ETV Bharat / international

ভাৰতত চিএএৰ অধিসূচনা জাৰি কৰা লৈ উদ্বিগ্ন আমেৰিকা

author img

By ANI

Published : Mar 15, 2024, 11:01 AM IST

US on CAA implementation: ভাৰতত নাগৰিকত্ব সংশোধনী আইনৰ অধিসূচনা জাৰিৰ পিচতে আমেৰিকাই উদ্বিগ্নতা প্ৰকাশ কৰিছে । আইনখন কেনেদৰে ৰূপায়ণ কৰা হ'ব তাৰ ওপৰতো চোকা দৃষ্টি ৰাখিছে আমেৰিকাই ।

US on CAA implementation
ভাৰতত চিএএৰ অধিসূচনা জাৰিক লৈ উদ্বিগ্ন আমেৰিকা

ইণ্টাৰনেশ্যনেল ডেস্ক,১৫ মাৰ্চ : শেহতীয়াকৈ ভাৰতত নাগৰিকত্ব সংশোধনী আইনৰ (চিএএ) অধিসূচনা জাৰি কৰা হৈছে । যাক লৈ কেৱল দেশৰ ভিতৰতে নহয় সমগ্ৰ বিশ্বতে প্ৰতিক্ৰিয়া হৈছে । আমেৰিকা প্ৰশাসনে বৃহস্পতিবাৰে ঘোষণা কৰা মতে ভাৰতত চিএএ-ৰ অধিসূচনাক লৈ তেওঁলোক উদ্বিগ্ন । আনহাতে আমেৰিকাই আইনখনৰ ৰূপায়ণৰ ওপৰত নিবিড় নিৰীক্ষণ কৰি আছে । আমেৰিকাৰ বৈদেশিক বিভাগৰ মুখপাত্ৰ মেথিউ মিলাৰে বৃহস্পতিবাৰে সংবাদমাধ্যমৰ সন্মুখত এই কথা প্ৰকাশ কৰে ।

মিলাৰে উল্লেখ কৰা মতে এই আইনখন কেনেদৰে ৰূপায়ণ কৰা হ'ব সেয়া আমেৰিকাই নিৰীক্ষণ কৰি আছে । তেওঁৰ মতে ধৰ্মীয় স্বাধীনতাৰ প্ৰতি সন্মান আৰু সকলো সম্প্ৰদায়ৰ বাবে আইনৰ অধীনত সমান ব্যৱহাৰ হৈছে মৌলিক গণতান্ত্ৰিক নীতি । বুধবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে চিএএ-ৰ ওপৰত থকা আশংকা দূৰ কৰি কৈছিল যে নতুন আইনখন কেৱল অবিভক্ত ভাৰতৰ অংশ হৈ থকা নিৰ্যাতিত সংখ্যালঘুসকলৰ অধিকাৰ নিশ্চিত কৰাৰ বাবে কৰা হৈছে আৰু ই কাৰো নাগৰিকৰ অধিকাৰৰ ওপৰত প্ৰভাৱ পেলাব নোৱাৰে ।

শ্বাহে দাবী কৰা মতে তেওঁ বিভিন্ন মঞ্চত বহুবাৰ চিএএ সন্দৰ্ভত কথা পাতিছে আৰু ইয়াৰ ওপৰত বিতংভাৱে কৈছে যে দেশৰ সংখ্যালঘুসকলে ভয় কৰাৰ কোনো প্ৰয়োজন নাই । ইয়াত নাগৰিকৰ অধিকাৰ কাঢ়ি লোৱাৰ কোনো ব্যৱস্থা নাই । চিএএ-ৰ লক্ষ্য হৈছে ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈ বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা প্ৰব্ৰজন কৰা হিন্দু, শিখ, জৈন, বৌদ্ধ, পাৰ্চী আৰু খ্ৰীষ্টানসহ নিৰ্যাতিত অনা-মুছলমান লোকসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা । চিএএ-২০১৯ৰ অধীনত যোগ্য ব্যক্তিসকলে ভাৰতীয় নাগৰিকত্বৰ বাবে অনলাইনযোগে আবেদন কৰিব পাৰিব বুলিও তেওঁ উল্লেখ কৰে । এই সন্দৰ্ভত চৰকাৰে এটা ৱেব পৰ্টেলো মুকলি কৰিছে ।

লগতে পঢ়ক :ভোটৰ মেৰুকৰণৰ বাবেই লোকসভা নিৰ্বাচনৰ পূৰ্বে কা ৰ অধিসূচনা; জয়ৰাম ৰমেশৰ দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.