ETV Bharat / international

7.2 প্ৰাবল্যৰ ভূইকঁপে জোকাৰিলে চীনৰ লগতে ৰাজধানী দিল্লীকো - ৰাজধানী দিল্লীতো ভূমিকম্পৰ কম্পন

সোমবাৰৰ মাজ নিশা চুবুৰীয়া ৰাষ্ট্ৰ চীনৰ লগতে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীতো প্ৰবল ভূইকঁপৰ কঁপনি । চীনৰ দক্ষিণ জিনজিয়াঙত অহা ভূমিকম্পটোৰ প্ৰাবল্য ৰিখটাৰ স্কেলত আছিল 7.2 ৷ বৰ্তমান পৰ্যন্ত ভূমিকম্পটোৰ কোনো কাৰণ বা ক্ষয়-ক্ষতিৰ খবৰ পোৱা নাই ।

earthquake jolts Chinas Xinjiang
প্ৰাৱল্যৰ ভূইকঁপে জোকাৰিলে চীন
author img

By ANI

Published : January 23, 2024 at 8:48 AM IST

Updated : January 23, 2024 at 11:12 AM IST

2 Min Read

ইণ্টাৰনেশ্যনেল ডেস্ক, 23 জানুৱাৰী: চীনত ভূমিকম্পৰ কম্পন ৷ ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে এই তথ্য ৷ সোমবাৰৰ মাজ নিশা চুবুৰীয়া ৰাষ্ট্ৰ চীনৰ লগতে আমাৰ ৰাষ্ট্ৰীয় ৰাজধানীতো প্ৰবল ভূইকঁপৰ কম্পন অনুভূত হয় । চীনৰ দক্ষিণ জিনজিয়াঙত অহা ভূমিকম্পটোৰ প্ৰাবল্য ৰিখটাৰ স্কেলত আছিল 7.2 ৷ একেই কম্পন অনুভূত হৈছিল ৰাজধানী দিল্লীতো । বৰ্তমান পৰ্যন্ত ভূমিকম্পটোৰ কোনো কাৰণ বা ক্ষয়-ক্ষতিৰ খবৰ পোৱা নাই ।

চীনৰ দক্ষিণ জিনজিয়াঙত অহা ভূমিকম্পটোৰ অভিকেন্দ্ৰ ভূ-পৃষ্ঠৰ পৰা 80 কিলোমিটাৰ গভীৰতাত বুলি ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰই উল্লেখ কৰিছে । ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰই X যোগে কয়, "7.2 প্ৰাৱল্যৰ ভূমিকম্পটো 22-01-2024 ৰ দিনা স্থানীয় সময় অনুসৰি 23:39:11 বজাত অনুভূত হৈছিল ৷ ভূমিকম্পটোৰ প্ৰস্থ: 40.96 আৰু দৈৰ্ঘ: 78.30, গভীৰতা: 80 কিলোমিটাৰ, স্থান: দক্ষিণ জিনজিয়াং, চীন ৷"

National Center for Seismology যে X যোগে কয়, "ভাৰতৰ অন্যান্য অঞ্চলকে ধৰি ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীতো ভূমিকম্পৰ কম্পন অনুভূত হৈছিল ৷ এই সন্দৰ্ভত অধিক তথ্যৰ বাবে অপেক্ষা কৰা হৈছে ।"

উল্লেখযোগ্য যে চীনৰ গানছু আৰু চুবুৰীয়া কিংহাই প্ৰদেশত 6.2 প্ৰাবল্যৰ ভূমিকম্পত কমেও 131 জন লোকৰ মৃত্যু হোৱাৰ এমাহৰ পাছত এই ভূমিকম্পৰ কম্পন অনুভূত হৈছে । গ্ল’বেল টাইমছে গানছুৰ বিষয়াসকলৰ উদ্ধৃতিৰে প্ৰকাশ কৰা অনুসৰি 87 হাজাৰতকৈ অধিক লোকক খালী কৰি নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে, প্ৰায় 15000 ঘৰ ভাঙি যোৱাৰ পিছত আৰু 207000 ঘৰ ক্ষতিগ্ৰস্ত হৈছে ৷ যাৰ ফলত 145,736 জন লোক ক্ষতিগ্ৰস্ত হৈছে ।

লগতে পঢ়ক: হেলিকপ্টাৰ দুৰ্ঘটনাত এয়াৰ এম্বুলেন্স ক্ৰুৰ 3 সদস্য নিহত

Last Updated : January 23, 2024 at 11:12 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.