ETV Bharat / international

টাইৱানত 25 বছৰৰ সৰ্ববৃহৎ ভূমিকম্পত নিহত 9, 1000 ৰো অধিক আহত; জাপানত জাৰি ছুনামী সতৰ্কতা - Strong Earthquake hits Taiwan

author img

By PTI

Published : Apr 3, 2024, 8:17 AM IST

Updated : Apr 4, 2024, 9:16 AM IST

A strong earthquake shakes Taiwan, damaging buildings and causing a tsunami
টাইৱানত বৃহৎ ভূইকঁপৰ জোকাৰণি; জাপানত জাৰি ছুনামী সতৰ্কতা

Strong Earthquake hits Taiwan: বুধবাৰৰ পুৱাই টাইৱান দ্বীপত ভূইকঁপৰ জোকাৰণি ৷ ইয়াৰ কিছু সময়ৰ পিছতে জাপানৰ দক্ষিণ অংশত ছুনামীৰ সতৰ্কবাণী জাৰি কৰা হয় ৷ শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি, ভূমিকম্পৰ ফলত 9 জন লোক নিহত হোৱাৰ লগতে 1000 ৰো অধিক লোক আহত হোৱা বুলি জানিব পৰা হৈছে ৷

ইণ্টাৰনেশ্যনেল ডেস্ক, 3 এপ্ৰিল: প্ৰবল ভূমিকম্পই জোকাৰিলে টাইৱানক ৷ বুধবাৰে স্থানীয় সময় অনুসৰি পুৱা 7.58 বজাত টাইৱানত সংঘটিত হয় এই ভূমিকম্পৰ জোকাৰণি ৷ ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাৱল্য আছিল 7.5 ৷ এই জোকাৰণিৰ ফলত সৰু দ্বীপটোৰ বহু স্থানত বহু ঘৰ ধ্বংসাৱশেষত পৰিণত হোৱা দেখা গৈছে ৷ ভূমিকম্পৰ ফলত 9 জন লোক নিহত হোৱাৰ লগতে 1000 ৰো অধিক লোক আহত হোৱা বুলি জানিব পৰা হৈছে ৷

2.3 কোটি লোকৰ দ্বীপটোত ৰে’ল সেৱা বন্ধ কৰি দিয়া হৈছিল ৷ ইয়াৰোপৰি, টাইপেইত ছাবমেট্ৰ’ সেৱাও বন্ধ কৰি দিয়া হৈছিল । অৱশ্যে ৰাজধানীখনত সোনকালে পৰিস্থিতি স্বাভাৱিক হৈ পৰা দেখিবলৈ পোৱা গ’ল ৷ শিক্ষাৰ্থীসকল বিদ্যালয়লৈ যোৱাৰ লগতে পৰিস্থিতি স্বাভাৱিক হোৱা দেখা গ’ল ।

জাপান বতৰ বিজ্ঞান সংস্থাই জনোৱা মতে, ভূমিকম্পটো অহাৰ প্ৰায় 15 মিনিট পিছত যোনাগুনি দ্বীপৰ উপকূলত 30 ছে.মি.(প্ৰায় 1 ফুট) উচ্চতাৰ ছুনামী ঢৌ ধৰা পৰিছে । জামাই কয় যে ঢৌৱে মিয়াকো আৰু ইয়ায়ামা দ্বীপপুঞ্জৰ উপকূলতো আঘাত কৰাৰ আশংকা আছে । জাপানৰ আত্মৰক্ষা বাহিনীয়ে অকিনাৱা অঞ্চলৰ চাৰিওফালে ছুনামীৰ প্ৰভাৱৰ বিষয়ে তথ্য সংগ্ৰহ কৰিবলৈ বিমান প্ৰেৰণ কৰাৰ লগতে প্ৰয়োজন হ’লে খালী কৰা লোকসকলৰ বাবে আশ্ৰয় শিবিৰ প্ৰস্তুত কৰিছিল ।

টাইৱানৰ ভূমিকম্প নিৰীক্ষণ সংস্থাই এই জোকাৰণিৰ মাত্ৰা 7.2 বুলি প্ৰকাশ কৰাৰ বিপৰীতে আমেৰিকাৰ ভূতাত্ত্বিক জৰীপে 7.4 বুলি কয় । পুৱা 7.58 বজাত এই জোকাৰণিয়ে হুয়ালিয়েনৰ পৰা প্ৰায় 18 কিলোমিটাৰ দক্ষিণ-পশ্চিমে আঘাত কৰিছিল আৰু ইয়াৰ গভীৰতা প্ৰায় 35 কিলোমিটাৰ (21 মাইল) আছিল ।

ইউ এছ জি এছৰ মতে, ইয়াৰ পিছত হোৱা আন এটা ভূমিকম্পৰ জোকাৰণি 6.5 প্ৰাৱল্য আৰু 11.8 কিলোমিটাৰ (7 মাইল) গভীৰৰ আছিল । প্ৰশান্ত মহাসাগৰীয় ছুনামী সতৰ্কতা কেন্দ্ৰই কয় যে হাৱাই বা আমেৰিকাৰ প্ৰশান্ত মহাসাগৰীয় ভূ-খণ্ড গুৱামৰ বাবে ছুনামীৰ কোনো ভাবুকি নাই ।

  • " class="align-text-top noRightClick twitterSection" data="">

1999 চনত বৃহৎ ভূমিকম্পটোৰ পিচত টাইৱানত হোৱা এই ভূমিকম্পটোক আটাইতকৈ ডাঙৰ ভূমিকম্প বুলি ধাৰণা কৰা হৈছে ।

লগতে পঢ়ক: 7.2 প্ৰাবল্যৰ ভূইকঁপে জোকাৰিলে চীনৰ লগতে ৰাজধানী দিল্লীকো

Last Updated :Apr 4, 2024, 9:16 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.