ETV Bharat / politics

জাতীয় দায়িত্ব পালন কৰিবলৈ পুনৰ অজাপত যোগদান চিত্তৰঞ্জন বসুমতাৰীৰ - Chittaranjan Basumatary rejoins AJP

author img

By ETV Bharat Assamese Team

Published : Mar 23, 2024, 8:19 PM IST

CHITTARANJAN BASUMATARY REJOINS AJP
অজাপত পুনৰ যোগদান চিত্তৰঞ্জন বসুমতাৰীৰ

Chittaranjan Basumatary: লুৰীণজ্যোতি গগৈক ৰাম, নিজকে লক্ষ্মণ আখ্যা দি অজাপত যোগ দিলে চিত্তৰঞ্জন বসুমতাৰীয়ে ৷ জাতীয় দায়িত্ব পালন কৰিবলৈ পুনৰ দলটোত যোগদান কৰা বুলি মন্তব্য নেতাগৰাকীৰ ৷

অজাপত পুনৰ যোগদান চিত্তৰঞ্জন বসুমতাৰীৰ

ডিব্ৰুগড়, 23 মাৰ্চ: অসম জাতীয় পৰিষদলৈ প্ৰত্যাৱৰ্তন ঘটিল চিত্তৰঞ্জন বসুমতাৰীৰ ৷ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বসুমতাৰীয়ে শনিবাৰে পুনৰ দলটোত যোগদান কৰে ৷ অসম জাতীয় পৰিষদৰ সম্পাদকৰ দায়িত্বত থকা চিত্তৰঞ্জন বসুমতাৰীয়ে ২০২২ৰ মে’ মাহত অজাপ ত্যাগ কৰিছিল ৷

  • " class="align-text-top noRightClick twitterSection" data="">

‘কা’বিৰোধী আন্দোলনৰ প্ৰেক্ষাপটত অসম জাতীয় পৰিষদ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল চিত্তৰঞ্জন বসুমতাৰীয়ে ৷ সদৌ অসম ছাত্ৰ সন্থাৰ পৰা পদত্যাগ কৰি ৰাজনৈতিক দলটো জন্ম দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা নেতাগৰাকীয়ে দলৰ কিছু প্ৰসংগত অসন্তুষ্টি ব্যক্ত দলত্যাগ কৰিছিল ৷

2022ৰ মে’ মাহত বসুমতাৰীয়ে দলত্যাগ কৰাৰ পিচতে সভাপতি লুৰীণজ্যোতি গগৈয়ে আশা প্ৰকাশ কৰিছিল যে তেওঁ পুনৰ দললৈ উভতি আহিব ৷ শেহতীয়াকৈ লুৰীণজ্যোতি গগৈয়ে ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী হিচাবে মনোনীত হোৱাৰ পিচতে শনিবাৰে পুনৰ দললৈ ঘূৰি আহিল চিত্তৰঞ্জন বসুমতাৰী ।

শনিবাৰে সন্ধিয়া মৰাণৰ প্ৰজাপতি বিবাহ ভৱনৰ প্ৰাংগণত দলৰ সভাপতি লুৰীণজ্যোতি গগৈসহ কেন্দ্ৰীয় নেতৃত্ব আৰু শ শ দলীয় কৰ্মীৰ উপস্থিতিত প্ৰত্যাৱৰ্তন কৰে চিত্তৰঞ্জন বসুমতাৰীয়ে ৷ শক্তিশালী যুৱনেতাজনক দললৈ উষ্ম আদৰণি জনায় দলীয় সতীৰ্থসকলে । খবৰ অনুসৰি দলটোত যোগদানৰ পিচতে শক্তিশালী নেতাগৰাকীক অসম জাতীয় পৰিষদৰ কাৰ্যকৰী সভাপতিৰ দায়িত্ব প্ৰদান কৰা হ’ব ।

অজাপলৈ প্ৰত্যাৱৰ্তনৰ পিচতে বসুমতাৰীয়ে কয়, ‘‘জাতীয় দায়িত্ব পালন কৰি ভালপাওঁ ৷ জাতীয় দায়িত্ব পালন কৰিবলৈ আহিছোঁ ৷ জাতীয়তাবাদক সঠিক দিশত আগুৱাই নিবলৈ পুনৰবাৰ আহিছোঁ ৷ লুৰীণজ্যোতি গগৈ ৰাম আৰু মই লক্ষ্মণ ৷ কিছু অসুবিধাৰ বাবে আঁতৰি আছিলোঁ ৷’’

ইফালে পুৰণি সতীৰ্থৰ প্ৰত্যাৱৰ্তন সন্দৰ্ভত লুৰীণজ্যোতি গগৈয়ে কয়, ‘‘কিছুদিনৰ কাৰণে তেওঁ আমাল লগত নাছিল ৷ কিন্তু পুনৰ জাতীয় সংকট দেখিছে, আমাৰ জাতি-মাটি, ভাষা-সংস্কৃতিৰ সংকটৰ পৰিৱেশ দেখিছে ৷ সেয়ে এগৰাকী জাতীয় যুদ্ধা হিচাবে পুনৰ দললৈ আহিছে ৷

লগতে পঢ়ক: ৰাজনৈতিক ক্ষেত্রত সৰ্বানন্দ বনাম লুৰীণজ্যোতি: দুই প্ৰাক্তন আছু নেতাৰ বিচাৰ কৰিব ডিব্ৰুগড়বাসীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.