ETV Bharat / politics

নিজৰেই নিৰ্বাচনী প্ৰচাৰ সভাত অনুপস্থিত আজমল; ক্ষোভ প্ৰকাশ সমষ্টিবাসীৰ - Lok sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : May 3, 2024, 7:14 AM IST

Dhubri Lok Sabha Constituency : নিজৰেই বিশাল নিৰ্বাচনী সভাত অনুপস্থিত ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী মৌলানা বদৰুদ্দিন আজমল । ক্ষোভ প্ৰকাশ সভালৈ অহা লোকৰ । নিৰ্বাচনৰ পূর্বেই প্ৰতাৰণা কৰাৰ অভিযোগ আজমলৰ বিৰুদ্ধে ।

AIUDF CANDIDATE Badruddin Ajmal absent from his own election campaign
নিজৰেই নিৰ্বাচনী প্ৰচাৰ সভাত অনুপস্থিত আজমল: ক্ষোভ প্ৰকাশ সমষ্টিবাসীৰ (ETV BHARAT ASSAM)

নিজৰেই নিৰ্বাচনী প্ৰচাৰ সভাত অনুপস্থিত আজমল (ETV BHARAT ASSAM)

গোৱালপাৰা, 3 মে’ : এ আই ইউ ডি এফ প্ৰধান তথা ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী মৌলানা বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ সমষ্টিবাসীৰ ৷ দলটোৱে প্ৰাৰ্থীগৰাকীৰ সমৰ্থনত বৃহৎ নিৰ্বাচনী সভাৰ আয়োজন কৰিলে যদিও উক্ত সভাত উপস্থিত নহ’ল মৌলানা বদৰুদ্দিন আজমল । আজমলৰ নিৰ্বাচনী প্ৰচাৰ সভাত আজমলেই উপস্থিত নথকাত আজমলৰ ভাষণ শুনিবৰ বাবে ৰৈ থকা মানুহবোৰে ক্ষোভ উজাৰে । নিৰ্বাচনৰ পূর্বেই আজমলে প্ৰতাৰণা কৰা বুলি ক্ষোভ উজাৰে সমষ্টিৰ লোকে ।

উল্লেখ্য যে, তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে শাসক-বিৰোধীয়ে ব্যাপকভাবে নিৰ্বাচনী প্ৰচাৰ অভিযান চলোৱা পৰিলক্ষিত হৈছে । আজমলৰ নিৰ্দেশ মৰ্মে বৃহস্পতিবাৰে ধুবুৰী লোকসভা সমষ্টিৰ জলেশ্বৰ সমষ্টিৰ চুনাৰীত এ আই ইউ ডি এফ দলৰ এখন বিশাল নিৰ্বাচনী জনসভাৰ আয়োজন কৰিছিল দলীয় কৰ্মকৰ্তাসকলে ।

উক্ত সভাখনত হেলিকপ্টাৰেৰে অংশগ্ৰহণ কৰাৰ কথা আছিল সাংসদ আজমলৰ । কিন্তু দিনৰ 12 বজাত আৰম্ভ হোৱা সভাখনত সন্ধিয়া 5 বজালৈ উপস্থিত নহ’ল ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থীগৰাকী । দিনটোৰ অন্তত সন্ধিয়াৰ ভাগতহে দলীয় কৰ্মকৰ্তাক ফোনযোগে সভাখনত উপস্থিত থাকিব নোৱাৰিম বুলি জনায় আজমলে ।

ইয়াৰ পাচতে ক্ষুণ্ণ হৈ পৰে সভালৈ অহা লোকসকল । সন্ধিয়া পৰ্যন্ত আজমল আহিব বুলি অপেক্ষা কৰি থকাৰ পাচতো উপস্থিত নোহোৱাত ক্ষুব্ধ হৈ সভাৰ পৰা ওভতে কেইবা হাজাৰ লোক । নিৰ্বাচনৰ পূৰ্বেই আজমলে প্ৰতাৰণা কৰা বুলি সংবাদ মাধ্যমৰ আগত ক্ষোভ উজাৰে সভাত উপস্থিত ৰাইজে ।

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে, বুধবাৰেও আজমলৰ নিৰ্বাচনী প্ৰচাৰ সভাত লাগিল অথন্তৰ ঘটা পৰিলক্ষিত হৈছিল । এ আই ইউ ডি এফ প্ৰধান তথা ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী মৌলানা বদৰুদ্দিন আজমলে দলীয় কৰ্মীক মঞ্চৰ ওপৰতে প্ৰচণ্ড চৰ শোধোৱাৰ পাচত বেমেজালিৰ সৃষ্টি হৈছিল নিৰ্বাচনী প্ৰচাৰ সভাখনত ।

লগতে পঢ়ক: আজমলৰ অথন্তৰ; এখন সভাত সমৰ্থকক চৰ, আন এখনত দলীয় কৰ্মীৰ সাংবাদিকক প্ৰহাৰ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.