ETV Bharat / politics

ৰাজনৈতিক ক্ষেত্রত সৰ্বানন্দ বনাম লুৰীণজ্যোতি: দুই প্ৰাক্তন আছু নেতাৰ বিচাৰ কৰিব ডিব্ৰুগড়বাসীয়ে - Dibrugarh Lok Sabha Constituency

author img

By ETV Bharat Assamese Team

Published : Mar 23, 2024, 3:38 PM IST

Dibrugarh Lok Sabha Constituency: আকৰ্ষণীয় হ’ব ডিব্ৰুগড়ৰ লোকসভা সমষ্টিৰ নিৰ্বাচনী ৰণ । সমষ্টিটোত অৱতীৰ্ণ আছুৰ দুই প্ৰাক্তন শীৰ্ষ নেতাৰে আছে স্বকীয় বৈশিষ্ট । এজনে আই এম ডি টি আইন বাতিল কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লৈ পাইছিল জাতীয় নায়কৰ মৰ্যাদা । আনজনে আছুৰ মঞ্চ এৰি নাগৰিকত্ব সংশোধনী আইন বাতিল বাবে ৰাজনৈতিক সংগ্ৰাম চলোৱাৰ লক্ষ্যৰে গঠন কৰিছে অসম জাতীয় পৰিষদ । একালৰ দুই আছু নেতাৰ যুঁজত কোনে শেষ হাঁহি মাৰিব সেয়া নিশ্চিত কৰিব ডিব্ৰুগড় সমষ্টিৰ ৰাইজে ।

SARBANANDA SONOWAL LURINJYOTI GOGOI
সৰ্বানন্দ সণোৱাল আৰু লুৰীণজ্যোতি গগৈ

গুৱাহাটী, ২৩ মাৰ্চ: ৰাজ্যত এতিয়া লোকসভা নিৰ্বাচনৰ গৰম বতাহ । সমষ্টিয়ে সমষ্টিয়ে প্ৰাৰ্থীসকলে চলাইছে ব্যাপক প্ৰচাৰ অভিযান । অসমত তিনিটা পৰ্যায়ত ১৯ এপ্ৰিল, ২৬ এপ্ৰিল আৰু ৭ মে'ত নিৰ্বাচন অনুষ্ঠিত হ'ব । যাৰ বাবে এতিয়া বিশেষকৈ প্ৰাৰ্থীসকলৰ ব্যস্ততাৰ অন্ত নোহোৱা হৈছে ।

এইবাৰৰ নিৰ্বাচনত বহুকেইগৰাকী হেভীৱেইট প্ৰাৰ্থী নিৰ্বাচনী ৰণত নামিছে । বিভিন্ন সমষ্টিৰ লগতে এইবাৰ বিশেষভাৱে আকৰ্ষণীয় হ’ব ডিব্ৰুগড়ৰ লোকসভা সমষ্টিৰ নিৰ্বাচনী ৰণ । কাৰণ সমষ্টিটোত সমুখ সমৰত অৱতীৰ্ণ হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ দুই প্ৰাক্তন শীৰ্ষ নেতা । এজনে আছুৰ সভাপতিৰ দৰে পদবীত থকাৰ বিপৰীতে আনজন আছুৰ সাধাৰণ সম্পাদক পদত আছিল । তদুপৰি দুয়োজন নেতাৰ আছে স্বকীয় বৈশিষ্ট । এজনে আই এম ডি টি আইন বাতিল কৰাৰ ক্ষেত্ৰত লোৱা ভূমিকাৰ বাবে জাতীয় নায়কৰ মৰ্যাদা লাভ কৰিছিল । আনহাতে আনজনে আছুৰ মঞ্চ এৰি নাগৰিকত্ব সংশোধনী আইন বাতিল বাবে ৰাজনৈতিক সংগ্ৰাম চলোৱাৰ লক্ষ্যৰে অসম জাতীয় পৰিষদ গঠন কৰিছে ৷

তেওঁলোক হৈছে সৰ্বানন্দ সোণোৱাল আৰু লুৰীণজ্যোতি গগৈ । সৰ্বানন্দ সোণোৱাল হৈছে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী । তেওঁ বিজেপিৰ হৈ ডিব্ৰুগড় সমষ্টিত নিৰ্বাচনী ৰণত অৱতীৰ্ণ হৈছে । আনহাতে দিছপুৰত সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত ৰাজ্যত ‘কা’ আন্দোলন কৰি আঞ্চলিক ৰাজনৈতিক দল গঠন কৰা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ হৈছে বিৰোধী ঐক্য মঞ্চৰ ডিব্ৰুগড় সমষ্টিৰ সমৰ্থিত প্ৰাৰ্থী ।

ডিব্ৰুগড়ত মূল যুঁজখন সৰ্বানন্দ বনাম লুৰীণজ্যোতিৰ মাজত হ'ব বুলি ধাৰণা কৰা হৈছে । একালত একেখন মঞ্চৰ পৰা অহা ৰাজনৈতিক নেতা দুজনৰ বৰ্তমান ৰাজনৈতিক নীতি-আদৰ্শ সম্পূৰ্ণ পৃথক । বিপৰীত মেৰুত স্থান কৰা দুয়োজন নেতাই সন্মুখ সমৰৰ পৰা যুঁজ দিবলৈ সাজু হৈছে । একালৰ দুই আছু নেতাৰ যুঁজত কোনে শেষ হাঁহি মাৰিব সেয়া নিশ্চিত কৰিব ডিব্ৰুগড় সমষ্টিৰ ৰাইজে ।

ইফালে শাসকীয় দলটোৰ নেতাসকলে লুৰীণজ্যোতি গগৈৰ নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাক গুৰুত্বহীন কৰিব বিচাৰিছে । তেওঁলোকৰ মতে ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱালে অভিলেখ সংখ্যক ভোটত জয়ী হ'ব । কিন্তু শাসকীয় দলৰ নেতাৰ এনে মন্তব্য আৰু সমালোচনাৰ মাজতে 'কা'ৰ প্ৰসংগই লুৰীণজ্যোতি গগৈৰ প্ৰতিদ্বন্দ্বিতাক ডিব্ৰুগড়ত প্ৰাসংগিক কৰি তুলিছে । 'কা' বিৰোধিতাৰেই লুৰীণজ্যোতি গগৈ ৰাজনীতিৰ ক্ষেত্ৰখনলৈ আহিছে । যাৰ বাবে স্বাভাৱিকতে ডিব্ৰুগড় সমষ্টিত আকৰ্ষণীয় হ'ব সৰ্বানন্দ সোণোৱাল বনাম লুৰীণজ্যোতি গগৈৰ ভোটৰ যুঁজখন ।

ৰাজনীতিৰ ক্ষেত্ৰখনত সৰ্বানন্দ সোণোৱাল বনাম লুৰীণজ্যোতি গগৈ : কলেজত পঢ়ি থকা দিনৰ পৰাই ছাত্ৰ ৰাজনীতিৰে জড়িত হৈ পৰা সৰ্বানন্দ সোণোৱালে আছুৰ গুৰু দায়িত্ব পালন কৰিছিল । ১৯৯২ চনৰ পৰা ১৯৯৯ চনলৈ তেওঁ আছুৰ সভাপতিৰ দায়িত্বত আছিল । আনহাতে ১৯৯৪ চনৰ পৰা ২০০৪ চনলৈ তেওঁ উত্তৰ পূব ছাত্ৰ সন্থা চমুকৈ নেছ’ৰ অধ্যক্ষ আছিল । অগপ দলত যোগদানেৰে তেওঁ সক্ৰিয় ৰাজনীতিলৈ আহিছিল । ১৯৯৯ চনত অগপ দলত যোগদান কৰে ।

প্ৰথমবাৰ লোকসভা নিৰ্বাচনত তেওঁ লখিমপুৰ সমষ্টিত কংগ্ৰেছৰ ৰাণী নৰহৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছিল যদিও পৰাজয়ৰ সন্মুখীন হয় । ইয়াৰ পিচত তেওঁ ২০০১ চনত বিধানসভা নিৰ্বাচনত মৰাণ সমষ্টিত কংগ্ৰেছৰ পৱনসিং ঘাটোৱাৰক পৰাজিত কৰে । উল্লেখ্য যে বিতৰ্কিত আই এম ডি টি আইনৰ বিৰুদ্ধে আদালতত যুঁজ চলাই তেওঁ আইনখন বাতিল কৰিবলৈ সক্ষম হৈছিল । যাৰ ফলত তেওঁক জাতীয় নায়ক আখ্যা দিয়া হৈছিল ।

২০০৪ চনৰ পৰা ২০০৯ চনলৈ তেওঁ ডিব্ৰুগড় সমষ্টিৰ সাংসদ হিচাপে কাৰ্যনিবাহ কৰিছিল । ২০১১ চনৰ ৮ ফেব্ৰুৱাৰীত তেওঁ অগপ ত্যাগ কৰি বিজেপিত যোগদান কৰে আৰু ২০১২ চনত বিজেপিৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব বহন কৰে । ২০১৪ চনৰ লোকসভা নিৰ্বাচনত লখিমপুৰ সমষ্টিৰ পৰা তেওঁ বিজেপিৰ সাংসদ হিচাপে নিৰ্বাচিত হয় । সেইবাৰ তেওঁক কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ মন্ত্ৰীৰ দায়িত্ব দিয়া হয় ।

আনহাতে ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত তেওঁ মাজুলীৰ পৰা অৱতীৰ্ণ হৈ জয়ী হয় । সেই জয়ৰ পিচত তেওঁ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হয় । ইয়াৰ পিচত ২০২১ চনত তেওঁ পুনৰ মাজুলীৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হয় । কিন্তু ২০২১ চনত তেওঁক আঁতৰাই হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ দায়িত্ব দিয়া হয় । মুখ্যমন্ত্ৰীৰ পৰা আঁতৰ কৰা লগে লগে ২০২১ চনৰ ৭ জুলাইত তেওঁক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিতীয়টো কাৰ্যকালত কেবিনেটত অন্তৰ্ভুক্ত কৰা হয় । বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয় আৰু আয়ুষ মন্ত্ৰালয়ৰ গুৰু দায়িত্ব তেওঁক প্ৰদান কৰা হয় । এইবাৰ তেওঁক দলে ডিব্ৰুগড় সমষ্টিৰ প্ৰাৰ্থী হিচাপে টিকট প্ৰদান কৰিছে ।

ইফালে ‘কা’ আন্দোলনৰ প্ৰেক্ষাপটত ৰাজনৈতিক দল ‘অসম জাতীয় পৰিষদ’ গঠন কৰি সক্ৰিয় ৰাজনীতিলৈ অহা লুৰীণজ্যোতি গগৈ ৰাজনৈতিক ক্ষেত্ৰখনত যথেষ্ট নতুন যদিও তেওঁৰ বলিষ্ঠ কণ্ঠই মানুহৰ মনত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে । তিনিচুকীয়া মহাবিদ্যালয়ৰ পৰা স্নাতক পৰ্যায়ত অধ্যয়ন কৰি সময়তেই লুৰীণজ্যোতি গগৈয়ে সদৌ অসম ছাত্ৰ সন্থাৰে জড়িত হৈছিল । ২০১৫ চনত তেওঁ আছুৰ সাধাৰণ সম্পাদক পদত নিৰ্বাচিত হয় । সেই সময়ত আছুৰ সভাপতি আছিল দীপাংক নাথ ।

সেইজন দীপাংক নাথ এতিয়া বিজেপিৰ নেতা । আছুত থাকোতেই বলিষ্ঠ কণ্ঠৰে সকলোৰে দৃষ্টি আকৰ্ষন কৰিবলৈ সক্ষম হোৱা লুৰীণজ্যোতি গগৈয়ে ২০২০ চনৰ নৱেম্বৰ মাহত আছুৰ সাধাৰণ সম্পাদকৰ পদ ত্যাগ কৰে । নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে তেওঁ সক্ৰিয় ৰাজনীতিত ভৰি দিয়ে আৰু গঠন কৰে ৰাজনৈতিক দল অসম জাতীয় পৰিষদ । ২০২১ চনৰ বিধানসভা নিৰ্বাচনত তেওঁ দুলীয়াজান আৰু নাহৰকটীয়া সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰে । অৱশ্যে দুয়োটা সমষ্টিতে তেওঁ পৰাজয় বৰণ কৰে যদিও যথেষ্ট ভালসংখ্যক ভোট লাভ কৰিবলৈ সক্ষম হয় ।

দুলীয়াজান সমষ্টিত তেওঁ বিজেপিৰ তেৰশ গোৱালাৰ আৰু নাহৰকটীয়া সমষ্টিত বিজেপিৰ তৰংগ গগৈৰ হাতত পৰাস্ত হয় । এইবাৰ লোকসভা নিৰ্বাচনত তেওঁ ১৬ টা বিৰোধী ৰাজনৈতিক দলৰ বিৰোধী ঐক্য মঞ্চৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে ডিব্ৰুগড় সমষ্টিৰ পৰা অৱতীৰ্ণ হৈছে । উল্লেখ্য যে ডিব্ৰুগড় সমষ্টিত প্ৰথম পৰ্যায়ত ১৯ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক: ডিব্ৰুগড়ত কি হ’ব সৰ্বানন্দ সোণোৱালৰ: পুংখানুপুংখ বাখ্যা বিধায়ক প্ৰশান্ত ফুকনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.