ETV Bharat / health

'মুখলগা' বা 'নজৰ' ভাঙিবলৈ কি কৰিব ?

author img

By ETV Bharat Assamese Team

Published : Feb 16, 2024, 6:07 PM IST

Numerologist Advice: আপোনাৰ সোনকালে মুখ বা নজৰ লাগে নেকি ? কিবা শুভ কাম হাতত ললে সহজতে হৈ নুঠে নেকি ? তেন্তে ঘৰুৱা ভাৱে কৰক এই উপায় ৷ এই সম্পৰ্কে জনালে সংখ্যাত্ববিদ তথা বাস্তুশাস্ত্ৰবিদ অৰ্চনা বৰ্মনে ৷

Numerologist advice
'মুখলগা' বা 'নজৰ' ভাঙিবলৈ কি কৰিব ?

সংখ্যাত্ববিদ তথা বাস্তুশাস্ত্ৰবিদ অৰ্চনা বৰ্মন

গুৱাহাটী, 16 ফেব্ৰুৱাৰী: আপোনাৰ সোনকালে মুখ বা নজৰ লাগে নেকি ? কিবা শুভ কাম হাতত ল'লে সহজতে হৈ নপৰে নেকি ? তেন্তে ঘৰুৱা ভাৱে কৰক এই উপায় ৷ এই সম্পৰ্কে জনালে সংখ্যাত্ববিদ তথা বাস্তুশাস্ত্ৰবিদ অৰ্চনা বৰ্মনে ৷

বহুসময়ত দেখা যায় যে কিবা শুভ কামত ওলায় গলে বা কিবা শুভ কাম হাতত ললে সহজতে হৈ নপৰে ৷ তেনে ক্ষেত্ৰত বহুসময়ত কোৱা হয় নে নজৰ বা মুখ লগাৰ বাবে এই কাম সমূহ সহজে হোৱা নাই বা কিবা বাধা আহিছে ৷ বহু সময়ত নজৰ বা মুখ লগাৰ বাবে সঘনাই বেমাৰত পৰা বুলিও কোৱা হয় ৷ এনে ধৰণৰ যদি সমস্যা সমূহৰ সঘনাই স্বীকাৰ হৈ আছে বা কিবা যদি নিগেটিভ এনাৰ্জিৰ অনুভৱ হৈ আছে তেন্তে এই পদ্ধতিৰে কৰক প্ৰতিকাৰ ৷

কেনেদৰে ঘৰুৱাভাৱে প্ৰতিকাৰ কৰিব ?

মুখ লগা বা নজৰ ভাঙিবলৈ ঘৰুৱাভাৱে প্ৰতিকাৰ কৰিবলৈ আপোনাক লাগিব এটুকুৰা ফিটকিৰি ৷ শনিবাৰে বজাৰৰ পৰা এটুকুৰা ফিটকিৰি কিনি আনি মূৰৰ ওপৰেদি ৭ বাৰ এন্টি ক্লক ৱাইজ ঘূৰাব ৷ যেতিয়া আপোনাৰ মূৰৰ ওপৰেদি ফিটকিৰি টুকুৰা ঘূৰাব তেতিয়া মনৰ ভিতৰতে কৈ যাব যে সেই ফিটকিৰি টুকুৰাত যিমান নিগেটিভ এনাৰ্জী আছে সেইবোৰ যাতে ফিটকিৰি টুকুৰাত আহি যায় ৷

তাৰ পাছত সেই ফিটকিৰি টুকুৰা আপোনাৰ ঘৰৰ পৰা ওলাই প্ৰথমে পোৱা চাৰিআলি এটাত থৈ আহিব ৷ আৰু যেতিয়া থৈ আহিব তেতিয়া এটা কথা মনত ৰাখিব যে ফিটকিৰি টুকুৰা থৈ ঘৰলৈ উভতি আহোঁতে পিছফালে ঘূৰি নাচাব আৰু কাৰো লগত কথা পাতি নাহিব ৷

এই সৰু উপায়টো কৰাৰ ফলত আপোনাৰ নজৰ লগা বা মুখ লগা সমস্যাৰ পৰা উপশম পোৱাত বহু পৰিমাণে সহায় পাব ৷

লগতে পঢ়ক: আপোনাৰ সন্তানৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই খাদ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.