ETV Bharat / health

মা লক্ষ্মীৰ আৰ্শীৰ্বাদ লাভ কৰিবলৈ শুকুৰবাৰৰ দিনটোত কৰক এই কাম

author img

By ETV Bharat Assamese Team

Published : Mar 10, 2024, 5:27 PM IST

Offer these 5 flowers to Goddess Lakshmi on Friday
মা লক্ষ্মীৰ আৰ্শীৰ্বাদ লাভ কৰিবলৈ শুকুৰবাৰৰ দিনটোত কৰক এই কাম

বিশ্বাস কৰা অনুসৰি মা লক্ষ্মীক উপাসনা কৰোঁতে সদায় তেওঁৰ পছন্দৰ ফুল আগবঢ়াব লাগে ৷ মা লক্ষ্মীৰ পছন্দৰ কি ফুল আগবঢ়াই আপুনি মা লক্ষ্মীক সন্তুষ্ট কৰিব পাৰে আজি এই প্ৰতিবেদনৰ জৰিয়তে জানো আহক-

মা লক্ষ্মীক ধনৰ দেৱী বুলি গণ্য কৰা হয় ৷ বিশ্বাস কৰা মতে, শুকুৰবাৰৰ দিনটোত লক্ষ্মীক উপাসনা কৰিলে তেওঁ খুব সোনকালে সন্তুষ্ট আৰু প্ৰসন্ন হয় ৷ মা লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰা সকলৰ ঘৰত কোনোদিনেই ধনৰ অভাৱ নহয় বুলি কোৱা হয় ৷ অৱশ্যে, মা লক্ষ্মীক উপাসনা কৰোঁতে সদায় তেওঁৰ পছন্দৰ ফুল আগবঢ়াব লাগে ৷ মা লক্ষ্মীৰ পছন্দৰ কি ফুল আগবঢ়াই আপুনি মা লক্ষ্মীক সন্তুষ্ট কৰিব পাৰে আজি এই প্ৰতিবেদনৰ জৰিয়তে জানো আহক-

ৰঙা জবা

জবা ফুলক দেৱী লক্ষ্মীৰ আটাইতকৈ প্ৰিয় ফুল বুলি গণ্য কৰা হয় ৷ ঘৰৰ সুখ-শান্তি আৰু সম্পদ বৃদ্ধিৰ বাবে আপুনি শুকুৰবাৰে মা লক্ষ্মীক ৰঙা জবা ফুল আগবঢ়াই উপাসনা কৰিব ৷

বগা কৰবী

শুকুৰবাৰে দেৱী লক্ষ্মীক বগা কৰবী ফুলো আগবঢ়াব পাৰে ৷ এনে কৰাৰ ফলত ঘৰত সুখ আৰু শান্তি বৰ্তি থকাৰ লগতে চাপৰ পৰাও মুক্ত কৰি ৰাখে ৷তদুপৰি, বগা কৰবী গছ ঘৰত ৰোপন কৰিলে ঘৰৰ আৰ্থিক অৱস্থা অতি শক্তিশালী হৈ থাকে ৷

ৰঙা গোলাপ

ৰঙা ৰং দেৱী লক্ষ্মীৰ অতি প্ৰিয় ৷ একে সময়তে, ৰঙা গোলাপ তেওঁক আগবঢ়োৱাটোও অতি শুভ ৷ ই শুক্ৰক শক্তিশালী কৰে আৰু শাৰীৰিক সুখ আনে ৷

নাৰ্জী

শুকুৰবাৰে আপুনি দেৱী লক্ষ্মীক নাৰ্জী ফুল আগবঢ়াব পাৰে ৷ এনে কৰাৰ ফলত আপুনি মা লক্ষ্মীৰ সম্পূৰ্ণ আশীৰ্বাদ লাভ কৰিব পাৰে ৷

পদুম

পদুম ফুল মা লক্ষ্মীৰ অতি প্ৰিয় ফুল বুলি গণ্য কৰা হয় ৷ সেয়েহে শুকুৰবাৰে মা লক্ষ্মীক পদুম ফুল আগবঢ়াই আপুনি শান্তি-সমৃদ্ধি লাভ কৰিব পাৰে ৷এনে কৰাৰ ফলত পৰিয়ালৰ সকলো দুখ-দুৰ্দশা আঁতৰ হয় ৷

লগতে পঢ়ক: আপোনাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী এই ৩ বিধ শাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.