ETV Bharat / politics

অসম জাতীয় পৰিষদে ডিব্ৰুগড়ত মুকলি কৰিলে নিৰ্বাচনী ইস্তাহাৰ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 8, 2024, 9:50 PM IST

AJP releases Lok Sabha elections manifesto
অসম জাতীয় পৰিষদে ডিব্ৰুগড়ত মুকলি কৰিলে নিৰ্বাচনী ইস্তাহাৰ

Assam Jatiya Parishad election manifesto: অসম জাতীয় পৰিষদে ডিব্ৰুগড়ত মুকলি কৰিলে নিৰ্বাচনী ইস্তাহাৰ ৷ লুৰীণজ‍্যোতি গগৈক অসমৰ জাতীয় কণ্ঠ আখ্যা দি লোকসভা নিৰ্বাচনত সকলোকে সহযোগিতা কৰিবলৈ আহ্বান জাতীয় পৰিষদৰ ৷

অসম জাতীয় পৰিষদে ডিব্ৰুগড়ত মুকলি কৰিলে নিৰ্বাচনী ইস্তাহাৰ

ডিব্ৰুগড়, ৮ এপ্ৰিল: কা আন্দোলনৰ পটভূমিত জন্মলাভ কৰা অসম জাতীয় পৰিষদে ২০২৪ৰ লোকসভা নিৰ্বাচনত প্ৰথমবাৰলৈ এখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে । ৰাজ্যত গঠন হোৱা বিৰোধী ঐক্যমঞ্চত চামিল হৈ ডিব্ৰুগড় লোকসভা সমষ্টিত প্ৰথমবাৰৰ বাবে লোকসভা নিৰ্বাচনত দলটোৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়ালে । দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ এইবাৰ খোদ লোকসভা নিৰ্বাচনত ডিব্ৰুগড়ৰ প্ৰাৰ্থী । দলটোৱে দিনে-নিশাই প্ৰচাৰ চলাই থকা মাজতেই আজি অসম জাতীয় পৰিষদে ডিব্ৰুগড়ত মুকলি কৰিলে নিৰ্বাচনী ইস্তাহাৰ ।

  • " class="align-text-top noRightClick twitterSection" data="">

২০২৪ চনৰ চলিত লোকসভা নিৰ্বাচনৰ বাবে অসম জাতীয় পৰিষদৰ নিৰ্বাচনী ইস্তাহাৰ আজি ডিব্ৰুগড় চহৰৰ 'দ্য প্ৰিমলেণ্ড' হোটেলত মুকলি কৰা হয় । উপস্থিত থাকে অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা, মুখপাত্ৰ জিয়াউৰ ৰহমান, ডিব্ৰুগড় লোকসভা সমষ্টিৰ মুখ‍্য আহ্বায়ক চিত্তৰঞ্জন বসুমতাৰীকে ধৰি অসম জাতীয় পৰিষদৰ নেতা-কৰ্মীসকল । নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰি সংবাদমেল সম্বোধন কৰে দলটোৰ সম্পাদক জগদীশ ভূঞাই ।

জগদীশ ভূঞাই কয়, "লুৰীণজ্যোতি গগৈ অসমৰ জাতীয় কণ্ঠ । অসমৰ জনজীৱনৰ লগত জড়িত সমস‍্যাসমূহৰ লগতে অসমৰ জাতীয় সমস‍্যাসমূহ লুৰীণজ্যোতি গগৈৰ জৰিয়তে সংসদত প্ৰস্তাৱিত হ'ব । অসমৰ জনতা আশা আৰু সপোন বাস্তৱায়িত কৰিবলৈ আমাৰ দল অংগীকাৰবদ্ধ । ডিব্ৰুগড়, তিনিচুকীয়া জিলাৰ পৰা ৰাজহ উৎপাদন অধিক । চৰকাৰে আন্তৰিকতাৰে উন্নয়নৰ ক্ষেত্ৰত ডিব্ৰুগড় লোকসভা সমষ্টিৰ বাবে কাম কৰা নাই । লুৰীণজ‍্যোতি গগৈৰ জৰিয়তে আমি সমস্যাসমূহ সমাধান কৰিবলৈ আগবাঢ়িছো ।" লগতে ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ ৰাইজে জাতীয় পৰিষদৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈক অভূতপূৰ্ব সঁহাৰি দিয়াত ৰাইজক ধন্যবাদ জনাই দলটোৰ সম্পাদক গৰাকীয়ে ।

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ পৰা আৰম্ভ কৰি অসম চুক্তি ৬নং দফা কাৰ্যকৰী কৰা আদি বিষয়বোৰ সমাধানৰ বাবে চেষ্টা কৰাৰ কথা এই নিৰ্বাচনী ইস্তাহাৰত উল্লেখ কৰা হৈছে । লগতে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাক সামৰি সমগ্ৰ ডিব্ৰুগড় লোকসভা সমষ্টিত সমস্যা আৰু ইয়াৰ সমাধানৰ বিষয়সমূহ এই নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদে ।

লগতে পঢ়ক: চাহ বাগিচাৰ ভোটাৰক লৈ অংক: ডিব্ৰুগড়ত প্ৰত্যাহ্বানমূলক তিনিকোণীয়া যুঁজৰ সম্ভাৱনা - Lok Sabha elections 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.