ETV Bharat / politics

ভূপেন বৰাৰ হেলিকপ্টাৰ বিফল হ'ব : বদৰুদ্দিন আজমল - Lok Sabha elections 2024

author img

By ETV Bharat Assamese Team

Published : Apr 14, 2024, 9:20 PM IST

Nagaon Lok Sabha constituency
এআইইউ ডিএফৰ সভাপতি বদৰুদ্দিন আজমল

এআইইউ ডিএফৰ সভাপতি বদৰুদ্দিন আজমলে আজি মৰিগাঁৱত প্ৰাৰ্থী আমিনুল ইছলামৰ প্ৰচাৰ সভাত বিজেপি-কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰে । তেওঁ দিল্লীত মোদী চৰকাৰক আঁতৰাবলৈ ভোটাৰ ৰাইজক আহ্বান জনায় ।

এআইইউ ডিএফৰ সভাপতি বদৰুদ্দিন আজমল

মৰিগাঁও, ১৪ এপ্ৰিল: "৬নং নগাঁও লোকসভা সমষ্টিত দুজন নকল আৰু এজন আচল মুছলমান প্ৰাৰ্থী আছে । আচলজন জিকিব ।" এই মন্তব্য় এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলৰ । আজি নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত মৰিগাঁৱত এআইইউডিএফৰ প্ৰাৰ্থী আমিনুল ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই এইদৰে মন্তব্য় কৰে এআইইউডিএফৰ সভাপতিগৰাকীয়ে । তেওঁ নগাঁও লোকসভা সমষ্টিটোত এআইইউডিএফৰ জয় নিশ্চিত বুলি কয় । নগাঁও লোকসভা সমষ্টিৰ ৰাইজে আচল মুছলমান প্ৰাৰ্থীক জয়ী কৰাবলৈ কংগ্ৰেছীয়েও ভোট দিব বুলি মন্তব্য় কৰে ।

এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলে পুনৰ কয়, "দিল্লীত মোদী চৰকাৰক আঁতৰাব লাগে ।" ইপিনে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক সমালোচনা কৰি কয়,"ভূপেন বৰাৰ হেলিকপ্টাৰ বিফল হ'ব ।" তেওঁ গৌৰৱ গগৈক মুছলমান হোৱা বাবে ধন্যবাদ জনায় কয়," আমি আচল টুপীৱালাকেই ভোট দিম । যিসকলে নিৰ্বাচনৰ বাবে টুপী পিন্ধিছে সেইসকলে নিৰ্বাচনৰ পিচত টুপী খুলি পেলাব । সেইহে আমি আচল টুপী পিন্ধাজনকে ভোট দিম । "

  • " class="align-text-top noRightClick twitterSection" data="">

তেওঁ দেওবাৰে মৰিগাঁৱৰ বহুকেইটা অঞ্চলত ধাৰাবাহিক নিৰ্বাচনী প্ৰচাৰ চলায় । ইপিনে, ধিং বিধানসভা সমষ্টিৰ বিধায়ক তথা এআইইউডিএফৰ প্ৰাৰ্থী আমিনুল ইছলামে শাসকীয় বিজেপি চৰকাৰক সমালোচনা কৰি কয়," বিজেপি দলে ২০১৪ চনত নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ কৰা প্ৰতিশ্ৰুতি কোনটো পূৰণ কৰিলে । আপোনালোকৰ একাউণ্টত ১৫ লাখকৈ টকা সোমাল নে ? বছৰি দুই লাখকৈ চাকৰি দিয়াৰ কথা কৈছিল, দিলে নে ? ২০১৪ চনত দিয়া প্ৰতিশ্ৰুতি এটাও পালন নকৰিলে । এতিয়া পুনৰ আৰম্ভ কৰিছে নতুন ইস্তাহাৰ । এইবিলাক ভুৱা ।" দেওবাৰে মৰিগাঁৱৰ প্ৰচাৰ সভাত উপস্থিত থাকে আইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলৰ লগতে জিলা সভাপতি ছিদ্দিক আহমেদ, সম্পাদক কল্লোল বৰাৰ লগতে কেইবাগৰাকী দলীয় নেতা ।

লগতে পঢ়ক:ধুবুৰীত নিজৰ লগতেই প্ৰতিদ্বন্দ্বিতা হ'ব আজমলৰ, ৰকিবুলৰ সৈতে নহয় : আজমল - Badaruddin Ajmal On Congress

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.