীঘাটত প্ৰচাৰৰ সময়ত সম্প্ৰদায়টোৰ বহুলোকৰ ভৰিত ধৰি ভোট ভিক্ষা কৰা দেখিবলৈ পোৱা গৈছে ৷ মিঞা ভোটৰ বাবে মুখ্যমন্ত্ৰীগৰাকীৰ লগতে পীযুষ হাজৰিকাও একপ্ৰকাৰ বলিয়া হৈ যোৱা বুলিয়ে গগৈয়ে কয় ৷

তদুপৰি, নগাঁও সমষ্টিত বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থীগৰাকীয়ে বিপুল ভোটত জয়লাভ কৰাৰো দাবী উত্থাপন কৰে অখিল গগৈয়ে ৷ তেওঁ বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থীগৰাকীক এগৰাকী দালাল আৰু ভূৱা আলফা বুলি অভিযোগ তুলি কয় যে যাৰ ওচৰত ৰাইজ সুৰক্ষিত নহয়, তেওঁক ভোটাৰে ভোট নিদিয়ে ৷

আনহাতে, অৰুণাচলৰ চাকমা আৰু হাজং শৰণাৰ্থীক অসমত সংস্থাপন সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বিধায়কগৰাকীয়ে কয় যে, ইতিমধ্যে তেওঁ মুখ্যমন্ত্ৰীক বিষয় সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনাইছে ৷ তাৰ বাবে মুখ্যমন্ত্ৰীলৈ চিঠি লিখিব বুলিও অখিল গগৈয়ে সাংবাদিকক জানিবলৈ দিয়ে ৷

লগতে চাওক: চাকমা-হাজং শৰণাৰ্থী সংস্থাপন প্ৰসংগত দুই মেৰুত কিৰেণ ৰিজিজু-হিমন্ত বিশ্ব ! - Chakma Hajong Issue

চাকমা আৰু হাজংসকলক অসমত সংস্থাপনৰ ঘোষণা ৰিজিজুৰ - Chakma Hajong Issue