ETV Bharat / politics

দক্ষিণ ভাৰতৰ সুৰা মাফিয়াৰ সৈতে বিজেপিৰ সম্পৰ্ক দীৰ্ঘদিনীয়া : আপ - Delhi excise policy Case

author img

By ETV Bharat Assamese Team

Published : Mar 30, 2024, 9:22 PM IST

AAP ASSAM PRESS MEET
আপৰ ৰাজ্যিক জ্যেষ্ঠ মুখপাত্ৰ অনুৰূপা ডেকাৰজাৰ সংবাদমেল

AAP Assam : দিল্লীৰ সুৰা কেলেংকাৰীৰ ৰাজসাক্ষী ৰাঘৱ ৰেড্ডীৰ পিতৃ মগুন্ঠা এছ ৰেড্ডীয়ে লাভ কৰিলে বিজেপি মিত্ৰদলৰ টিকট। ৰাঘৱ ৰেড্ডী আৰু মাগুন্ঠা এছ ৰেড্ডীৰ সাক্ষীৰ ওপৰত ভিত্তি কৰিয়েই গ্ৰেপ্তাৰ হৈছিল অৰবিন্দ কেজৰিৱাল ।

সংবাদমেলত বিজেপিৰ বিৰুদ্ধে সৰৱ আপৰ ৰাজ্যিক জ্যেষ্ঠ মুখপাত্ৰ অনুৰূপা ডেকাৰজা

গুৱাহাটী, 30 মাৰ্চ : বিজেপি চৰকাৰে দুৰ্নীতিকাৰীসকলক সুৰক্ষা দিয়াৰ বিপৰীতে সততাৰ পথত থকাসকলক মানসিক আৰু শাৰীৰিকভাৱে হাৰাশাস্তি কৰি আহিছে ৷ এই অভিযোগ আম আদমী পাৰ্টী চমুকৈ আপৰ ৰাজ্যিক জ্যেষ্ঠ মুখপাত্ৰ অনুৰূপা ডেকাৰজাৰ ৷ শনিবাৰে আপৰ গুৱাহাটীৰ গণেশগুৰিস্থিত ৰাজ্যিক মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি অনুৰূপা ডেকাৰজাই বিজেপি চৰকাৰৰ কুটিল ৰাজনীতিৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে বিজেপি চৰকাৰে গভীৰ ষড়যন্ত্ৰ কৰা বুলি অভিযোগ কৰি তেওঁ ৰাজসাক্ষীক কিদৰে ব্যৱহাৰ কৰা হৈছে তাৰ সবিশেষ উল্লেখ কৰে ৷ তেওঁ কয় যে দিল্লীৰ সুৰা কেলেংকাৰীৰ ৰাজসাক্ষী ৰাঘৱ ৰেড্ডীৰ পিতৃ মাগুন্ঠা এছ ৰেড্ডীয়ে লাভ কৰিলে বিজেপিৰ মিত্ৰদল তেলেগু দেশম পাৰ্টীৰ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্ব ৷ তেওঁ বিজেপিৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ আনি কয় যে দক্ষিণ ভাৰতৰ সুৰা মাফিয়াসকলৰ সৈতে দলটোৰ এক দীৰ্ঘদিনীয়া সম্পৰ্ক আছে ৷ ই ডিয়ে ৰাঘৱ ৰেড্ডী আৰু তেওঁৰ পিতৃ মাগুন্ঠা এছ ৰেড্ডীৰ সাক্ষীৰ ওপৰত ভিত্তি কৰিয়েই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছিল বুলি কয় অনুৰূপা ডেকাৰজাই ৷

এই সম্পৰ্কত আপ অসমৰ জ্যেষ্ঠ ৰাজ্যিক মুখপাত্ৰই কয় যে ৰেড্ডী পৰিয়ালে তেওঁলোকৰ ন্যাসৰ নামত এখন আশ্ৰম খুলিবলৈ মাটি বিচাৰি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক সাক্ষাৎ কৰিছিল ৷ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সেই সন্দৰ্ভত দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰলৈ পত্ৰ প্ৰেৰণ কৰিছিল ৷ ইয়াৰ পাচতেই ই ডিয়ে ৰেড্ডীৰ ঘৰত তালাচী চলায় ৷ তালাচীৰ পাচত আদালতৰ সমুখতো প্ৰথমাৱস্থাত ৰেড্ডীয়ে কেজৰিৱালৰ সৈতে সুৰা নীতিৰ সৈতে জড়িত ধনৰ লেনদেন কৰাৰ কথাটোক অস্বীকাৰ কৰিছিল ৷ কিন্তু ইয়াৰ পাচতেই ই ডিয়ে ৰাঘৱ ৰেড্ডীক গ্ৰেপ্তাৰ কৰে আৰু পাঁচ মাহ কাৰাগাৰত থকাৰ পাছত মাগুন্ঠা এচ ৰেড্ডীয়ে তেওঁৰ শপতনামা সলনি কৰি দিল্লীৰ সুৰা কেলেংকাৰীৰ সৈতে অৰবিন্দ কেজৰিৱালক সংযোগ কৰি দিয়ে ৷ ইয়াৰ পাচতেই ৰাঘৱ ৰেড্ডীয়ে জামিন লাভ কৰে আৰু 3 অক্টোবৰত তেওঁক ৰাজসাক্ষী হিচাপে গ্ৰহণ কৰা হয় বুলি মন্তব্য কৰে তেওঁ ৷

বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি আপ নেত্ৰীগৰাকীয়ে কয় যে এইদৰেই বিজেপি চৰকাৰে দুৰ্নীতিকাৰী সকলক সুৰক্ষা দি আহিছে আৰু সততাৰ পথত থকাসকলক মানসিক-শাৰীৰিকভাৱে হাৰাশাস্তি দি আহিছে ৷ তেওঁ লগতে কয় যে ই ডিয়ে কোনো কাৰণ নজনোৱাকৈ দিল্লীৰ পৰিবহণ মন্ত্ৰী কৈলাশ গেহলটৰ বিৰুদ্ধেও চমন জাৰি কৰিছে ৷ এয়া আম আদমি পাৰ্টীৰ সততা আৰু উন্নয়নৰ ৰাজনীতিৰ প্ৰতি বিজেপি চৰকাৰৰ ভয়ৰ প্ৰতিফলন বুলি তেওঁ উল্লেখ কৰে ৷ সংবাদমেলত আপৰ ৰাজ্যিক মুখপাত্ৰ গুৰপ্ৰীত সিং উপ্পল উপস্থিত আছিল ৷

লগতে পঢ়ক : গৌৰৱ গগৈ-লুৰীণজ্যোতি গগৈক হৰুওৱাৰ কাম কৰি আছে অখিল গগৈয়ে : জয়ন্ত মল্লবৰুৱা - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.