ETV Bharat / international

খাদ্য গ্ৰহণৰ বাবে শাৰী পাতি থাকোতেই মৃত্যু 5 জনৰ; আহত কেবাজনো

author img

By ANI

Published : Mar 9, 2024, 7:29 AM IST

খাদ্যৰ বাবে শাৰী পাতি ৰৈ থাকোতে যুদ্ধবিধ্বস্ত গাজাত মৃত্যু 5 জন নাগৰিকৰ ৷ আহত কেবাজনো লোক ৷ গাজা চহৰৰ শ্বাটি শৰণাৰ্থী শিবিৰত সংঘটিত হয় এই শোকাৱহ ঘটনাটো ৷

several killed, several injured as parachute fails to open during aid drop in Gaza
খাদ্য গ্ৰহণৰ বাবে শাৰী পাতি থাকোতেই মৃত্যু 5 জনৰ; আহত কেবাজনো

ইণ্টাৰনেশ্যনেল ডেস্ক, 9 ফেব্ৰুৱাৰী: শুকুৰবাৰে গাজা চহৰৰ শ্বাটি শৰণাৰ্থী শিবিৰত শোকাৱহ ঘটনা ৷ আল জাজিৰা সংবাদ সংস্থাই জানিবলৈ দিয়া মতে শিবিৰৰ উত্তৰ দিশত খাদ্যৰ বাবে শাৰী পাতি ৰৈ আছিল সাধাৰণ নাগৰিক ৷ মানৱীয় এয়াৰড্ৰ’পৰ পেৰাচুট খোলাত ব্যৰ্থ হোৱাৰ পিছত এটা পেলেট খুলি পৰাত খাদ্যৰ অপেক্ষাত ৰৈ থকা পাঁচজন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক আহত হয় ।

শুকুৰবাৰে এই ঘটনাৰ পিছত গাজা চৰকাৰী সংবাদ মাধ্যমৰ কাৰ্যালয়ে আঘাতপ্ৰাপ্ত লোকৰ সংখ্যা স্বীকাৰ কৰি এয়াৰড্ৰ’পৰ জৰিয়তে খাদ্য যোগান ধৰা কাৰ্যক “মানৱীয় সেৱাৰ পৰিৱৰ্তে চমক প্ৰদান কৰিব বিচৰা অপপ্ৰচাৰ” বুলি অভিহিত কৰে আৰু স্থল সীমান্তৰ মাজেৰে কঢ়িয়াব পৰাকৈ খাদ্যৰ উপলব্ধতাৰ পোষকতা কৰে ।

এক বিবৃতিযোগে কোৱা হৈছে, "আমি পূৰ্বে সকীয়াই দিছিলো যে ই গাজা ষ্ট্ৰিপৰ নাগৰিকৰ জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে আৰু আজি এইটোৱেই সঁচা হৈছে ।"

ৰাষ্ট্ৰসংঘৰ মানৱীয় পৰিক্ৰমা সমন্বয়ৰ কাৰ্যালয়ে যোৱা মাহত গাজাৰ কমেও ডেৰ লাখ বা গাজাৰ প্ৰতি চাৰিজন লোকৰ ভিতৰত এজন দুৰ্ভিক্ষৰ সন্মুখীন হ’ব বুলি আশংকা প্ৰকাশ কৰিছে । এলেকাটোত দুৰ্ভিক্ষৰ সৃষ্টি হোৱাৰ বাবেই এই ঘটনা সংঘটিত হয় । আল জাজিৰাৰ বাতৰি অনুসৰি গাজাত ৰাষ্ট্ৰসংঘৰ মূল সংগঠন ইউএনআৰডব্লিউএই দাবী কৰিছে যে 23 জানুৱাৰীৰ পৰা ইজৰাইল কৰ্তৃপক্ষই তেওঁলোকক ষ্ট্ৰিপৰ উত্তৰ অংশলৈ সামগ্ৰী পৰিবহণ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে ।

বিশ্ব খাদ্য কাৰ্যসূচীয়ে জনোৱা মতে, দুসপ্তাহৰ ভিতৰত উত্তৰ দিশলৈ যোৱা প্ৰথমটো কনভয়ক মঙলবাৰে পিছুৱাই যাবলৈ সেনাই বাধ্য কৰাইছিল । নিৰাপত্তাজনিত কাৰণত সংস্থাটোৱে গাজাত ডেলিভাৰী বন্ধ কৰি দিছিল । ফলত কেইবাখনো ৰাষ্ট্ৰই এয়াৰড্ৰ’প চলাইছে, বিশেষকৈ ইজিপ্ত, আমেৰিকা, জৰ্ডান, সংযুক্ত আৰব আমিৰশ্বাহীয়ে ।

  • " class="align-text-top noRightClick twitterSection" data="">

কিন্তু সাহায্য সংস্থাসমূহে এই প্ৰচেষ্টাসমূহক খাদ্য আৰু চিকিৎসা সামগ্ৰী যোগান ধৰাৰ ব্যয়বহুল আৰু অদক্ষ উপায় বুলি সমালোচনা কৰিছে । ইফালে ৰাষ্ট্ৰসংঘৰ মতে যদি একো কৰা নহয় তেন্তে গাজা ষ্ট্ৰিপত ব্যাপক দুৰ্ভিক্ষ ‘প্ৰায় অনিবাৰ্য’ বুলি উল্লেখ কৰিছে । আল জাজিৰাৰ মতে, সাহায্য সংস্থাসমূহে 7 অক্টোবৰৰ পৰা ইজৰাইলী ঘেৰাও আৰু আক্ৰমণৰ বলি হোৱা অঞ্চলটোত খাদ্যৰ অভাৱৰ কাৰণ সামৰিক কাৰ্যকলাপ, নিৰাপত্তাহীনতা আৰু প্ৰয়োজনীয় সামগ্ৰী পৰিবহণৰ ক্ষেত্ৰত বাধা বুলি উল্লেখ কৰে ।

গাজাৰ স্বাস্থ্য বিষয়াসকলে জনোৱা মতে, পাঁচ মাহৰ সংঘাতত গাজাত 30 হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে ৷ ইজৰাইলে 57 বছৰ ধৰি পেলেষ্টাইনৰ ভূ-খণ্ড দখল কৰাৰ বৈধতাৰ ওপৰত ঐতিহাসিক শুনানি আৰম্ভ কৰিবলৈ সাজু হৈছে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ে । 7 অক্টোবৰৰ পৰা 29 হাজাৰৰো অধিক পেলেষ্টাইনী লোকৰ ইজৰাইলৰ আক্ৰমণৰ ফলত মৃত্যু হৈছে বুলি আল জাজিৰাত প্ৰকাশ পাইছে ।

লগতে পঢ়ক: হুথি বিদ্ৰোহীৰ আক্ৰমণত গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত বেলিজৰ পতাকা থকা জাহাজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.