ETV Bharat / health

গ্ৰীণ টীৰ পাৰ্শ্বক্ৰিয়াৰ বিষয়ে আপুনি জ্ঞাত নে ?

author img

By ETV Bharat Assamese Team

Published : Feb 15, 2024, 6:43 PM IST

What are the negative side effects of green tea?
গ্ৰীণ টীৰ পাৰ্শ্বক্ৰিয়াৰ বিষয়ে আপুনি জ্ঞাত নে ?

গ্ৰীণ টীত থকা টেনিনবোৰে পাকস্থলীৰ এচিড বৃদ্ধি কৰে যাৰ ফলত পেটৰ বিষ, বমি অনুভৱ, বা কোষ্ঠকাঠিন্য হ'ব পাৰে ৷ সেয়েহে, খালী পেটত কেতিয়াও গ্ৰীণ টী সেৱন কৰিব নালাগে ৷ জানো আহক গ্ৰীণ টী খোৱাৰ ফলত শৰীৰত কেনেধৰণৰ পাৰ্শ্বক্ৰিয়াৰ সৃষ্টি হ’ব পাৰে

বহুতৰে এবিধ প্ৰিয় পানীয় হৈছে গ্ৰীণ টী ৷ ওজন হ্ৰাস কৰাৰ বাবে অন্যতম উপকাৰী বুলি প্ৰমাণ হোৱাৰে পিচৰে পৰা ই যথেষ্ট গুৰুত্ব লাভ কৰিছে ৷ খাদ্য ৰুচিৰ বাবে মেদবহুলতাৰ ভোগা একাংশই এতিয়া ওজন কমাবলৈ গ্ৰীণ টীকে সাৰথি কৰি লৈছে ৷ কিন্তু আপুনি জানেনে যে আপোনাৰ প্ৰিয় এই গ্ৰীণ টীৰ বহু পাৰ্শ্বক্ৰিয়া আছে ৷ ই স্বাস্থ্যৰ বাবে যিমানেই ভাল সিমানেই বেয়াও ৷ তেন্তে জানো আহক গ্ৰীণ টীৰ অপকাৰিতা-

গ্ৰীণ টীত থকা টেনিনবোৰে পাকস্থলীৰ এচিড বৃদ্ধি কৰে যাৰ ফলত পেটৰ বিষ, বমি অনুভৱ, বা কোষ্ঠকাঠিন্য হ'ব পাৰে ৷ সেয়েহে, খালী পেটত কেতিয়াও গ্ৰীণ টী সেৱন কৰিব নালাগে ৷

গ্ৰীণ টীৰ পাৰ্শ্বক্ৰিয়া

  • গুৰুতৰ মূৰৰ বিষ
  • উদ্বিগ্নতা
  • টোপনিৰ সমস্যা
  • বমি
  • ডায়েৰিয়া
  • বিৰক্তি
  • অনিয়মীয়া হৃদস্পন্দন
  • কম্পন
  • বুকু জ্বলা
  • মূৰ ঘূৰোৱা

কোনে গ্ৰীণ টী খাব নালাগে ?

গ্ৰীণ টী অত্যধিক গ্ৰহণ কৰিলে শৰীৰত বহু সমস্যাৰ সৃষ্টি হোৱা দেখা গৈছে ৷ আনহাতে, কিছুমান বিশেষ ৰোগত ভুগি থকা লোকে গ্ৰীণ টী কেতিয়াও সেৱন কৰিব নালাগে ৷ ইয়াৰ ভিতৰত-

পেটৰ সমস্যা

গ্ৰীণ টীত থকা টেনিনবোৰে পাকস্থলীৰ এচিড বৃদ্ধি কৰে যাৰ ফলত পেটৰ বিষ, বমি অনুভৱ, বা কোষ্ঠকাঠিন্য হ'ব পাৰে ৷ সেয়েহে খালী পেটত গ্ৰীণ টী গ্ৰহণ কৰা নহয় ৷ আহাৰৰ পিছত বা আহাৰৰ মাজত গ্ৰীণ টী সেৱন কৰাটো ভাল ৷ ‘পেপ্টিক আলচাৰ’ বা ‘এচিড ৰিফ্লাক্স’ থকা লোকসকলে অত্যধিক গ্ৰীণ টী গ্ৰহণ কৰিব নালাগে ৷ ১৯৮৪ চনত কৰা এক অধ্যয়ন মতে, চাহ হৈছে গেষ্ট্ৰিক এচিডৰ এক শক্তিশালী উদ্দীপক, যাক গাখীৰ আৰু চেনি যোগ দি হ্ৰাস কৰিব পাৰি ৷

আইৰণৰ অভাৱ

গ্ৰীণ টী সেৱন কৰিলে খাদ্যৰ পৰা লো শোষণ কৰিব পৰা শৰীৰৰ ক্ষমতা হ্ৰাস কৰে ৷ গ্ৰীণ টীত মাৰাত্মক কেফেইন থাকে ৷ ২০০১ চনৰ এক অধ্যয়নৰ তথ্য মতে গ্ৰীণ টীৰ নিষ্কাশনে ‘নন হেম আইৰণ’ৰ শোষণ ২৫ শতাংশ হ্ৰাস কৰে ৷ কণী, দুগ্ধজাত আৰু উদ্ভিদ খাদ্য যেনে বীন আদিত থকা ‘নন হেম আইৰণ’ হৈছে প্ৰাথমিক প্ৰকাৰৰ আইৰণ ৷ এই খাদ্যবোৰৰ সৈতে ‘গ্ৰীণ টী’ সেৱন কৰিলে আইৰণ শোষণ হ্ৰাস হ'ব পাৰে ৷ অৱশ্যে, ভিটামিন চিয়ে ‘নন হেম আইৰণ’ শোষণ বৃদ্ধি কৰে ৷ সেয়েহে আপুনি আপোনাৰ গ্ৰীন টীৰ কাপটোত অলপ নেমু চেপি সেৱন কৰিব পাৰে ৷

উচ্চ পৰিমাণৰ কেফেইন

সকলো চাহৰ দৰেই গ্ৰীণ টীতো কেফেইন থাকে ৷ অত্যধিক কেফেইন গ্ৰহণৰ ফলত উদ্বিগ্নতা, তথা হৃদযন্ত্ৰৰ অস্বাভাৱিক স্পন্দন হ’ব পাৰে ৷কিছুমান লোকৰ কেফেইনৰ প্ৰতি প্ৰাকৃতিকভাৱে কম সহনশীলতা থাকে আৰু কম পৰিমাণে গ্ৰহণ কৰোঁতেও তেওঁলোকৰ শৰীৰত এই লক্ষণবোৰে দেখা দিয়ে ৷ অতিমাত্ৰা কেফেইন গ্ৰহণ কৰাৰ ফলত হাড় দুৰ্বল হ’ব পাৰে ৷ কেফেইন সম্পৰ্কীয় সমস্যা প্ৰতিহত কৰাত সহায় কৰিবলৈ গ্ৰীণ টী প্ৰতিদিনে ৩ বা ৪ কাপ সেৱন কৰিব পাৰে ৷

ৰক্তক্ষৰণৰ বিকাৰ

গ্ৰীণ টীত থকা কেফেইনে ৰক্তক্ষৰণৰ আশংকা বৃদ্ধি কৰিব পাৰে ৷

হৃদযন্ত্ৰৰ স্থিতি

গ্ৰীণ টীত থকা কেফেইনৰ ফলত হৃদস্পন্দন অনিয়মীয়া হ'ব পাৰে ৷

ডায়েবেটিচ

গ্ৰীণ টীত থকা কেফেইনে ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণত প্ৰভাৱিত কৰিব পাৰে ৷ সেয়ে পৰাপক্ষত ডায়েবেটিছ থকা ৰোগীয়ে গ্ৰীণ টী সেৱন কৰিব নালাগে ৷

ডায়েৰিয়া আৰু আই.বি.এছ

গ্ৰীণ টীত থকা কেফেইন অত্যধিক মাত্ৰাত গ্ৰহণ কৰিলে ডায়েৰিয়া আৰু আই.বি.এছ.ৰ লক্ষণবোৰে দেখা দিব পাৰে ৷

গ্লুক’মা

গ্ৰীণ টী সেৱনৰ ফলত চকুৰ ভিতৰত চাপ বৃদ্ধি হয় ৷ এই চাপ ৩০ মিনিটৰ ভিতৰত হৈ কমেও ৯০ মিনিটৰ বাবে থাকে ৷

শিশুৰ বাবে অপকাৰী

গ্ৰীণ টীত থকা টেনিনে শিশুৰ ক্ষেত্ৰত প্ৰ'টিন আৰু চৰ্বিৰ দৰে পুষ্টি শোষণ অৱৰুদ্ধ কৰিব পাৰে ৷

সতৰ্কীকৰণ: প্ৰিয় পাঠক, আমাৰ প্ৰতিবেদন পঢ়াৰ বাবে ধন্যবাদ । এই খবৰটো কেৱল আপোনালোকক সজাগ কৰাৰ উদ্দেশ্যে লিখা হৈছে । আমি এই প্ৰতিবেদনত উল্লেখ কৰা তথ্য ঘৰুৱা উপায় আৰু সাধাৰণ তথ্যৰ সহায় লোৱা হৈছে। কিন্তু প্ৰিয় পাঠক, যদি আপুনি যিকোনো বাতৰিতে স্বাস্থ্যৰ সৈতে জড়িত কিবা পঢ়ে, তেন্তে এই পদ্ধতি গ্ৰহণ কৰাৰ আগতে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব ।

লগতে পঢ়ক: কেৱল খাদ্যৰ সোৱাদ বৃদ্ধি কৰাই নহয় স্বাস্থ্যৰ দিশতো সমানে উপকাৰী নেমু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.