ETV Bharat / health

মহিলাসকলে স্বাস্থ্যৰ সৈতে জড়িত এই লক্ষণসমূহক কেতিয়াও নকৰিব আওকাণ

author img

By ETV Bharat Assamese Team

Published : Mar 4, 2024, 2:51 PM IST

Health Symptoms Women Should Not Ignore: মহিলাৰ ক্ষেত্ৰত দেখা পোৱা এই সাধাৰণ লক্ষণসমূহ কোনো ডাঙৰ ৰোগৰ লক্ষণ হ’ব পাৰে । সেয়ে যদি আপোনাৰ শৰীৰতো এই লক্ষণসমূহে দেখা দিছে তেন্তে সময় থাকোতে হওক সাৱধান ৷

These Health Symptoms Women Should Not Ignore
মহিলাসকলে স্বাস্থ্যৰ সৈতে জড়িত এই লক্ষণসমূহক কেতিয়াও নকৰিব আওকাণ

মহিলাসকলে প্ৰায়ে নিজৰ কাৰ্যালয় আৰু ঘৰুৱা কাম-কাজত ইমানেই ব্যস্ত হৈ পৰে যে নিজৰ স্বাস্থ্যৰ প্ৰতি কমকৈ গুৰুত্ব দিয়ে ৷ যাৰ বাবে মহিলাসকলে প্ৰথম অৱস্থাত মৃদু লক্ষণবোৰক স্বাভাৱিক বুলি গণ্য কৰে আৰু সেইবোৰক আওকাণ কৰে ৷ ফলতএই লক্ষণসমূহে পিচলৈ এটা ডাঙৰ ৰোগৰ ৰূপ লয় ৷ আমাৰ শৰীৰত যদি কোনো ধৰণৰ সমস্যাই দেখা দিয়ে, তেন্তে তাৰ আগতেই কিছুমান লক্ষণ দেখা দিবলৈ আৰম্ভ কৰে ৷

এই লক্ষণসমূহ সময়মতে চিনাক্ত কৰি ডাঙৰ ডাঙৰ ৰোগৰ পৰা হাত সাৰিব পৰা যায় ৷ লগতে ৰোগৰ পৰা হাত সাৰিবলৈ মহিলাসকলে স্বাস্থ্যসন্মত খাদ্যৰ লগতে নিয়মীয়াকৈ খোজ কাঢ়িব লাগে, যাৰ ফলত ৰোগৰ সম্ভাৱনা কম হ’ব পাৰে ৷ বৰ্তমান সময়ত অত্যধিক মানসিক চাপে ৰোগৰ প্ৰধান কাৰণ হৈ পৰিছে ৷ এনে পৰিস্থিতিত মহিলাসকলে শৰীৰটো সুস্থ কৰি ৰাখিবলৈ মানসিক চাপ লোৱাৰ পৰা বিৰত থাকিব লাগে ৷ সেয়ে এই সন্দৰ্ভত সাৰদা ক্লিনিকৰ চিকিৎসক ডাঃ কে পি চৰ্দানাৰ পৰা জানো আহক স্বাস্থ্য সম্পৰ্কীয় সেই লক্ষণসমূহৰ বিষয়ে যিসমূহক মহিলাসকলে ভুলতেও আওকাণ কৰাটো উচিত নহয় ৷

  • স্তনৰ ৰং সলনি হোৱা বা ফুলা

ঋতুস্ৰাৱৰ আগতে বা গৰ্ভাৱস্থাৰ সময়ত স্তন ফুলাটো স্বাভাৱিক ৷ কিন্তু যদি আপোনাৰ স্তনত অস্বাভাৱিক বা তীব্ৰ প্ৰদাহ হয় বা আপুনি স্তনত ৰঙা বা বেঙুনীয়া ৰঙৰ দাগ লক্ষ্য কৰে তেন্তে এয়া স্তন কেন্সাৰৰ লক্ষণ হ’ব পাৰে ৷ যদি এনে লক্ষণ আপোনাৰ ক্ষেত্ৰতো দেখা দিছে তেন্তে তৎক্ষণাত চিকিৎসকৰ সৈতে যোগাযোগ কৰক ৷

  • উশাহ লোৱাত অসুবিধা হোৱা

চিৰি বগাই বা যিকোনো কষ্টকৰ কাম কৰাৰ পিচত অলপ উশাহ-নিশাহত সমস্যা হোৱাটো স্বাভাৱিক ৷ কিন্তু ইয়াৰ বাহিৰেও যদি দৈনন্দিন কাম-কাজ কৰি থকাৰ সময়তো উশাহ-নিশাহ লোৱাত অসুবিধা হয় বা উশাহ-নিশাহত অস্বস্তি লাগে, তেন্তে টিউমাৰ, তেজ জমা হোৱা বা নিউমোনিয়াৰ বাবেও এয়া হ’ব পাৰে ৷

  • পেট ফুলাৰ সমস্যা

বেছিকৈ খাদ্য খোৱাৰ পিছত বা ঋতুস্ৰাৱৰ সময়ত মহিলাৰ পেটত ফুলা হোৱাটো স্বাভাৱিক ৷ একে সময়তে যদি আপুনি বেছিভাগ সময়তে ফুলি উঠা অনুভৱ কৰে বা খাদ্য নোখোৱাকৈয়ে ভৰি থকা অনুভৱ কৰে, তেন্তে এইটো ডিম্বাশয়ৰ কৰ্কট ৰোগৰ প্ৰাৰম্ভিক লক্ষণ হ’ব পাৰে ৷ দীৰ্ঘদিন ধৰি পেটৰ তলৰ অংশৰ বিষ স্বাভাৱিকভাৱে পৰিহাৰ নকৰিব ৷

  • দ্ৰুত ওজন হ্ৰাস

ব্যায়াম বা কম খাদ্য খোৱাৰ বাবে ওজন কমি যোৱাটো স্বাভাৱিক ৷ কিন্তু যদি আপুনি স্বাভাৱিক জীৱনশৈলী অনুসৰণ কৰি আছে আৰু তথাপিও হঠাতে ওজন কমিছে, তেন্তে ই ডায়েবেটিছ, হৃদৰোগ আৰু থাইৰয়ড আদি বহু ৰোগৰ লক্ষণ হ’ব পাৰে ৷

  • যোনিৰ পৰা ৰক্তক্ষৰণ

পিৰিয়ডৰ সময়ত ২ৰ পৰা ৫ দিনলৈকে তেজ ওলোৱাটো স্বাভাৱিক ৷ কিন্তু ইয়াৰ বাহিৰেও তেজ ওলোৱা বা দাগ পৰা স্বাভাৱিক লক্ষণ নহয় ৷ অস্বাভাৱিক ৰক্তক্ষৰণৰ বহু কাৰণ হ’ব পাৰে যেনে এণ্ডোমেট্ৰিয়াছ, জৰায়ুৰ ফাইব্ৰইড বা কেন্সাৰ ৷ যৌন সম্পৰ্ক আৰু ৰজোনিবৃত্তিৰ পিছত ৰক্তক্ষৰণো স্বাভাৱিক নহয় ৷

  • পেটৰ স্থায়ী সমস্যা

পেট বেয়া হোৱাটো বহু মহিলাৰ সাধাৰণ লক্ষণ হ’ব পাৰে ৷ কিন্তু দীৰ্ঘদিনীয়া সমস্যা যেনে পেটৰ বিষ, ক্ৰেম্প, কোষ্ঠকাঠিন্য আৰু ডায়েৰিয়া নিয়মিত হ’লে অন্ত্ৰৰ ৰোগৰ লক্ষণ হ’ব পাৰে ৷ এনে লক্ষণ দেখা দিলে চিকিৎসকৰ পৰামৰ্শ লব ৷

  • ক’লা বা তেজ ওলোৱা মল

মলৰ ৰঙে স্বাস্থ্যৰ অৱস্থাৰ ইংগিত দিয়ে ৷ কেতিয়াবা খাদ্যৰ আকস্মিক পৰিৱৰ্তন আৰু আইৰণৰ ঔষধ খোৱাৰ ফলত মলৰ ৰং সলনি হয় ৷ কিন্তু কোনো কাৰণ নোহোৱাকৈ মলৰ পৰা তেজ ওলোৱা বা ক’লা হোৱাটো আলচাৰ, কেন্সাৰ আৰু অন্ত্ৰৰ সমস্যাৰ দৰে বহু ৰোগৰ লক্ষণ হ’ব পাৰে ৷ মহিলাসকলে এই স্বাস্থ্য সম্পৰ্কীয় লক্ষণসমূহ একেবাৰেই আওকাণ কৰা উচিত নহয় ৷ কিন্তু তেনে লক্ষণ দেখা গ’লে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে ৷

লগতে পঢ়ক: বাতবিষৰ সমস্যাৰ পৰা সকাহ পাবলৈ আজিয়েই খাবলৈ আৰম্ভ কৰক এই খাদ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.