ETV Bharat / politics

নিলাজৰ নিচিনা মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীয়ে মি়ঞাৰ দুৱাৰে দুৱাৰে ঘূৰি আছে : কৰিম উদ্দিন বৰভূঞা - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 17, 2024, 5:29 PM IST

AIUDF Press Meet
মুখ্যমন্ত্ৰীক ক্ষমা খোজাৰ দাবী এ আই ইউ ডি এফৰ

মিঞাৰ ভোট বিচৰাৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে মিঞাৰ ওচৰত ৰাজহুৱা ক্ষমা খুজিব লাগে ৷ নগাঁৱত এই দাবী কৰিম উদ্দিন বৰভূঞাৰ । কংগ্ৰেছে কিয় মিঞা মানুহ বেয়া পাই তাক ৰাজহুৱা কৰিব লাগে বুলিও দাবী কৰে তেওঁ ৷ সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে নগাঁও সদৰ থানাত এজাহাৰ এ আই ইউ ডি এফৰ ।

কৰিম উদ্দিন বৰভূঞাৰ সংবাদমেল

নগাঁও, 17 এপ্ৰিল : মুখ্যমন্ত্ৰীক মিঞাৰ ওচৰত ৰাজহুৱাকৈ ক্ষমা খোজাৰ দাবী এ আই ইউ ডি এফৰ বিধায়ক কৰিম উদ্দিন বৰভূঞাৰ ৷ বুধবাৰে এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰে এ আই ইউ ডি এফ বিধায়কজন ৷ তেওঁ কয়- "যোৱা তিনি বছৰত মুখ্যমন্ত্ৰীয়ে পাঁচশ বাৰতকৈ অধিক মিঞাৰ ভোট নালাগে বুলি কৈছে ৷ এই মিঞাই শাক-পাচলিত বৰবিহ ঢালি দিয়ে ৷ এই সাম্প্ৰদায়িক মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীয়ে এতিয়া মছজিদলৈ কিয় যায় ৷ তেওঁৰ তিনি বছৰৰ কথাখিনি আমাৰ ৰাইজে এদিনৰ কাৰণেও পাহৰি যোৱা নাই ৷ মিঞাৰ ভোট নালাগে বুলি কৈ এতিয়া ভোটৰ লোভ, তেওঁৰ লাজ নাই নেকি ? নিলাজৰ নিচিনা তেওঁৰ প্ৰাৰ্থীয়ে আজি গৈ মি়ঞাৰ দুৱাৰে দুৱাৰে ঘূৰি আছে ৷ মুখ্যমন্ত্ৰীয়ে পুৰণা কথাখিনি উঠাই ল’ব লাগে ৷ যদি মিঞাৰ ভোট বিচাৰিব লাগে মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাকৈ মিঞাৰ ওচৰত ক্ষমা বিচাৰিব লাগে ৷"

ইফালে সংবাদমেলত কংগ্ৰেছকো তীব্ৰ সমালোচনা কৰে বিধায়ক কৰিম উদ্দিন বৰভূঞাই ৷ তেওঁ কয় যে, নগাঁও লোকসভা সমষ্টিত নুৰুল হুদাক কংগ্ৰেছে প্ৰাৰ্থিত্ব দিয়াৰ বাবে এ আই ইউ ডি এফে দাবী কৰিছিল | তেওঁক প্ৰাৰ্থিত্ব দিলে এ আই ডি এফে প্ৰাৰ্থী নিদিয়াৰ সিদ্ধান্ত লৈছিল ৷ কিন্তু তাৰ পিচতো এখন মুছলমান আসনত এজন হিন্দু প্ৰাৰ্থী কংগ্ৰেছে কিয় দিলে ৷ নগাঁৱত যাতে ভৱিষ্যতে কোনো দলে মুছলমান প্ৰাৰ্থী নিদিয়ে, সংসদত মুছলমানৰ প্ৰতিনিধিত্ব কম কৰাৰ কাৰণে কংগ্ৰেছে এই কুৎসা ৰচিছে বুলি অভিযোগ কৰে বিধায়কগৰাকীয়ে ৷

লগতে কংগ্ৰেছে কিয় মিঞা মানুহ বেয়া পাই তাক ৰাজহুৱা কৰিব লাগে বুলিও দাবী কৰে তেওঁ ৷ লগতে বিধায়কজনে কয় যে, কংগ্ৰেছে এজনো মিঞা প্ৰাৰ্থী নিদিলে ৷ ধুবুৰীত ৰকিবুল হুছেইনক প্ৰাৰ্থিত্ব দিলে, কিন্তু তেওঁ মিঞা নহয় ৷ বিধানসভাত কংগ্ৰেছৰ 31 জনৰ ভিতৰত 16 জনকৈ মিঞা বিধায়ক থকাৰ পিচতো লোকসভাত এজনো মিঞা প্ৰাৰ্থী কিয় দিয়া নাই তাৰ উত্তৰো দলটোৱে দিব লাগে বুলি দাবী কৰে কৰিম উদ্দিন বৰভূঞাই ৷

আনহাতে পুনৰ বিতৰ্কিত মন্তব্য কৰা হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ সিদ্ধান্ত এ আই ইউ ডি এফ দলৰ ৷ নগাঁও লোকসভা সমষ্টিৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থী আমিনুল ইছলামক জেহাদী আখ্যা দিয়া সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ সিদ্ধান্ত লয় বুলি সংবাদমেল যোগে সদৰী কৰে দলৰ নেতা কৰিম উদ্দিন বৰভূঞাই ৷ থানাত গোচৰ দিয়াৰ লগতে নিৰ্বাচন আয়োগতো এই সন্দৰ্ভত গোচৰ দিয়া হ’ব বুলি সদৰী কৰে তেওঁ ৷ লগতে সত্যৰঞ্জন বৰাক শীঘ্ৰেই গ্ৰেপ্তাৰৰ দাবী জনাই বিধায়কজনে ৷ বিধায়কজনে অভিযোগ কৰে যে, সত্যৰঞ্জন বৰাই নিৰ্বাচনৰ পূৰ্বে এনেধৰণৰ মন্তব্য কৰি সাম্প্ৰদায়িক পৰিৱেশ বিনষ্ট কৰাত বিজেপি, মুখ্যমন্ত্ৰী আৰু পীযুষ হাজৰীকাৰ ইন্ধন আছে ৷

নগাঁৱৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈকো আক্ৰমণ কৰে এ আই ইউ ডি এফৰ বিধায়কজনে ৷ তেওঁ বিগত পাঁচ বছৰত সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে সমষ্টিত সাংসদ পুঁজিৰে কি কি কাম কৰিলে তাৰ তালিকাখন ৰাজহুৱা কৰিব লাগে বুলি প্ৰত্যাহ্বান জনায় ৷ নগাঁৱৰ ৰাইজে এই কথা জানিব খোজে বুলিও কয় কৰিম উদ্দিন বৰভূঞাই ৷ লগতে প্ৰদ্যুৎ বৰদলৈয়ে কেইবা হাজাৰ চাকৰি দিয়াৰ কথা কোৱা সন্দৰ্ভত বিধায়কজনে এইক্ষেত্ৰত কোনো আপত্তি নাই কিন্তু তেওঁ কাক কাক চাকৰি দিলে সেই তালিকাখনো ৰাজহুৱা কৰিবলৈ দাবী জনায় এ আই ইউ ডি এফ নেতাজনে ৷

লগতে পঢ়ক : বিজেপি জয়ী হ'লে ৰাছিয়াৰ পুটিনৰ দৰেই অনিৰ্দিষ্টকালৰ বাবে শাসনৰ গাদীত বহিব মোদী: পৱন খেৰা - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.