ETV Bharat / politics

বদৰুদ্দিন আজমলৰ মনোনয়ন দাখিল, জিলা আয়ুক্তৰ বিৰুদ্ধে ক্ষোভ শুকুৰৰ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 17, 2024, 10:31 PM IST

DHUBRI LOK SABHA SEAT
শুকুৰ আলীৰ অভিযোগ

জিলা আয়ুক্তক অশিক্ষিত আখ্যা দিলে শুকুৰ আলীয়ে ৷ মনোনয়ন দাখিল কৰিবলৈ আহি জিলা আয়ুক্তৰ বিৰুদ্ধে ক্ষোভ শুকুৰ আলীৰ ৷ আনহাতে বিশাল সমদলেৰে বদৰুদ্দিন আজমলৰ মনোনয়ন দাখিল ৷

ধুবুৰীত বদৰুদ্দিন আজমল-শুকুৰ আলীৰ মনোনয়ন দাখিল

ধুবুৰী, 17 এপ্ৰিল : তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন দিবলৈ আহি লটি-ঘটি হ’ল ধুবুৰী সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী শুকুৰ আলীৰ ৷ মনোনয়ন দাখিল কৰিবলৈ আহি কোনো কথাত জিলা আয়ুক্ত তথা নিৰ্বাচনী বিষয়াৰ ওপৰত খৰ্গহস্ত হৈ পৰিল প্ৰায়ে সংবাদ মাধ্যমৰ চৰ্চাত থকা শুকুৰ আলী ৷ জিলা আয়ুক্তই গুৰুত্ব নিদিয়াৰ অভিযোগ তুলি শুকুৰ আলী ক্ষোভিত হৈ পৰা পৰিলক্ষিত হয় ৷ "জিলা আয়ুক্তই নকল মাৰি পাছ কৰিছে, জিলা আয়ুক্ত অশিক্ষিত" বুলি মন্তব্য কৰি বদৰুদ্দিন আজমলক জিলা আয়ুক্তই বিশেষ সুবিধা কৰি দিয়া বুলি অভিযোগ কৰে শুকুৰ আলীয়ে ৷ লগতে জিলা আয়ুক্তজনক বদলি কৰিবলৈ শুকুৰ আলীয়ে দাবী জনায় ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ইফালে বুধবাৰে হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ ধুবুৰীত মনোনয়ন দাখিল কৰিলে এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলে ৷ মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে ধুবুৰীৰ ঝগৰাৰ পাৰ ষ্টেডিয়ামত বিশাল সভা অনুষ্ঠিত কৰি এক বিশাল ৰেলী বাহিৰ কৰে বদৰুদ্দিন আজমলে ৷ দলীয় সাতজনকৈ বিধায়কক লগত লৈ আজমলে বিশাল সমদলেৰে জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হয় ৷ মনোনয়ন দাখিল কৰি বদৰুদ্দিন আজমলে তেওঁ চতুৰ্থবাৰৰ বাবে সাংসদ নিৰ্বাচিত হ’ব বুলি দাবী কৰে ৷ ইফালে প্ৰিয়ংকা গান্ধীয়ে য’তেই নিৰ্বাচনী প্ৰচাৰ চলায় তাতেই কংগ্ৰেছৰ পৰাজয় হয় বুলি উল্লেখ কৰি নৰেন্দ্ৰ মোদীৰ 'সবকা সাথ সবকা বিকাশ' এই সকলো মিছা বুলি মন্তব্য কৰে আজমলে ৷

আনহাতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ৰাজনৈতিক মানুহ নহয় বুলি কৈ তেওঁক অন্য কাম কৰিবলৈ পৰামৰ্শ দিয়ে আজমলে ৷ ইফালে মনোনয়ন দাখিলৰ পূৰ্বে ঝগৰাৰ পাৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা বিশাল জনসভাত কংগ্ৰেছ দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে এ আই ইউ ডি এফ দলত যোগদান কৰে কংগ্ৰেছ নেতা আলতাপ হুছেইন মণ্ডলে ৷ উল্লেখ্য যে, আজিৰ দিনটোত এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলৰ লগতে ক্ৰমে সুৰত জামান মণ্ডল (এছ ইউ চি আই), শুকুৰ আলী (অসম জন মৰ্চা) আৰু ফাৰুক খানকে ধৰি চাৰিজন প্ৰাৰ্থীয়ে নিজৰ নিজৰ মনোনয়ন দাখিল কৰে ৷

লগতে পঢ়ক : নিলাজৰ নিচিনা মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীয়ে মি়ঞাৰ দুৱাৰে দুৱাৰে ঘূৰি আছে : কৰিম উদ্দিন বৰভূঞা - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.